আমেৰিকাৰ লোকসংগীতৰ নৱজাগৰণ আৰু হেডি ৱেষ্টৰ সক্ৰিয় সাংস্কৃতিক ভূমিকা | শ্বব্নম শ্ববু

১৯৪০-ৰ দশকৰ অন্তিমভাগৰ পৰা ১৯৬০-ৰ দশকলৈকে আমেৰিকাত লোক সংগীতৰ নৱজাগৰণ (American Folk Music Revival) নামেৰে পৰিচিত এক শক্তিশালী সাংস্কৃতিক আন্দোলনৰ উত্থান ঘটে। এই আন্দোলনৰ উদ্দেশ্য কেৱল লোকসংগীত সংৰক্ষণ বা পুনৰপৰিৱেশন কৰা নাছিল; ইয়াৰ লক্ষ্য আছিল লোকসংগীতৰ জৰিয়তে সমাজৰ প্ৰান্তিক, শ্ৰমজীৱী আৰু নিপীড়িত জনগোষ্ঠীৰ ইতিহাস, অভিজ্ঞতা আৰু সংগ্ৰামক পুনৰ জনসমাজৰ আলোচনাৰ কেন্দ্ৰলৈ ওভতাই অনা। বাণিজ্যিক সংগীতৰ এক বিকল্প সাংস্কৃতিক ধাৰা হিচাপে Folk Music Revivalএ লোকসংগীতক সামাজিক ন্যায়, গণতান্ত্ৰিক মূল্যবোধ, শ্ৰমিক অধিকাৰ, বৰ্ণবৈষম্যবিৰোধী আন্দোলন, যুদ্ধবিৰোধী ৰাজনীতি আৰু নাগৰিক অধিকাৰৰ সৈতে সংযুক্ত কৰে। ফলত এই সময়ছোৱাত বহু লোকশিল্পীয়ে সংগীতক কেৱল নান্দনিক শিল্পৰূপ হিচাপে নহয়, সামাজিক পৰিৱৰ্তনৰ এক সাংস্কৃতিক শক্তি হিচাপে ব্যৱহাৰ কৰে।
এই আন্দোলনৰ অন্যতম উল্লেখযোগ্য কণ্ঠ আছিল হেডি ৱেষ্ট (Hedy West)। তেওঁ কেৱল এগৰাকী লোকগায়িকা নাছিল; লোকসংগীত সংগ্ৰাহক, গৱেষক, বেঞ্জোবাদক আৰু সামাজিক ইতিহাসৰ ব্যাখ্যাকৰ্তা হিচাপেও তেওঁৰ বিশেষ পৰিচয় গঢ়ি উঠিছিল। ৱেষ্ট আছিল জ’ন বায়েজ, জুডি কলিন্স আৰু আমেৰিকাৰ লোকসংগীত নৱজাগৰণ আন্দোলনৰ আন বহু শিল্পীৰ সমসাময়িক। তেওঁৰ আটাইতকৈ বিখ্যাত গীত “500 Miles” আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় আৰু সুপৰিচিত লোকগীতসমূহৰ অন্যতম। ইংৰাজ লোকসংগীত শিল্পী এ. এল. লয়েডে তেওঁক “আমেৰিকাৰ লোকসংগীত নৱজাগৰণ আন্দোলনৰ মহিলা গায়িকাসকলৰ ভিতৰত নিঃসন্দেহে সর্বশ্রেষ্ঠ” বুলি বৰ্ণনা কৰিছিল।
Appalachia অঞ্চলৰ শ্ৰমজীৱী পৰিয়াল আৰু সমৃদ্ধ এক লোকঐতিহ্যৰ মাজত ডাঙৰ-দীঘল হোৱা ৱেষ্টে অতি কম বয়সতেই উপলব্ধি কৰিছিল যে লোকগীতসমূহত সাধাৰণ মানুহৰ জীৱনৰ এক বিকল্প ইতিহাস সংৰক্ষিত হৈ থাকে— ই এনে এক ইতিহাস, যি বহু সময়ত চৰকাৰী নথি বা মূলধাৰাৰ ইতিহাসচৰ্চাত স্থান নাপায়।
ৱেষ্টৰ সামাজিক চেতনাৰ ভেটি গঢ় লৈছিল তেওঁৰ পাৰিবাৰিক আৰু আঞ্চলিক বা চৌপাশৰ অভিজ্ঞতাৰ মাজেদি। তেওঁৰ পৰিয়াল শ্ৰমিক আন্দোলন, প্ৰগতিশীল ৰাজনীতি আৰু সামাজিক ন্যায়ৰ আদৰ্শৰ সৈতে গভীৰভাৱে সম্পৃক্ত আছিল। এই পটভূমিয়ে তেওঁক লোকসংগীতক কেৱল সাংস্কৃতিক ঐতিহ্য হিচাপে নহয়, সামাজিক বৈষম্য, শ্ৰেণীশোষণ, নাৰী শ্ৰম আৰু প্ৰান্তিক জীৱনৰ বাস্তৱতাক দৃশ্যমান কৰাৰ এক সাংস্কৃতিক মাধ্যম হিচাপে চাবলৈ প্ৰেৰণা যোগাইছিল। এই কাৰণেই তেওঁক Folk Music Revivalৰ এজন গুৰুত্বপূৰ্ণ activist singer বুলি অভিহিত কৰা হয়। যদিও তেওঁৰ গীতসমূহত প্ৰত্যক্ষ ৰাজনৈতিক স্লোগান বা আন্দোলনমুখী ভাষা তুলনামূলকভাৱে কম, তথাপিও শোষিত মানুহৰ জীৱনৰ সংযত অথচ গভীৰ সহানুভূতিশীল চিত্ৰণে সামাজিক অন্যায়ৰ শক্তিশালী সমালোচনা আগবঢ়ায়।
হেডি ৱেষ্টে Appalachian লোকঐতিহ্যৰ বহু গীত নতুন প্ৰজন্মৰ শ্ৰোতাৰ আগত পুনৰ উপস্থাপন কৰে। তেওঁৰ সুপৰিচিত গীত “Cotton Mill Girls” এই ধাৰাৰ এক উৎকৃষ্ট নিদৰ্শন। গীতটোৱে একাধাৰে Appalachian ballad tradition-ৰ মৌখিক ইতিহাস সংৰক্ষণ কৰাৰ লগতে American Folk Music Revival-ৰ সামাজিক চেতনাকো গভীৰভাৱে প্ৰতিফলিত কৰে। ইয়াত শ্ৰমিক নাৰীৰ দৈনন্দিন জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ বৈষম্য, শ্ৰমশোষণ আৰু লিংগভিত্তিক অসমতাক সূক্ষ্ম অথচ শক্তিশালীভাৱে উন্মোচন কৰা হৈছে। ফলত “Cotton Mill Girls” Folk Music Revival-ৰ মানৱতাবাদী আৰু সামাজিক দৃষ্টিভংগীৰ এক জীৱন্ত সাংস্কৃতিক দলিলত পৰিণত হৈছে।
হেডি ৱেষ্টৰ সংগীত-দৰ্শনৰ কেন্দ্ৰবিন্দুত আছিল এই বিশ্বাস যে লোকসংগীত হৈছে শ্ৰমজীৱী সমাজৰ স্মৃতি, ইতিহাস আৰু সাংস্কৃতিক পৰিচয়ৰ এক জীৱন্ত ভঁৰাল। তেওঁৰ মতে, লোকগীত কেৱল অতীতৰ স্মৃতিচিহ্ন নহয়; বৰং সমাজ ব্যৱস্থা আৰু সামাজিক বৈষম্যৰ ইতিহাস বুজি পোৱাৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক উৎস।
“Cotton Mill Girls” গীতটোতো কোনো বিপ্লৱী স্লোগান নাই; কিন্তু শ্ৰমিক নাৰীৰ ক্লান্তি, দৰিদ্ৰতা, অনিশ্চয়তা আৰু শোষণৰ সংযত অথচ বাস্তৱধৰ্মী চিত্ৰায়নে পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ অন্তৰ্নিহিত বৈষম্যক উন্মোচন কৰিছে।
হেডি ৱেষ্টৰ বেঞ্জোবাদন আৰু কণ্ঠশৈলী:
“Cotton Mill Girls” শুনিলে প্ৰথমেই দৃষ্টি আকৰ্ষণ কৰে Hedy West-ৰ সংযমী কিন্তু গভীৰ আবেগময় কণ্ঠ আৰু Appalachian লোকঐতিহ্যভিত্তিক বেঞ্জোবাদনে। গীতটোৰ সংগীতায়োজন সচেতনভাৱে সৰল; ইয়াত জটিল বাদ্যযন্ত্ৰ বা বাণিজ্যিক অলংকৰণৰ পৰিৱৰ্তে কণ্ঠ আৰু বেঞ্জোৱেই মূল অভিব্যক্তিৰ বাহক। এই সৰলতাই গীতটোৰ সামাজিক সত্য আৰু গীতটোৰ আৱেগক তীব্ৰ কৰি তোলে। ৱেষ্টৰ গায়নভংগীত নাটকীয়তা বা অতিনাটকীয় আবেগৰ প্ৰদৰ্শন নাই। তেওঁৰ কণ্ঠ সংযত, স্বচ্ছ আৰু আখ্যানধৰ্মী। তেওঁ যেন কল্পিত কাহিনী নকয়; বৰং কপাহ কলত কৰ্মৰত নাৰীসকলৰ জীৱনৰ সাক্ষ্য বহন কৰে। এই আখ্যানধৰ্মী উপস্থাপনে Appalachian ballad tradition-ৰ মৌখিক ইতিহাসৰ বৰ্ণনাৰ ধাৰাক অক্ষুণ্ণ ৰাখে। তেওঁৰ বেঞ্জোবাদনো একেই সংযত। Appalachian clawhammer শৈলীৰ প্ৰভাৱ থকা পুনৰাবৃত্ত তাল আৰু ছন্দে গীতটোক ধীৰ অথচ অবিচল গতিত আগুৱাই নিয়ে। বেঞ্জোৰ এই ছন্দই কপাহ কলৰ যন্ত্ৰপাতিৰ অবিৰাম গতি, শ্ৰমিকৰ একঘেয়েমীয়া