পলিটিক্স অৱ এস্থেটিক্ আৰু চি.জে.পি. আন্দোলন |ড০ তন্ময়ী ৰাণী নেওগ

লেখক: ড০ তন্ময়ী ৰাণী নেওগ | September 2, 2026

২০২৬ চনৰ মে’ মাহত সৃষ্টি হৈ জুন-জুলাইলৈকে সমগ্ৰ ভাৰতবৰ্ষ কঁপাই তোলা ‘ককৰোচ জনতা পাৰ্টি’ (চি.জে.পি.) গণ-বিক্ষোভ কোনেও ৰখাব নোৱৰা ৰাজনৈতিক প্ৰতিবাদৰ লগতে আছিল এক সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰতিফলন। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা, ব্যাপক নিবনুৱা সমস্যা আৰু প্ৰতিষ্ঠানিক ব্যৰ্থতাৰ বিৰুদ্ধে তৰুণ প্ৰজন্মৰ (Gen Z) পুঞ্জীভূত ক্ষোভৰ মাজেৰে এই আন্দোলনৰ সূত্ৰপাত হৈছিল। ক্ৰমে ই এক সৃষ্টিশীল প্ৰতিৰোধৰ উৎসৱলৈ ৰূপান্তৰিত হয়, য’ত জেন-জি প্ৰজন্মই অৱমাননাক পৰিচয়লৈ, উপহাসক প্ৰতিবাদৰ অস্ত্ৰলৈ আৰু ৰাজপথক সাংস্কৃতিক মঞ্চলৈ ৰূপান্তৰিত কৰে। এই আন্দোলনৰ আটাইতকৈ মনকৰিবলগীয়া দিশটো আছিল ইয়াৰ ব্যতিক্ৰমী, সজীৱ তথা অগতানুগতিক সৃষ্টিশীল ধাৰাটো। পশ্চিমীয়া চিন্তাবিদ আৰু পৰ্যৱক্ষকসকলৰ দৃষ্টিত এই সমগ্ৰ পৰিঘটনাটো হৈছে প্ৰতিবাদ প্ৰকাশৰ নৱতম অভিধাৰণা। ২০২৬ চনৰ NEET প্ৰশ্নকাকত ফাদিল আৰু CBSE-ৰ মূল্যায়ন কেলেংকাৰীয়ে এই আন্দোলনৰ সূচনা কৰিছিল। পৰীক্ষা বাতিল হোৱাৰ বাবে হোৱা ১২ জন শিক্ষাৰ্থীৰ আত্মহত্যাৰ খবৰে দেশজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি কৰে, যি পিছলৈ চি.জে.পি. আন্দোলনৰ আৱেগিক কেন্দ্ৰবিন্দু হৈ পৰে।

এই আন্দোলনৰ মূল স্ফুলিংগটো আছিল এটা অপমানসূচক মন্তব্য। ভাৰতৰ মুখ্য ন্যায়াধীশে যুৱক-যুৱতীসকলক “ককৰোচ” বা পইতাচোৰা বুলি কটাক্ষ কৰাৰ লগে লগে ইণ্টাৰনেট ব্যৱহাৰকাৰী জেন-জি প্ৰজন্মই অতি কৌশলেৰে সেই শব্দটো নিজৰ সপক্ষে ব্যৱহাৰ কৰিলে। ৰাজনৈতিক বিশ্লেষক অভিজিৎ ডিপকেই ব্যংগাত্মকভাৱে “ককৰোচ জনতা পাৰ্টি” (CJP) নামটো প্ৰদান কৰি Instagram-ত এটা হেণ্ডেল খুলিলে আৰু ই দাবানলৰ দৰে বিয়পি পৰিল। কেইদিনমানৰ ভিতৰতে দিল্লী, মুম্বাই, হায়দৰাবাদ আদি বিভিন্ন ঠাইৰ শিক্ষাৰ্থীসকলে গৌৰৱেৰে নিজকে “ককৰোচ” বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিল।

