অতিথি সম্পাদক
স্নেহাংকৰ চক্ৰৱৰ্তী
অতিথি সম্পাদক
জুন ২০২৬
সম্পাদকীয় : অৱক্ষয়ৰ সময়ত আদৰ্শই হওক কম্পাচ
সময় সলনি হৈছে। সমাজ সলনি হৈছে। মানুহৰ চাহিদা, জীৱন-যাপন আৰু চিন্তাৰ ধৰণো সলনি হৈছে। কিন্তু এই নেতিবাচক পৰিৱৰ্তনৰ মাজত এটা অস্বস্তিকৰ সত্য অধিক স্পষ্ট হৈ উঠিছে—আমি আগবাঢ়িছোঁ ঠিকেই, কিন্তু কিমানদূৰ মানৱীয় হৈ আগবাঢ়িছোঁ, সেই প্ৰশ্নটোৰ উত্তৰ একেবাৰেই ধূসৰ হৈ পৰিছে। আজিৰ সময়ত সফলতা আহৰণৰ বাবে সকলোৰে উৰ্ধত থকা একমাত্ৰ কথাই হ’ল ব্যক্তিগত লাভা-লাভ। সঁচা- মিছাৰ বিচাৰ গৌণ, যেন তেন প্ৰকাৰেণ মূল লক্ষ্যই হ’ল সুবিধা আদায় কৰা। দায়িত্বক লৈ অধিকাংশৰেই মাথাব্যথা নাই৷ যি কথাই লাভজনক, সেয়াই যেন ন্যায়। মূল্যবোধৰ ঠাইত বজৰুৱা যুক্তি, আদৰ্শৰ ঠাইত সুবিধাবাদ আৰু বিৱেকৰ ঠাই ব্যক্তিগত স্বাৰ্থই দখল কৰিছে। ই মাথোঁ ৰাজনীতিৰেই সংকট নহয়। বৰ্তমান এয়াই সামগ্ৰিক সামাজিক সংকট। ৰাজহুৱা জীৱনৰ পৰা ব্যক্তিগত জীৱনলৈ—আপোচকামিতাই আমাৰ ভিতৰখনো তেনেই জুৰুলা কৰিছে। অন্যায় দেখিও নিৰৱে থকাৰ অভ্যাস, ভুল জানিও স্বাৰ্থ আদায়ৰ খাতিৰত ভুলকে সমৰ্থন কৰাৰ মানসিকতা আৰু নিজৰ সুবিধাৰ বাবে নীতি সলনি কৰাৰ প্ৰৱণতা—এইবোৰেই অৱক্ষয়ৰ লক্ষণ৷ আৰু ইয়াতেই প্ৰাসংগিক হৈ পৰে সামাজিক দায়বদ্ধতাৰ প্ৰশ্নটো। আমি সমাজৰ পৰা নিজৰ অধিকাৰ বিচাৰোঁ, কিন্তু একেসময়তে প্ৰতিদান হিচাপে সমাজৰ প্ৰতি থাকিবলগীয়া আমাৰ দায়িত্বৰ কথাও ভাবোঁ জানো? নাগৰিক হিচাপে নিজৰ অধিকাৰ সাব্যস্ত কৰাটো যিমান জৰুৰী, সিমানেই জৰুৰী সমাজৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰা। দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ কোনোবা আগবাঢ়ি আহিব বুলি আশা কৰি থাকিলেই নহ’ব; অন্যায়ৰ বিৰুদ্ধে নিজে প্ৰতিবাদৰ অংশীদাৰ হৈ সৰৱ হোৱাতহে প্ৰকাশ পায় আমাৰ সামাজিক দায়বদ্ধতা। পৰিৱেশ ৰক্ষা, দুৰ্বল আৰু বঞ্চিতৰ কাষত থিয় হোৱা, বৈষম্যৰ বিৰুদ্ধে মাত মতা, ৰাজহুৱা সম্পদক সুৰক্ষিত কৰা, সঁচা তথ্যৰ প্ৰতি দায়বদ্ধ হোৱা—এই সৰু সৰু দায়িত্ববোৰ পালন কৰাৰ অভ্যাসেই এখন সুস্থ সমাজৰ ভেঁটি নিৰ্মাণ কৰে। সামাজিক দায়বদ্ধতা মানে কেৱল দান-বৰঙণি বা কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাতেই সীমাৱদ্ধ এটা কাৰবাৰ নহয়। ই হৈছে ‘মোৰ’ সুবিধাৰ ঠাইত ‘আমাৰ’ সমাজখনৰ কথা চিন্তা কৰাৰ মানসিকতা। নিজৰ কামৰ প্ৰভাৱ আন মানুহৰ জীৱনত কিদৰে পৰিব পাৰে, সেই কথা ভাবি সিদ্ধান্ত লোৱাটোৱেই সামাজিক দায়বদ্ধতাৰ পৰিচায়ক। কিন্তু ধনতন্ত্ৰৰ নিচাই মাতাল কৰা অসময়ত দায়বদ্ধতাৰ অৱস্থা হৈছেহি আটাইতকৈ বেছি পয়াঁলগা। যি সময়ত অধিকাংশ মানুহৰেই ব্যক্তিগত স্বাৰ্থই সকলো সিদ্ধান্তৰ কেন্দ্ৰ হৈ পৰে, তেনে বৰ্তমানত সমাজৰ প্ৰতি আমাৰ থাকিবলগীয়া দায়িত্ববোধৰ ধাৰণাও যেন ক্ষীণ হৈ আহিছে। এই সামগ্ৰিক চৰম দূৰ্যোগৰ সময়ত সামাজিক দায়বদ্ধতাক পুণঃ প্ৰতিষ্ঠা কৰিবলৈ হ’লে প্ৰথমে আমাৰ ব্যক্তিগত আৰু সামূহিক মূল্যবোধৰ ভেটিটো শক্তিশালী কৰিবই লাগিব। কিয়নো মূল্যবোধৰ ধাৰণাটো মৃত ধাৰণা নহয়, ইয়াক প্ৰকৃততে নিজ সুবিধামতে মুখা পিন্ধা বা খোলাৰ দৰে সুবিধা অনুযায়ী পিন্ধিব বা খুলি থ’ব নোৱাৰি। মূল্যবোধ হৈছে মানুহৰ ভিতৰৰ সেই নৈতিক মেৰুদণ্ড, যি কঠিন সময়তো সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য নিৰুপণ কৰিবলৈ দিশ নিৰ্দেশ কৰি থাকে। একেদৰে আদৰ্শও অনুৰূপ ধাৰণা। আদৰ্শ মানে মাথোন সভা-সমিতিত দিয়া বক্তৃতা নহয়, দেৱালত লিখা শ্লোগানো নহয়। আপোচে আমাক লাভ ঘটাৰ সুবিধা কৰি দিলেও আমি যেতিয়া আপোচ নকৰাৰ সিদ্ধান্তত অটল হৈ থাকিবলৈ দৃঢ়তা আহৰণ কৰিব পৰাতহে আদৰ্শৰ প্ৰকৃত অৰ্থ প্ৰকাশ পায়, সংখ্যাগৰিষ্ঠতাৰ বিপৰীতে থিয় হৈও সত্যৰ পক্ষ ল’ব পৰাতহে উজ্জ্বল হৈ উঠে আদৰ্শ। যেতিয়া ব্যক্তিগত ক্ষতি স্বীকাৰ কৰিও অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰোঁ। আৰু যেতিয়া নিজৰ স্বাৰ্থৰ সীমা অতিক্ৰম কৰিও সমাজৰ বৃহত্তৰ স্বাৰ্থৰ কথা চিন্তা কৰিব পৰা হওঁ— আদৰ্শ কি তেতিয়াহে আমাৰ কৰ্মৰ মাজেৰে ভাস্বৰ হৈ উঠে৷ আজিৰ প্ৰজন্মৰ সন্মুখত সেয়েহে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল যে —‘আমি কিমান আগবাঢ়িম’তকৈ —‘আমি কোন দিশে আগবাঢ়িম, লগতে আমাৰ অগ্ৰগতিত সমাজখননো কিমান আগবাঢ়িব?’ কাৰণ গতি আৰু দিশ একে নহয়। ভুল দিশত অতি দ্ৰুত গতিৰে আগবাঢ়িলেও কেতিয়াও গন্তব্যলৈ উপনীত হ’ব নোৱাৰি। বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ সময়ৰ মানুহ হোৱা কাৰণে আমি বিচাৰিলেই বিশ্বৰ সকলো তথ্য বৰ্তমান আমাৰ হাতৰ মুঠিত। বৰ্তমান যোগাযোগৰ গতি অভূতপূৰ্ব। জীৱনযাত্ৰাৰ বহু সুবিধা বৃদ্ধি পাইছে। তথাপি যদি অসহায় মানুহৰ সংখ্যা প্ৰতিনিয়ত অভাৱনীয় হাৰত বাঢ়িয়েই থকাৰ লগে লগে তেনে মানুহৰ প্ৰতি আমাৰ সংবেদনশীলতা কমি কমি গৈ থাকে, অন্যায়ৰ বিৰুদ্ধে আমাৰ কণ্ঠ স্তব্ধ হয় আৰু সত্যৰ সলনি আমি সুবিধাকহে অগ্ৰাধিকাৰ দিওঁ—তেন্তে সেই উন্নয়নক সম্পূৰ্ণ বা সামগ্ৰিক উন্নয়ন বুলি ক’ব পাৰিনে? সভাই সমিতিয়ে আমি যেতিয়াই তেতিয়াই নতুন দিনৰ কথা কওঁ। কিন্তু নতুন দিন মানে কেলেণ্ডাৰৰ পৃষ্ঠা সলনিয়েইতো নহয়। নতুন দিন মানে নতুন চিন্তা, নতুন দায়িত্ব আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিজ্ঞাৰ প্ৰকাশ। নতুন দিন মানে এনে এখন সমাজ, য’ত ব্যক্তিৰ সাফল্যৰ সমান্তৰালভাৱে সমাজৰ প্ৰতি দায়বদ্ধতাকো সাফল্যৰ মাপকাঠি হিচাপে গণ্য কৰা হয় আৰু নতুন দিন আনিবলৈ সঠিক ৰাজনীতিৰ প্ৰয়োজন কিয় আটাইতকৈ বেছি জৰুৰী সেয়া এইখিনিতেই প্ৰৱলভাৱে পৰিস্ফুট হৈ পৰে৷ বৃহৎ জনসমষ্টিৰ কল্যাণৰ যুক্তিনিষ্ঠ সৎ, বৈজ্ঞানিক দৃষ্টিভংগীসম্পন্ন উন্নয়ণশীল, ভৱিষ্যতমুখী ৰাজনীতিয়েই জানো মানুহে মানুহৰ বাবে কৰা সঠিক ৰাজনীতি নহয়? অৱক্ষয়ৰ সোঁতত উটি যোৱাৰ সলনি আমি সিদ্ধান্ত ল’ব পাৰাব লাগিব—আমি সময়ৰ দাস হ’ম নে সময়ক সলনি কৰিবলৈ সংগ্ৰাম কৰিম? মূল্যবোধৰ সংকটৰ সময়ত মূল্যবোধ বিচাৰি বহি থাকিম নে নিজেই মূল্যবোধৰ পক্ষত থিয় হ’ম! এনে অসময়ত আমি নিজ দায়িত্ব সম্পৰ্কে সজাগ হৈ ইযাক পালন কৰাৰ লগতে সমাজৰ প্ৰতিও দায়বদ্ধ হ’ব লাগিব। আদৰ্শৰ সন্ধানত হাবাথুৰি নাখাই; সামুহিক অৰ্থত মানুহৰ পক্ষৰ শ্ৰেষ্ঠ সামাজিক আদৰ্শকেই পথৰ দিশনিৰ্দেশক কৰিব লাগিব। সেই পথ নিমজ নহ’ব। হয়তো সেই পথত তাৎক্ষণিক সফলতা নাথাকিবই পাৰে। মনত ৰখা ভাল, সমাজ সলনি কৰিব পৰা বৃহৎ পৰিৱৰ্তন মাথোঁ ব্যক্তিগত স্বাৰ্থক নিৰ্ভৰ কৰি কোনোকালেই সম্ভৱ হোৱা নাই। আজিৰ এই অৱক্ষয় সৰ্বস্ব অসময়ত আমাৰ হাতত এটা শক্তিশালী কম্পাচৰ প্ৰয়োজন নাইনে? —সত্য, ন্যায়, যুক্তি, মানৱীয়তা, সামাজিক দায়বদ্ধতা আৰু আদৰ্শৰ দ্বাৰা আমি প্ৰেৰিত হোৱাৰ বিকল্প জানো কিবা আছে? আদৰ্শৰ যুঁজৰ আমাৰ প্ৰিয় অটল বন্ধু, এই তমসাচ্ছন্নতা আঁতৰাই নতুন দিন আহিবই। সেই নতুন দিননো কেনেকুৱা হ’ব—সি নিৰ্ভৰ কৰিব আজি আমি কোন দিশে আৰু সমাজৰ প্ৰতি কিমান দায়বদ্ধতাৰে খোজ দিছোঁ, তাৰ ভিত্তিত।