শ্ৰম আৰু দৈনন্দিন জীৱনৰ ক্লান্তিক যেন সংগীতৰ ভাষাত ৰূপায়িত কৰে। গীতটোত তেওঁৰ বেঞ্জোবাদনে কেতিয়াও কণ্ঠক আচ্ছন্ন নকৰে; বৰং গীতৰ কথাসমূহ অধিক স্পষ্টভাৱে শ্ৰোতাৰ ওচৰলৈ লৈ যায়। কণ্ঠ আৰু বেঞ্জোৰ মাজত গঢ়ি উঠা এই আন্তৰিক সংলাপে গীতটোক কেৱল সংগীত পৰিৱেশন হিচাপে সীমাবদ্ধ নাৰাখি Appalachian শ্ৰমজীৱী সমাজৰ এক জীৱন্ত মৌখিক ইতিহাসলৈ ৰূপান্তৰিত কৰে। এই দৃষ্টিকোণৰ পৰা হেডি ৱেষ্টৰ কণ্ঠশৈলী আৰু বেঞ্জোবাদন কেৱল নান্দনিক উপাদান নহয়; ই গীতটোৰ সামাজিক, ঐতিহাসিক আৰু ৰাজনৈতিক অৰ্থ প্ৰকাশৰ এক অবিচ্ছেদ্য মাধ্যম।
“Cotton Mill Girls” পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ অন্তৰ্নিহিত শ্ৰেণীসম্পৰ্ক আৰু ঔদ্যোগিক সমাজত নাৰী শ্ৰমৰ ইতিহাস উন্মোচন কৰা এক তাৎপৰ্যপূৰ্ণ লোকগীত। কপাহ কলত কৰ্মৰত নাৰীসকলেই উৎপাদনৰ মূল শক্তি যদিও উৎপাদিত সম্পদ আৰু মুনাফাৰ অধিকাংশ মালিকশ্ৰেণীৰ হাতত কেন্দ্ৰীভূত হয়। গীতটোত শ্ৰমিক নাৰীৰ দৰিদ্ৰতা, ক্লান্তি আৰু অনিশ্চয়তাৰ পুনৰাবৃত্ত চিত্ৰণে উৎপাদনশীল শ্ৰম আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া অসমতাৰ মৌলিক দ্বন্দ্বক উন্মোচন কৰে। তাৰোপৰি তেওঁলোকৰ শ্ৰমৰ ন্যায্য মূল্যায়ন আৰু সামাজিক স্বীকৃতি দুয়োটাই সীমিত। কাৰখানাৰ কঠোৰ নিয়মে কেৱল তেওঁলোকৰ শ্ৰমশক্তিকেই নহয়; সময়, ব্যক্তিগত জীৱন আৰু স্বাধীনতাকো নিয়ন্ত্ৰণ কৰে। ফলত অৰ্থনৈতিক অনিশ্চয়তা আৰু শ্ৰমশোষণে তেওঁলোকৰ সম্ভাৱনা আৰু জীৱন-স্বপ্নক সংকুচিত কৰি ৰাখে। এই কাৰণেই গীতটো কেৱল শ্ৰমিক ইতিহাস নহয়; ই নাৰী ইতিহাসৰো এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক অভিলেখ। ইয়াত বিপ্লৱৰ প্ৰত্যক্ষ আহ্বান অবিহনেও শ্ৰেণীশোষণৰ দৈনন্দিন অভিজ্ঞতা পুঁজিবাদী সমাজব্যৱস্থাৰ গভীৰ সমালোচনাৰ ৰূপ ধাৰণ কৰিছে।
American Folk Music Revivalৰ প্ৰতিবাদৰ দুটা ধাৰা: হেডি ৱেষ্ট আৰু সমসাময়িক লোকশিল্পী:
Pete Seeger-ৰ “Which Side Are You On?” অথবা Phil Ochs-ৰ প্ৰতিবাদী গীতসমূহত ৰাজনৈতিক অৱস্থান স্পষ্ট, প্ৰত্যক্ষ আৰু সংগ্ৰামমুখী। সেই গীতসমূহে শ্ৰমিকসকলক সংগঠিত হ’বলৈ আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনায়।
ইয়াৰ বিপৰীতে হেডি ৱেষ্টৰ “Cotton Mill Girls”-ত ৱেষ্টে কোনো ৰাজনৈতিক স্লোগান উচ্চাৰণ নকৰি শোষণৰ বাস্তৱ জীৱনচিত্ৰ অংকন কৰিছে। অৰ্থাৎ Seeger-ৰ সংগীত সংগ্ৰামৰ আহ্বান, আনহাতে ৱেষ্টৰ সংগীত সেই সংগ্ৰামৰ সামাজিক আৰু ঐতিহাসিক দস্তাবেজ। এই নান্দনিক পাৰ্থক্যই American Folk Music Revival-ৰ আভ্যন্তৰীণ বৈচিত্ৰ্য আৰু মতভেদকো স্পষ্টভাৱে প্ৰতিফলিত কৰে।