প্ৰতিবাদকাৰীসকলে তেনেই কম সময়তে আৰু স্বেচ্ছাই পইতাচোৰাক প্ৰতিৰোধৰ প্ৰতীক কৰি তোলে। এই সামান্য জীৱটোৱেই হৈ পৰিল জীয়াই থকাৰ এক ট’টেম (Totem)—যি শত প্ৰচেষ্টা আৰু ধ্বংসৰ অহৰহ বিভীষিকাৰ মাজতো মৃত্যুঞ্জয়ী হৈ জিলিকি থাকে।ইয়াৰ মাজেৰেই জেন-জি প্ৰজন্মই বিশ্বৰ প্ৰান্তীয় জনগোষ্ঠীসমূহৰ সংগ্ৰামৰ সুৰকে পুনৰ উচ্চাৰণ কৰিলে। সমাজৰ দ্বাৰা উপেক্ষিত বা হেয় প্ৰতিপন্ন হোৱা লোকসকলে তেওঁলোকক লাঞ্ছিত কৰিবলৈ ব্যৱহাৰ কৰা কটাক্ষবোৰক নিজৰ ভূষণ কৰি লয় (যেনে LGBTQ+ আন্দোলনত “কুইয়াৰ” শব্দটো বা কৃষ্ণাংগসকলৰ আন্দোলনত “ব্লেক” শব্দটো)। চি.জে.পি. আন্দোলনৰ গোটেই প্ৰক্ৰিয়াটোত আছিল এক সুকীয়া ধৰণ আৰু আধুনিক ছ’চিয়েল মিডিয়াৰ ব্যংগাত্মক চাতুৰ্যৰ এক অনন্য সংমিশ্ৰণ।

তাত্ত্বিকভাৱে ক’বলৈ গ’লে, এই সমগ্ৰ পৰিঘটনাটো জুডিথ বাটলাৰৰ (‍”পৰিৱেশ্য বা পৰিৱেশনমূলক পৰিচয়” ধাৰণাটোৰ সৈতে সাযুজ্য থকা—য’ত বিশ্বাস কৰা হয় যে কোনো ব্যক্তিৰ পৰিচয় আগতীয়া বা চিৰস্থায়ী নহয়, বৰঞ্চ বাৰে বাৰে কৰা কাম বা আচৰণৰ দ্বাৰাহে ই গঠিত হয়।1 প্ৰতিবাদকাৰীসকলে ককৰোচ শব্দটো ব্যংগাত্মক আৰু অতিৰঞ্জিতভাৱে বাৰে বাৰে উচ্চাৰণ কৰি শব্দটোৰ মূল অৰ্থটোকে সলনি কৰি পেলালে। ফলত, ককৰোচ হৈ পৰিল একতা আৰু সংহতিৰ প্ৰতীক। মিচেল ডি চাৰ্টোৰ ভাষাত ইয়াক “দুর্বলৰ কৌশল” (tactic of the weak) বুলি ক’ব পাৰি।অৰ্থাৎ ক্ষমতাহীন বা নিঃস্ব লোকসকলৰ দ্বাৰা শক্তিশালীসকলৰ ভাষাকে কাঢ়ি লৈ তেওঁলোকৰ বিৰুদ্ধেই ব্যৱহাৰ কৰাৰ এক সুকীয়া মাধ্যম। 2

পাশ্চাত্যৰ পৰ্যৱেক্ষকসকলৰ দৃষ্টিত চি.জে.পি. প্ৰতিবাদৰ আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল ইয়াৰ অনবদ্য আনন্দ। প্ৰতিবাদকাৰীয়ে বলীউডৰ জনপ্ৰিয় গানৰ তালে তালে নাচি, ট্ৰেণ্ডিং অডিঅ’ত লিপ-চিং কৰি এক ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি কৰিছিল। যন্তৰ মন্তৰ অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে “গেট ৰেডি উইথ মি” ৰীল বনাইছিল। পুলিছে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ সময়ত প্ৰতিবাদকাৰীসকল ‘ছাবৱে চাৰ্ফাৰ্ছ’ গেমৰ গানটোৰ সুৰত দৌৰিছিল, আনকি বেৰিকেডৰ দুয়োকাষৰ পৰা বেডমিণ্টনো খেলিছিল। ভীতিগ্ৰস্ত পৰিৱেশৰ মাজত হাঁহি-ফুৰ্তিয়েই হৈ পৰিছিল এক শক্তিশালী প্ৰতিৰোধী ঢাল।