হেডি ৱেষ্টে তেওঁৰ সমসাময়িক বহু লোকশিল্পীৰ দৰে বাণিজ্যিক সফলতা বা সমালোচনামূলক স্বীকৃতি লাভ কৰিব নোৱাৰিলে। ইয়াৰ আঁৰত সময়, সংগীত-ধাৰাৰ পৰিৱৰ্তন আৰু সমাজৰ লিংগভিত্তিক দৃষ্টিভংগীকে ধৰি একাধিক ঐতিহাসিক আৰু সাংস্কৃতিক কাৰণ নিহিত আছিল। এই ক্ষেত্ৰত সময়ৰ প্ৰেক্ষাপট বিশেষভাৱে উল্লেখযোগ্য। আমেৰিকাৰ Folk Music Revival আন্দোলনৰ প্ৰথম ঢৌত তেওঁ সক্ৰিয়ভাৱে আত্মপ্ৰকাশ কৰাৰ সুযোগ নাপালে; আনহাতে, দ্বিতীয় ঢৌত গঢ় লৈ উঠা নগৰকেন্দ্ৰিক, কফিহাউছ-ভিত্তিক লোকসংগীতৰ ধাৰা—য’ত Judy Collins, Bob Dylan, Joan Baez আদি শিল্পীয়ে নেতৃত্ব দিছিল—তাৰ নান্দনিক আদৰ্শ, পৰিৱেশন-পদ্ধতি আৰু বাণিজ্যিক অভিমুখৰ সৈতে হেডি ৱেষ্টৰ শিল্প-দৰ্শন আৰু সংগীত-চৰ্চাৰ মৌলিক অমিল আছিল। সেয়ে তেওঁ সেই মূলসোঁতৰ অংশ হৈ জনপ্ৰিয়তা অৰ্জন কৰাৰ সলনি নিজৰ স্বকীয় শিল্প-অৱস্থান অক্ষুণ্ণ ৰখাতহে বেছি গুৰুত্ব দিছিল।
তেতিয়াৰ লোকসংগীত জগতত নাৰী সম্পৰ্কীয় প্ৰচলিত সামাজিক ধাৰণাসমূহেও তেওঁৰ শিল্পী-জীৱনত উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল। মহিলা লোকশিল্পীৰ ক্ষেত্ৰত কোমল, উচ্চসুৰীয়া কণ্ঠ, মৃদু fingerpicking কৌশল আৰু পৰম্পৰাগত নাৰীত্বৰ সৈতে সামঞ্জস্যপূৰ্ণ এক সুকোমল মঞ্চ-ব্যক্তিত্বৰ প্ৰত্যাশা কৰা হৈছিল। কিন্তু হেডি ৱেষ্টে এই প্ৰচলিত ধাৰণাসমূহক প্ৰত্যাহ্বান জনাই নিজক কোনো আদৰ্শৱান, ৰূপকথাসুলভ নাৰী-প্ৰতিমূৰ্তি হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা নাছিল; একেদৰে, কেৱল পুৰুষ গীতিকাৰৰ সৃষ্ট গীত পৰিৱেশন কৰা শিল্পী হিচাপেও নিজকে সীমাবদ্ধ কৰি ৰাখিবলৈ অস্বীকাৰ কৰিছিল। বৰঞ্চ, নিজৰ স্বকীয় কণ্ঠ, বলিষ্ঠ বেঞ্জোবাদন, মৌলিক গীত-ৰচনা আৰু গভীৰ সামাজিক-ঐতিহাসিক চেতনাৰে তেওঁ লোকসংগীতক কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে নহয়, বৰং ইতিহাস, শ্ৰেণী-চেতনা, নাৰী-অভিজ্ঞতা আৰু সাংস্কৃতিক আত্মপৰিচয় প্ৰকাশৰ এক শক্তিশালী মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিছিল। এই স্বাতন্ত্ৰ্যই তেওঁক সমসাময়িক শিল্পীসকলৰ মাজত এক অনন্য স্থান প্ৰদান কৰিছিল, যদিও তাৰ বিনিময়ত তেওঁ Folk Music Revivalৰ মূলধাৰাৰ সফলতাৰ পৰা বহু পৰিমাণে বঞ্চিত হৈছিল।
“Cotton mill girls” গীতটোৰ কথা:
worked in the cotton mill all my life
I ain’t got nothing but a barlow knife
It’s a hard times, cotton mill girls
Hard times everywhere
Chorus:
It’s a hard times, cotton mill girls
A hard times, cotton mill girls
Hard times, cotton mill girls
Hard times everywhere
In 1915 we heard it said
“Move to cotton country and get ahead.”
It’s a hard times, cotton mill girls
Hard times everywhere
Chorus
From Gilmer to Bartow is a long, long way
Down Cartecay from Ellijay
It’s a hard times, cotton mill girls
Hard times everywhere
Chorus
When I die don’t bury me at all
Just hang me up on the spinning room wall
And pickle my bones in al-ki-hol
It’s a hard times, cotton mill girls
Chorus…
গীতটোৰ সংক্ষিপ্ত বিশ্লেষণ:
হেডি ৱেষ্টে পৰিৱেশন কৰা “Cotton Mill Girls” আমেৰিকাৰ লোকসংগীত পৰম্পৰাৰ এক উল্লেখযোগ্য শ্ৰমগীত। যদিও এই গীতটো মূলতঃ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এক পুৰণি কপাহ কলৰ শ্ৰমগীত, হেডি ৱেষ্টে ইয়াক সংগ্ৰহ কৰি আমেৰিকাৰ Folk Revival আন্দোলনৰ সময়ত নতুন তাৎপৰ্যৰে জনসমাজৰ আগত উপস্থাপন কৰে। তেওঁৰ কণ্ঠত এই গীতটো কেৱল এটা লোকগীত হৈ নাথাকি শ্ৰেণী-শোষণ, নাৰীৰ শ্ৰম, আঞ্চলিক পৰিচয় আৰু সামাজিক ন্যায়বিচাৰৰ এক শক্তিশালী দলিলত পৰিণত হয়। এই গীত একে সময়তে ঐতিহাসিক সাক্ষ্য, প্ৰতিবাদী সংগীত আৰু এপেলেচিয়ান (Appalachian) শ্ৰমিক সমাজৰ চেতনাৰ প্ৰকাশ।
এই গীতত দক্ষিণ আমেৰিকাৰ কপাহ কলত কৰ্মৰত মহিলা শ্ৰমিকসকলৰ জীৱনৰ কঠোৰ বাস্তৱতা প্ৰকাশ পাইছে। প্ৰেম, আবেগ বা কল্পনাৰ পৰিৱৰ্তে ইয়াত শ্ৰম, দাৰিদ্ৰ্য আৰু বঞ্চনাই মুখ্য বিষয়।
গীতটোৰ আৰম্ভণিৰ শাৰীসমূহেই সেই বাস্তৱতা স্পষ্ট কৰি তোলে—
Worked in the cotton mill all my life
I ain’t got nothing but a barlow knife.
অৰ্থাৎ, “মই গোটেই জীৱন কপাহ কলত কাম কৰিলোঁ, কিন্তু আজিলৈকে এটা সাধাৰণ Barlow pocket knifeৰ বাহিৰে মোৰ একোৱেই নাই।”
Barlow knife-টো ইয়াত দাৰিদ্ৰতাৰ গভীৰ প্ৰতীক। আজীৱন কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো শ্ৰমিকগৰাকীৰ হাতত সঞ্চিত সম্পদ বুলি কেৱল এখন সস্তীয়া পকেট ছুৰীহে আছে। ইয়াৰ জৰিয়তে ঔদ্যোগিক পুঁজিবাদৰ অন্যায়, শোষণ আৰু শ্ৰমিকৰ অৰ্থনৈতিক অসুৰক্ষাকেই প্ৰকাশ কৰা হৈছে।
গীতটোৰ পুনৰাবৃত্ত কোৰাছ—
It’s a hard times, cotton mill girls,
Hard times everywhere.