প্ৰতিবাদৰ এই আনন্দ আছিল সংক্ৰামক। আশে-পাশে থকা মানুহবোৰকো টানি আনিছিল, ছ’চিয়েল মিডিয়াৰ জৰিয়তে আন্দোলনৰ জনপ্ৰিয়তা আকাশলংঘী কৰিছিল আৰু যিসকল লোক সাধাৰণ ৰাজনৈতিক তৰ্ক-বিতৰ্কৰ পৰা দূৰৈত থাকে, তেওঁলোকৰ বাবেও এই প্ৰতিবাদ চমৎকাৰ হৈ পৰিছিল। এজন প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমক কৈছিল: “আমি প্ৰতিবাদটোক বেলেগকৈ দেখুৱাবলৈ চেষ্টা কৰা নাছিলোঁ, আমি কথা পাতিবলৈ বা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব‍্যৱহাৰ কৰাৰ ভাষাটো এনেকুৱাই।” এই প্ৰসংগত আমি মিখাইল বাখটিনৰ “কাৰ্নিভালেস্ক” (carnivalesque) বা উৎসৱমুখৰ পৰিৱেশৰ ধাৰণাটোলৈ মন কৰিব পাৰোঁ। বাখটিনৰ মতে, উৎসৱমুখৰ পৰিৱেশে সমাজৰ বিভাজনবোৰ অলপ সময়ৰ বাবে ওফৰাই উপহাসৰ জৰিয়তে সাধাৰণ ৰাইজক শাসকসকলৰ বিৰুদ্ধে শক্তিশালী অনুভৱ কৰায় 3। চি.জে.পি. প্ৰতিবাদত ৰাজপথেই হৈ পৰিছিল ব্যংগ-বিদ্রূপৰ মঞ্চ আৰু শাসন ব্যৱস্থাটো হৈ পৰিছিল হাঁহিৰ খোৰাক। পল গিলৰয়ে কোৱাৰ দৰে এয়া আছিল “মিলনমুখীন সংস্কৃতি” (convivial culture)—এই সংস্কৃতিত পাৰ্থক্যবোৰ উদযাপন কৰি আনন্দই হৈ পৰে প্ৰতিবাদৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ (গিলৰয়, ২০০৪)।

জেন-জিৰ সৃষ্টিশীলতা প্লেকাৰ্ডতে সীমাবদ্ধ নাথাকি AI-সৃষ্ট ছবি, মিম আৰু পপ-সংস্কৃতিলৈ সম্প্ৰসাৰিত হৈছিল। প্ৰতিবাদকাৰীসকলে স্পাইডাৰ-মেন, বেট-মেন, হনুমান, আনকি যমৰাজৰ ভেশ ধাৰণ কৰিছিল; এজনে গৰুৰ ছালৰ স্কাৰ্ফ পিন্ধি গো-ৰক্ষকৰ আক্ৰমণৰ ভয় প্ৰতিফলিত কৰিছিল। প্লেকাৰ্ডত লিখা আছিল: “প্ৰিয় চৰকাৰ, আমাৰ বাৰ্তা এতিয়াও লোড হৈ আছে (buffering )” আৰু “Chapan inch ka chota bandar, bhaag Narender bhaag Narender!” আদি শ্ল’গানেৰে ধেমালিৰ মাধ্যমেৰে মোদী চৰকাৰক উৎখাত কৰাৰ ইঙ্গিত দিছিল। পশ্চিমীয়া গণমাধ্যমে ইয়াক “পেৰ’ডিক পাব্লিক” বুলি অভিহিত কৰিছে। দৰ্শকসকল নিষ্ক্ৰিয় নহৈ সক্ৰিয়ভাৱে এক “সহভাগী সংস্কৃতি” (participatory culture) গঢ়িছিল। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ছোনাম ৱাংচুকৰ ২৬ দিনীয়া অনশনে আন্দোলনটোক নৈতিক মাত্ৰা প্ৰদান কৰিছিল, ফলস্বৰূপে ২৫ জুলাইত মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে — আন্দোলনৰ এক ডাঙৰ জয়।