এই দুখ-কষ্ট কেৱল এগৰাকী মহিলাৰ ব্যক্তিগত অভিজ্ঞতা নহয়; ই সকলো শ্ৰমজীৱী মহিলাৰ সামূহিক বাস্তৱতা।
বিশেষকৈ লক্ষ্যণীয় যে এই গীতত নাৰীক কেৱল প্ৰেমিকা বা গৃহিণী হিচাপে উপস্থাপন কৰা হোৱা নাই; তেওঁক উৎপাদন ব্যৱস্থাৰ কেন্দ্ৰীয় শক্তি হিচাপে চিত্ৰিত কৰা হৈছে। সেই অৰ্থত এই গীত নাৰীৰ শ্ৰম-ইতিহাসৰ এক মূল্যৱান নথি।
গীতটোৰ ভৌগোলিক ভিত্তি আমেৰিকাৰ জৰ্জিয়া (Georgia) ৰাজ্যৰ এপেলেচিয়ান অঞ্চল।
From Gilmer to Bartow is a long, long way
Down Cartecay from Ellijay.
ইয়াত উল্লেখিত Gilmer County, Ellijay, Cartecay River আৰু Bartow County বাস্তৱ স্থান। বিংশ শতিকাৰ আৰম্ভণিত এই অঞ্চলসমূহ দক্ষিণৰ বস্ত্ৰ উদ্যোগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল।
এই গীতত এপেলেচিয়াক কেৱল পাহাৰীয়া, নিভৃত আৰু ৰোমাণ্টিক অঞ্চল হিচাপে চিত্ৰিত কৰা হোৱা নাই; বৰং ঔদ্যোগিকীকৰণে সলনি কৰি দিয়া নতুন সমাজ হিচাপে উপস্থাপন কৰা হৈছে। কৃষিভিত্তিক জীৱন এৰি বহু লোকে জীৱিকাৰ সন্ধানত মিল নগৰলৈ আহিছিল। কিন্তু উন্নত জীৱনৰ সপোন বাস্তৱত কঠোৰ শ্ৰম আৰু দাৰিদ্ৰ্যলৈ ৰূপান্তৰিত হৈছিল।
সেয়েহে গীতত স্থানৰ উল্লেখ কেৱল ভূগোল নহয়; ই শ্ৰমিকৰ জীৱনসংগ্ৰাম, স্থানান্তৰ আৰু সামাজিক পৰিৱৰ্তনৰ প্ৰতীক।
গীতটোত কোনো ৰাজনৈতিক দল বা মতবাদৰ নাম উল্লেখ নাথাকিলেও ইয়াৰ অন্তৰ্নিহিত বক্তব্য গভীৰভাৱে ৰাজনৈতিক।
In 1915 we heard it said
“Move to cotton country and get ahead.”
১৯১৫ চনৰ আশে-পাশে দক্ষিণৰ কপাহ কলসমূহে গ্ৰামাঞ্চলৰ লোকসকলক “ভাল জীৱন” আৰু “উন্নতি”ৰ প্ৰতিশ্ৰুতি দি আকৰ্ষণ কৰিছিল। কিন্তু গীতটোৱে দেখুৱাইছে যে সেই প্ৰতিশ্ৰুতি বাস্তৱত মিছা আছিল।
সেইবাবে এই গীতটোত পুঁজিবাদী উৎপাদন ব্যৱস্থা,শ্ৰমিক শোষণ,অৰ্থনৈতিক বৈষম্য,আৰু উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতিক কঠোৰ সমালোচনা কৰা হৈছে।
হেডি ৱেষ্ট নিজেই প্ৰগতিশীল ৰাজনৈতিক চিন্তা, শ্ৰমিক আন্দোলন আৰু সামাজিক ন্যায়ৰ সমৰ্থক আছিল। Folk Revival আন্দোলনৰ সময়ত তেওঁ এনে গীতসমূহ পুনৰ জীৱন্ত কৰি কেৱল অতীতৰ স্মৃতি সংৰক্ষণ কৰা নাছিল; বৰং সমসাময়িক সামাজিক বৈষম্যৰ প্ৰতি সমাজ সচেতন ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
গীতটোৰ অন্তিম স্তৱকটোৱেই আটাইতকৈ ব্যঞ্জনাময়—
When I die don’t bury me at all
Just hang me up on the spinning room wall
And pickle my bones in al-ki-hol.
প্ৰথম দৃষ্টিত এই অংশটো ক’লা ব্যংগ (dark humour) যেন লাগিব পাৰে। কিন্তু ইয়াৰ গভীৰ দাৰ্শনিক তাৎপৰ্য আছে।
ইয়াত দেখা যায় যে শ্ৰমিক মহিলাগৰাকীৰ সমগ্ৰ অস্তিত্বই কল-কাৰখানাৰ লগত একাত্ম হৈ পৰিছে। মৃত্যুৰ পাছতো তেওঁ নিজকে মিলৰ “Spinning Room”-তেই থাকিবলৈ কল্পনা কৰিছে।
এই চিত্ৰায়ণে কাৰ্ল মাৰ্ক্সে ব্যাখ্যা কৰা Alienation of Labour (শ্ৰমৰ পৰা বিচ্ছিন্নতা) ধাৰণাৰ সৈতে সাদৃশ্য বহন কৰে। অৰ্থাৎ, শ্ৰমে মানুহৰ সৃষ্টিশীলতা বা আত্মপৰিচয় বিকশিত কৰাৰ পৰিৱৰ্তে তেওঁক যন্ত্ৰৰ অংশত পৰিণত কৰে।
“Pickle my bones in alcohol” শাৰীটোৱে এই কথাও সূচায় যে শ্ৰমিকগৰাকী যেন মানুহ নহয়, মিলৰ আন এটা বস্তুতহে পৰিণত হৈছে। তথাপিও এই ব্যংগৰ মাজতেই জীৱনসংগ্ৰামৰ প্ৰতি এক ধৰণৰ মানসিক প্ৰতিৰোধ আৰু সহনশীলতাও প্ৰকাশ পাইছে। গীতটোত উল্লেখিত ১৯১৫ চন দক্ষিণ আমেৰিকাৰ কপাহ উদ্যোগৰ দ্ৰুত সম্প্ৰসাৰণৰ যুগ। সেই সময়ত বহু পাহাৰীয়া কৃষক পৰিয়ালে কৃষিকাৰ্য ত্যাগ কৰি মিল নগৰলৈ প্ৰব্ৰজন কৰিছিল। কিন্তু তেওঁলোকৰ আশা অনুসৰি উন্নত জীৱন লাভ কৰা সম্ভৱ নহ’ল; বৰং নতুন ধৰণৰ ঔদ্যোগিক শোষণৰ সন্মুখীন হ’ল। সেয়ে এই গীতটো শ্ৰমিক সমাজৰ এক মৌখিক ইতিহাস (Oral History) হিচাপে অভিহিত কৰিব পাৰি। ১৯৫০ আৰু ১৯৬০-ৰ দশকৰ American Folk Revival আন্দোলনৰ সময়ত হেডি ৱেষ্টে এই ধৰণৰ গীত সংগ্ৰহ আৰু পৰিৱেশন কৰি শ্ৰমজীৱী সমাজৰ অভিজ্ঞতাক নতুন প্ৰজন্মৰ সমুখলৈ অনাৰ চেষ্টা কৰিছিল। তেওঁৰ সংগীত কেৱল বিনোদন নাছিল; ই আছিল সাংস্কৃতিক সংৰক্ষণ, সামাজিক ইতিহাস আৰু প্ৰতিবাদৰ এক মাধ্যম। তেওঁ এপেলেচিয়াক ৰোমাণ্টিক কল্পলোক হিচাপে উপস্থাপন নকৰি, দাৰিদ্ৰ্য, শ্ৰম, অসমতা আৰু মানৱীয় সহনশীলতাৰ বাস্তৱ চেহেৰা বিশ্ব দৰবাৰত মুকলি কৰি দিছিল। “Cotton Mill Girls” শিৰোনামটোৱেই গীতটোৰ কেন্দ্ৰীয় বিষয়বস্তু আৰু দৃষ্টিভংগীক স্পষ্টভাৱে প্ৰতিফলিত কৰে। গীতটোত এই কথা স্পঠ যে নাৰীৰ শ্ৰমে ঔদ্যোগিক অৰ্থনীতি গঢ়াত মৌলিক ভূমিকা পালন কৰিলেও, তেওঁলোকেই সৰ্বাধিক অৰ্থনৈতিক বঞ্চনাৰ সন্মুখীন হৈছিল।
সেই অৰ্থত গীতটো নাৰী, শ্ৰেণী আৰু শ্ৰমৰ আন্তঃসম্পৰ্কৰ এটি উল্লেখযোগ্য লোকগীত।
গীতটোত লোককবিতাৰ কেইবাটাও বৈশিষ্ট্য স্পষ্ট—
পুনৰাবৃত্তি : “Hard times everywhere” শাৰীটোৱে সামূহিক দুখৰ অনুভূতি শক্তিশালী কৰি তোলে।
সহজ ভাষাৰ প্ৰয়োগ: সাধাৰণ শ্ৰমিকৰ মুখৰ ভাষাই গীতটোক বাস্তৱধৰ্মী কৰি তুলিছে।
আঞ্চলিক উপভাষা: “ain’t” আদি শব্দই এপেলেচিয়ান কথিত ভাষাৰ বৈশিষ্ট্য বহন কৰে।