চৰকাৰী শিবিৰে কিন্তু আন্দোলনটোক এক সম্পূৰ্ণ বেলেগ দৃষ্টিভংগীৰে বিবেচনা কৰিছিল। শাসকীয় নেতৃত্বই প্ৰতিবাদকাৰীসকলক “দেশখন ধ্বংস কৰিব বিচৰা দেশদ্ৰোহী” শক্তি বুলি অভিহিত কৰাৰ লগতে এই আন্দোলনটোক বিদেশী প্ৰভাৱপুষ্ট বা অতিৰঞ্জিত অনলাইন প্ৰচাৰ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছিল। মুখ্য ন্যায়াধীয়েও পিছলৈ তেওঁৰ “ককৰোচ” সম্পৰ্কীয় মন্তব্যটো ভুলকৈ উদ্ধৃত কৰা হৈছিল বুলি স্পষ্টীকৰণ দিয়ে। ইণ্টাৰনেট আৰু মেট্ৰো ষ্টেচন বন্ধ কৰাৰ দৰে কঠোৰ প্ৰশাসনিক পদক্ষেপে প্ৰমাণ কৰে যে ৰাষ্ট্ৰই এই আন্দোলনটো গুৰুত্বসহকাৰে লৈ এক প্ৰকৃত ৰাজনৈতিক ভাবুকি হিচাপে গণ্য কৰিছিল। আনন্দ আৰু উপহাসৰ ভাষাই শক্তিক দুৰ্বল কৰাৰ বিপৰীতে কেতিয়াবা ৰাষ্ট্ৰক অধিক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈহে বাধ্য কৰিব পাৰে।

প্ৰসিদ্ধ দাৰ্শনিক গিলেছ ডেলেজ আৰু ফেলিক্স গুৱাট্টাৰিৰ “ৰাইজ’ম” (rhizome) বুলি এটা ধাৰণা আছে। গছৰ যেনেকৈ এটা মাত্ৰ মূল আৰু গা-গছ থাকে, ৰাইজ’ম তেনেকুৱা নহয়। ই হ’ল এটা বিকেন্দ্ৰীকৃত আৰু ক্ৰমবিন্যাসহীন জাল, যিটো কোনো নিৰ্দিষ্ট দিশত নহৈ চাৰিওফালে বাঢ়ি যাব পাৰে। [ডেলেজ আৰু গুৱাট্টাৰি, ১৯৮৭]। চি.জে.পি. ৰ প্ৰতিবাদটোৰ গাঁথনিটো ঠিক তেনেকুৱাই আছিল। বেলেগ আন্দোলনৰ দৰে ইয়াৰ কোনো কেন্দ্ৰীয় নেতৃত্ব বা কোনো নিৰ্দিষ্ট ইস্তাহাৰ নাছিল। আছিল এখন বহল জালৰ দৰে, যিটো কোনো একক গা-গছৰ ওপৰত নিৰ্ভৰশীল নহৈ অগণন ইনফ্লুৱেঞ্চাৰসকল, মিম পেজ আৰু স্থানীয় গোটৰ জৰিয়তে চাৰিওফালে বিয়পি পৰিছিল। এই নেটৱৰ্কৰ প্ৰতিটো অংশ নিজেই স্বাধীন আছিল আৰু নিজাকৈ নতুন অৰ্থ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

চি.জে.পি. আন্দোলনৰ উৎসৱৰ মাজতো ই ৰাষ্ট্ৰীয় শক্তিৰ কঠোৰ প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০ জুলাইত সংসদ ভৱন অভিমুখে যাত্ৰা কৰা বিশ হাজাৰতকৈ অধিক প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰে। ফলত ১৫০ জনকৈ লোক আহত হয় আৰু বহুজনকে আটক কৰা হয়। এই সংঘৰ্ষৰ পিছতে নেতৃত্বই ৰাজপথৰ পৰা সমদল প্ৰত্যাহাৰ কৰি যন্তৰ মন্তৰত অৱস্থান-প্ৰতিবাদ অব্যাহত ৰাখে।ফুকোৰ ভাষাত, এয়া ক্ষমতা আৰু প্ৰতিৰোধৰ দ্বৈত সহাৱস্থান—য’ত ধেমালি আৰু ঠাট্টাই শক্তিক দুৰ্বল কৰিব পাৰে, কিন্তু ক্ষমতায়েও নিজৰ শক্তিৰ উপস্থিতি প্ৰমাণ কৰিবলৈ এৰি নিদিয়ে।

পশ্চিমৰ দেশসমূহত এই প্ৰতিবাদে কৌতূহল আৰু বিস্ময়ৰ সৃষ্টি কৰিছিল। বহুতে ইয়াক আৰৱ বসন্তৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ বা হংকং প্ৰতিবাদৰ মিম যুদ্ধৰ লগত তুলনা কৰিছিল। আন একাংশই গ্ৰেটা থুনবাৰ্গৰ জলবায়ু আন্দোলন বা আমেৰিকাৰ ‘ব্লেক লাইভছ মেটাৰ’ (Black Lives Matter) আন্দোলনৰ লগত তুলনা কৰিছিল। কিন্তু সেইবোৰ আন্দোলন আছিল মূলতঃ নৈতিক তাগিদা আৰু নীতিগত সমালোচনাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ বিপৰীতে চি.জে.পি. সম্পূৰ্ণ পৃথক , কোনো গোপন পৰিকল্পনাৰ পৰিৱৰ্তে মুকলিমূৰীয়া উদযাপন আৰু ভয়ৰ পৰিৱৰ্তে আনন্দ-উল্লাসেৰে ভৰা এটা প্ৰতিবাদ। এই শৈলী ফৰাচী দাৰ্শনিকসকলৰ “ডেটুৰ্ণমেণ্ট” (détournement) ধাৰণাটোৰ সৈতে মিল আছে, য’ত শাসকীয় প্ৰতীকবোৰ কাঢ়ি লৈ তাৰ অৰ্থ সলনি কৰি দিয়া হয়, কেৱল ইয়াত টিকটক আৰু ইনষ্টাগ্ৰামৰ দৰে আধুনিক সঁজুলি ব্যৱহাৰ কৰা হৈছিল।গোটেই প্ৰতিবাদটো politics of aesthetics বলি কলেও ভুল নহ’ব।

আমেৰিকা বা ইউৰোপত প্ৰতিবাদসমূহ সাধাৰণতে এটা নিৰ্দিষ্ট নিয়মাৱলীত চলে, (যেনে অনুমতি, স্বেচ্ছাসেৱক, বক্তা, প্ৰেছ কনফাৰেন্স)। আনকি ফাৰ্গুছন বা জৰ্জ ফ্লয়েডৰ দৰে স্বতঃস্ফূৰ্ত আন্দোলনবোৰো পিছলৈ কোনোবা নহয় কোনোবা সংগঠিত ৰূপ আৰু সুনিৰ্দিষ্ট দাবীৰ মাজত আৱদ্ধ হৈ পৰিছিল। ইয়াৰ বিপৰীতে, চি.জে.পি. প্ৰতিবাদত আছিল বিশৃংখলতা আৰু অদম্য সৃষ্টিশীলতা। হাজাৰ হাজাৰ মানুহে প্ৰতিবাদটোক নিজ নিজ ধৰণে আকৃতি দিছিল।যেন নিজৰ উপস্থিতি সাব্যস্ত কৰা, আৰু সৰ্বতোপ্ৰকাৰে প্ৰতিৰোধ গঢ়ি তোলা  আছিল চি.জে.পি. প্ৰতিবাদৰ লক্ষ‍্য। প্ৰতিবাদ কিমান আকৰ্ষণীয় হ’ব পাৰে, তাৰ দৃশ্য, শব্দ আৰু অনুভৱক সম্পূৰ্ণ নতুন ৰূপত সংজ্ঞায়িত কৰিছিল এই প্ৰতিবাদে। এটা ধেমালিয়ে প্ৰতিষ্ঠানিক বিফলতা উদঙাই দিব পাৰে, আৰু এটা ভাইৰেল ৰিলে হাজাৰ হাজাৰ লোকক একত্ৰিত কৰিব পাৰে- তাকেই প্ৰমাণ কৰিলে চি.জে.পি. প্ৰতিবাদে।

সামাজিক আন্দোলনৰ পুৰণি বা চিৰাচৰিত ধাৰণাসমূহক চি.জে.পি. প্ৰতিবাদে সম্পূৰ্ণৰূপে প্ৰত্যাহ্বান জনালে। ৰাজনৈতিক প্ৰক্ৰিয়াৰ আৰ্হি বা নতুন সামাজিক আন্দোলনৰ তত্ত্বেৰে ইয়াক পোনপটীয়াকৈ ব্যাখ্যা কৰিব নোৱাৰি।চি.জে.পি. আন্দোলনত মাধ্যমবোৰ আছিল বিকেন্দ্ৰীকৃত আৰু সৃষ্টিশীল। চৰকাৰী নীতি সলনি কৰাৰ লগতে সমগ্ৰ ৰাজনৈতিক সংস্কৃতিটোক এক নতুন ৰূপত গঢ়ি তোলাটোৱেই আছিল ইয়াৰ উদ্দেশ্য।

সম্ভৱতঃ চি.জে.পি. প্ৰতিবাদৰ পৰা ল’ব লগা আটাইতকৈ ডাঙৰ শিক্ষাটো হ’ল যে আনন্দ হৈছে সংগ্ৰামৰ সহযাত্ৰী আৰু সৃজনশীলতা হ’ল ক্ষমতাহীনৰ এক প্ৰধান অস্ত্ৰ। ভৱিষ্যতে যেতিয়া ইতিহাসবিদসকলে এই প্ৰতিবাদসমূহৰ ইতিহাস ৰচনা কৰিব, তেতিয়া প্ৰশ্ন কৰিব যে কোনটো কথাই এই প্ৰতিবাদক ইমান ব্যতিক্ৰমী কৰি তুলিছিল। তাৰ উত্তৰ হ’ব যে চি.জে.পি.-ৰ প্ৰতিবাদ আছিল আনন্দময়, সৃজনশীল, স্বাভাৱিক তথা জৈৱিক। সাধাৰণতে ৰাষ্ট্ৰই নিজকে অপৰিহাৰ্য, যুক্তিসংগত আৰু ক্ষমতাশালী বুলি প্ৰদৰ্শন কৰে আৰু নিজৰ শক্তি প্ৰমাণ কৰিবলৈ আদালত বা সংবিধানৰ দৰে প্ৰতীকসমূহ ব্যৱহাৰ কৰে। কিন্তু চি.জে.পি.-ৰ প্ৰতিবাদে এই শক্তিশালী ৰাষ্ট্ৰখনকেই উপহাসৰ পাত্ৰ কৰি তুলিছিল।

আকৌ এই আনন্দমুখী প্ৰতিবাদৰ পদ্ধতিটোক লৈ সমালোচকসকলে কেইবাটাও প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে। মিম আৰু ৰীলকেন্দ্ৰিক প্ৰতিবাদে বজাৰকেন্দ্ৰিক এলগৰিদমৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা সৃষ্টি কৰে, য’ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক এজেণ্ডাসমূহ বিনোদনৰ মাধ্যমত লঘু হৈ পৰাৰ বা সাময়িক ভাইৰেল প্ৰভাৱৰ পিছতে হেৰাই যোৱাৰ সম্ভাৱনা থাকে। যদিও হাস্যৰসে প্ৰতিষ্ঠানিক ক্ষমতাটোক অস্বস্তিত পেলাব পাৰে, ই কিন্তু প্ৰায়ে নীতিগত পৰিৱৰ্তনৰ পৰিৱৰ্তে এক প্ৰতীকী কেথাৰ্চিচ বা মানসিক সন্তুষ্টিতেই সীমাবদ্ধ হৈ পৰে। ফলস্বৰূপে, এনে প্ৰতিৰোধে স্থায়ী গাঁথনিগত পৰিৱৰ্তনৰ সলনি কেৱল সাময়িক মুক্তিৰ অনুভূতিহে দিয়ে। বিশেষকৈ, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছত এই আন্দোলনৰ দীৰ্ঘম্যাদী গতিশীলতা বৰ্তি থাকিব, নে ই কেৱল এটা পুৰণি ডিজিটেল স্মৃতিত পৰিণত হ’ব- সেয়া ভৱিষ্যতে এক গুৰুতৰ গবেষণাৰ বিষয় হ’ব।

ফুকোৰ তত্ত্ব অনুসৰি ক্ষমতা যেনেকৈ সৰ্বব্যাপী, প্ৰতিৰোধো তেনেকৈয়ে তাৰ সমান্তৰালভাৱে বিদ্যমান4। প্ৰতিৰোধৰ এই স্বৰূপ বৰ্তমান যুগত বিভিন্ন ব্যংগাত্মক আৰু সৃষ্টিশীল প্ৰকাশভংগীৰে প্ৰতিফলিত হয়। পুলিচৰ সন্মুখত ছচিয়েল মিডিয়াত ৰীল বনোৱা কিশোৰ, প্ৰতিবাদৰ ভাষা কঢ়িয়াই অনা ব্যতিক্ৰমী প্লেকাৰ্ড, অথবা গণতান্ত্ৰিক আন্দোলনৰ মাজত হাঁহি-স্ফুৰ্তিৰে আগুৱাই অহা জনতা এই প্ৰতিৰোধৰেই জীৱন্ত উদাহৰণ। এটা আন্দোলন বা প্ৰতিবাদতে সীমাবদ্ধ নাথাকি চি.জে.পি.ৰ প্ৰতিবাদে স্বাধীন মনোভাৱ আৰু ভৱিষ্যতৰ এক স্পষ্ট ইংগিত বহন কৰে । এই দৃষ্টিভংগীয়ে কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱাৰ লগতে, উপহাস আৰু বিনোদনৰ জৰিয়তে ক্ষমতাক অকাৰ্যকৰী কৰি তোলে। এই ব্যতিক্ৰমী ধাৰণাতেই নিহিত হৈ আছে আমাৰ ভৱিষ্যতৰ এনে পূৰ্বাভাস, য’ত ক্ষমতাক উপহাস কৰা হয়; কৰ্তৃত্বক হাস্যকৰ কৰি তোলা হয়। আৰু সেই ভৱিষ্যতৰ আভাসটোৰ মাজতেই হয়তো আমাৰ আগন্তুক দিনবোৰ লুকাই আছে।

Dr. Tonmoyee Rani Neog
Researcher and writer
Lessingstr. 60F
384400-Wolfsburg
Germany

প্ৰসংগ পুঞ্জী :
  1. Butler, J. (1990). Gender trouble: Feminism and the subversion of identity. Routledge. ↩︎
  2. de Certeau, M. (1984). The practice of everyday life (S. F. Rendall, Trans.). University of California Press. ↩︎
  3. Bakhtin, M. M. (1968). Rabelais and his world (H. Iswolsky, Trans.). M.I.T. Press. (Original work published 1965) ↩︎
  4. Foucault, M. (1978). The history of sexuality: An introduction (Vol. 1) (R. Hurley, Trans.). Pantheon Books. (Original work published 1976) ↩︎

ড০ তন্ময়ী ৰাণী নেওগ
Scroll to Top