ব্যংগ (Irony): “Get ahead” মানে উন্নতিৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে পোৱা আজীৱন দাৰিদ্ৰ্য।
ক’লা হাস্যৰস (Dark Humour): অন্তিম স্তৱকত হতাশাক ব্যংগৰ জৰিয়তে প্ৰতিবাদলৈ ৰূপান্তৰ কৰা হৈছে।
গীতটোৰ সমসাময়িক প্ৰাসংগিকতা:
যদিও “Cotton Mill Girls”-ৰ পটভূমি আমেৰিকাৰ দক্ষিণাঞ্চলৰ কপাহ কল, ইয়াৰ সামাজিক তাৎপৰ্য আজিও বিশ্বব্যাপী সমানেই প্ৰাসংগিক। য’তেই কম মজুৰি, অনিশ্চিত কৰ্মসংস্থাপন, নাৰী শ্ৰমৰ অবমূল্যায়ন আৰু শ্ৰমিক শোষণ বিদ্যমান, ত’তেই এই গীতৰ সামাজিক সত্য প্ৰতিধ্বনিত হয়। বিশ্বৰ বস্ত্ৰ উদ্যোগ, ৰপ্তানিমুখী গাৰ্মেণ্টছ খণ্ড, অসংগঠিত শ্ৰম বজাৰ অথবা উন্নয়নশীল দেশসমূহৰ উদ্যোগাঞ্চল—সকলো ক্ষেত্ৰতে এই গীতৰ বিষয়বস্তুৱে নতুন অৰ্থ লাভ কৰে। সেয়েহে “Cotton Mill Girls” অতীতৰ স্মৃতিমাত্ৰ নহয়; বৰং সমসাময়িক শ্ৰম, লিংগ, ন্যায় আৰু সামাজিক বৈষম্য বিষয়ক আলোচনাৰো এক জীৱন্ত অভিব্যক্তি।
উপসংহাৰ:
“Cotton Mill Girls”ক কেৱল এটা শ্ৰমিক লোকগীত হিচাপে মূল্যায়ন কৰিলে ইয়াৰ বহুমাত্ৰিক তাৎপৰ্য সম্পূৰ্ণৰূপে উপলব্ধি কৰা নাযায়। ই Appalachian ballad tradition-ৰ মৌখিক ইতিহাস, American Folk Music Revival-ৰ সাংস্কৃতিক পুনৰআৱিষ্কাৰ আৰু হেডি ৱেষ্টৰ গভীৰ মানৱতাবাদী সংগীত-দৰ্শনৰ এক অনন্য সংমিশ্ৰণ।
গীতটোৱে প্ৰতিপন্ন কৰে যে লোকসংগীত কেৱল অতীত সংৰক্ষণৰ মাধ্যম নহয়; ই ইতিহাসৰ পৰা বাদ পৰি যোৱা মানুহৰ কণ্ঠ, স্মৃতি আৰু জীৱন-অভিজ্ঞতাক পুনৰ সমাজৰ কেন্দ্ৰলৈ ওভতাই অনাৰ এক শক্তিশালী সাংস্কৃতিক প্ৰয়াস। নাৰীবাদী পাঠত ই নাৰী শ্ৰমৰ অদৃশ্য ইতিহাস উন্মোচন কৰে; মাৰ্ক্সবাদী বিশ্লেষণত পুঁজিবাদী শোষণৰ অন্তৰ্নিহিত বৈষম্য স্পষ্ট কৰে; American Folk Music Revival-ৰ প্ৰেক্ষাপটত লোকসংগীতৰ সামাজিক শক্তিক প্ৰতিষ্ঠা কৰে; আৰু Appalachian ballad tradition-ৰ আলোচনাত সাধাৰণ মানুহৰ মৌখিক ইতিহাসৰ ই এক জীৱন্ত নিদৰ্শন হৈ উঠে।
সেইবাবে “Cotton Mill Girls” ইতিহাস, শ্ৰেণীসংগ্ৰাম, নাৰীবাদ, সাংস্কৃতিক স্মৃতি আৰু লোকঐতিহ্যৰ এক সজীৱ সংলাপ। বহু সময়ত লোকসংগীতে আনুষ্ঠানিক ইতিহাসতকৈ অধিক বিশ্বাসযোগ্যভাৱে সাধাৰণ মানুহৰ জীৱনৰ সত্য সংৰক্ষণ কৰে। এই কাৰণেই গীতটোৱে সময় আৰু ভূগোলৰ সীমা অতিক্ৰম কৰি আজিও বিশ্বজুৰি সামাজিক ন্যায়, শ্ৰমৰ মৰ্যদা আৰু মানৱিক সমতাৰ সপক্ষে এক গভীৰ সাংস্কৃতিক আহ্বান হিচাপে অনুৰণিত হৈ আছে।
✍️ শ্বব্নম শ্ববু
বিঃ দ্ৰঃ Cottton mill girls গীতটোৰ Youtube link:
