গিগ্-প্লেটফৰ্ম ৱ’ৰ্ক : এক বিভ্ৰান্তি | গৌতম ভূঞা

লেখক: গৌতম ভূঞা | February 20, 2026

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া বা গণমাধ্যমত বহুল ভাৱে প্ৰচাৰিত বা ভাইৰেল হোৱা এটি নাম, এটা বিষয় হৈছে গিগ্ ৱ’ৰ্ক। আমাৰ মাজত ই BlinkIt, Flipkart Minutes, Swiggy Instamart, Zomato ইত্যাদি নামেৰে সুপৰিচিত। বিভিন্ন App যোগে সুলভ্য এই ব্যৱস্থা মূলতঃ দুই ধৰণৰ : খাদ্য-বস্তু ডেলিভাৰী আৰু নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ ডেলিভাৰী। আৰু ইয়াক চলাই ৰখাৰ মূল আধাৰ হৈছে ডেলিভাৰী প্ৰদানকাৰী হিচাপে গিগ্-প্লেটফৰ্ম ব্যৱস্থাৰ “ডেলিভাৰী পাৰ্টনাৰ্ছ” বা “ৰাইডাৰ” সকল । App প্লেটফৰ্ম সমূহে আগবঢ়োৱা এই ব্যৱস্থাৰ সুকীয়া বৈশিষ্ট্যটো হ’ল গ্ৰাহকৰ প্ৰয়োজন অনুসৰি নিজৰ দুৱাৰডলিলৈ অ’ৰ্ডাৰ কৰি পঠোৱা যিকোনো বয়-বস্তু, খাদ্য ইত্যাদিৰ অতি ক্ষীপ্ৰ গতিত (মাথোঁ ১০-১৫ মিনিটৰ ভিতৰতে) ডেলিভাৰী সেৱা প্ৰদান কৰা। ইয়াৰ বাবদ ৰাইডাৰ সকলে নিজৰ সময়-সুবিধা অনুযায়ী “অতিৰিক্ত”  উপাৰ্জনৰ বাবে নিৰ্দিষ্ট App-ৰ যোগেৰে এই ব্যৱস্থাৰ লগত সংযুক্ত হ’ব পাৰে অথবা এইধৰণে একপ্ৰকাৰৰ প্ৰতিশ্ৰুতি দিয়া হয় এই App সমূহৰ স্বত্বাধিকাৰী কৰ্প’ৰেট গোষ্ঠীৰ ফালৰ পৰা। পূৰ্বতে চলি অহা বজাৰ ব্যৱস্থাৰ লগত (বিশেষকৈ নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত) ইয়াৰ মৌলিক পাৰ্থক্য হ’ল সামগ্ৰী সমূহ উৎপাদনকাৰী কোম্পেনী সমূহৰ পৰা পোণপটীয়াকৈ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি যিকোনো সময়তে যোগান ধৰা। অৰ্থাৎ সামগ্ৰী উৎপাদনকাৰী কোম্পেনী সমূহৰ পৰা গ্ৰাহকৰ হাতত পৰালৈ মাজত থকা পাইকাৰী ডিষ্ট্ৰিবিউটৰ আৰু সৰু-সুৰা দোকান সমূহৰ যি এক ব্যৱধান আছে তাক মোবাইল App সঞ্চালিত এই ব্যৱস্থাই নোহোৱা কৰাৰ কথা কয়। আৰু ইয়াৰ বাবে তেওঁলোকৰ হাতত আছে বয়-বস্তুৰ বিশাল ভাণ্ডাৰ‌ তথা ৱেৰ-হাউছ সমূহ। মূলতঃ এই ৱেৰ-হাউছ আৰু ৰাইডাৰ সকলৰ এক সুবিশাল নেটৱৰ্কৰ যোগেৰে এই ব্যৱস্থা পৰিচালিত হয়।

গিগ্ ব্যৱস্থাৰ অধীনত কৰ্মৰত ৰাইডাৰ সকল অন্য বাণিজ্যিক সংস্থা, কোম্পেনী বা কাৰখানা, বা অন্য সেৱা খণ্ডৰ লগত জড়িত কৰ্মচাৰীৰ তুলনাত যথেষ্ট পৃথক। বৰ্তামানলৈ পাৰম্পৰিক ভাৱে চলি অহা চৰকাৰী বা বেচৰকাৰী খণ্ড সমূহত নিয়মীয়া দৰমহা বা দৈনিক মজুৰিৰ বাবদ কৰ্মচাৰী সকলে কাম কৰাৰ পৰিৱৰ্তে এই ব্যৱস্থাৰ কৰ্মচাৰী সকলে সাময়িক চাহিদা অনুযায়ীহে কাম কৰাৰ সুযোগ লাভ কৰে। কৰ্মচাৰী সকলো প্ৰকৃততে অংশকালীন (part-time) বা হ্ৰস্ব-ম্যদী (short-term) ঠিকাভিত্তিক কৰ্মচাৰীহে। উল্লেখযোগ্য যে এই App সমূহৰ জৰিয়তে এই ব্যৱস্থাৰ লগত সংযুক্ত হোৱাৰ ক্ষেত্ৰতো একধৰণৰ Joining fees বা ভৰ্তি-মাচুল থাকে যাক পৰৱৰ্তী সময়ত হ’বলগীয়া উপাৰ্জনৰ পৰা কৰ্তন কৰা হয়। দেখিবলৈ ই এক অতি সৰল লেন-দেন আৰু চাহিদা পূৰণৰ প্ৰক্ৰিয়া। তেন্তে ইয়াত বিভ্ৰান্তিকৰ উপাদানটো ক’ত? স্বাভাৱিকতে সেই প্ৰশ্ন নিশ্চয় মনলৈ আহে!

প্ৰথমে যদি আমি ইয়াৰ ৰেভিনিউ ম’ডেলটোক সূক্ষ্মভাৱে লক্ষ্য কৰোঁ, দেখিবলৈ পাওঁ যে প্ৰতিটো অ’ৰ্ডাৰ ডেলিভাৰী কৰি অহাৰ অতি নিম্ন পৰিমাণৰ ধনহে (১০-৩০ টকা) ৰাইডাৰ সকলক পৰিশোধ কৰা হয়। আনহাতে প্ৰতিটো অ’ৰ্ডাৰ গ্ৰাহকৰ ওচৰলৈ গৈ দি অহাৰ বাবে ১৫-৩০ মিনিট বা কেতিয়াবা দূৰত্ব আৰু যান-যট পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৪০ মিনিট পৰ্যন্ত এজন ৰাইডাৰক দৰকাৰ হয়। অৰ্থাৎ যদি এটা অ’ৰ্ডাৰ সম্পূৰ্ণ কৰি আহি পুনৰ আন এটা অ’ৰ্ডাৰ পোৱালৈ গড়ে ২৫ মিনিট সময়ৰ প্ৰয়োজন হয় আৰু প্ৰতিটো অ’ৰ্ডাৰৰ বিপৰীতে যদি গড়ে ২০ টকাকৈও উপাৰ্জন হয় তেন্তে নুন্যতম মজুৰি মাহে ২১০০০ টকা পাবলৈ দৈনিক প্ৰায় ৩৫টাকৈ ডেলিভাৰী প্ৰদান কৰাৰ প্ৰয়োজন হয়। এয়াও এক অতি আশাবাদী অনুমান হে। প্ৰকৃতাৰ্থত ইয়াতকৈও অধিক সময়ৰ বাবে কাম কৰাৰ পিছতো বহুতৰেই উপাৰ্জনৰ পৰিমাণ নুন্যতম মজুৰিতকৈও কম পৰিমাণৰহে হয়। অথচ এই App সমূহে প্লেটফৰ্ম ফী, Convenience ফী বা Delivery ফী ইত্যাদিৰ নানা নামেৰে বহু পৰিমাণৰ ধন প্ৰতিটো অ’ৰ্ডাৰৰ বাবদ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰে। ইয়াৰোপৰি, এই ব্যৱস্থাৰ সৈতে জড়িত হৈ থকা ৰাইডাৰ সকলৰ সৰহ সংখ্যকেই হ’ল গ্ৰামাঞ্চলৰ পৰা চহৰলৈ কৰ্ম-সংস্থান বিচাৰি অহা যুৱক-যুৱতী যিসকলে ভাড়াঘৰ, হোষ্টেল, paying guest হোষ্টেল ইত্যাদিত বাস কৰে। গতিকে দৈনিক প্ৰায় ১৪ ঘণ্টাতকৈও অধিক সময় কাম কৰাৰ পিছতো তেওঁলোকে কোনোমতে খাই-পিন্ধি চলিব পৰাকৈ হে উপাৰ্জন কৰিবলৈ সক্ষম হয়। যি এই ব্যৱস্থাৰ মালিক গোষ্ঠীয়ে প্ৰচাৰ কৰাৰ দৰে কম সময়ত অতিৰিক্ত উপাৰ্জনৰ প্ৰতিশ্ৰুতিৰ এক সম্পূৰ্ণ বিপৰীত ছবি।

দ্বিতীয়ত, চৰকাৰী বা বেচৰকাৰী খণ্ডত কৰ্মৰত নিয়মীয়া কৰ্মচাৰী সকলৰ বাবে পূৰ্বৰ শ্ৰম আইন বা শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গ্ৰহণ কৰা শ্ৰম-কোডৰ অধীনত কেতবোৰ সামাজিক সুৰক্ষাৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে Providend Fund (PF) আৰু Employees’ State Insurance (ESI) আচনি, যিয়ে নিয়োগকাৰী সংস্থা সমূহক নিয়োজিত কৰ্মচাৰী সকলৰ নুন্যতম বিত্তীয় আৰু স্বাস্থ্য সুৰক্ষাৰ বাবে দায়বদ্ধ কৰে। কিন্তু বৰ্তমানেও গিগ্-প্লেটফৰ্ম ৰাইডাৰ সকলৰ ক্ষেত্ৰত এই সুবিধা উপলদ্ধ নহয় বা প্লেটফৰ্ম সমূহো ইয়াৰ বাবে দায়বদ্ধ নহয়। অথচ, ৰাইডাৰ সকলে দিনযোৰা ডেলিভাৰী সেৱা আগবঢ়োৰ বাবে নিজৰ বাহন কাৰ্যক্ষম কৰি ৰাখিবলৈ ইন্ধন ভৰোৱাৰে পৰা প্ৰয়োজনীয় মেৰামতি (vehicle service) কৰিবলৈও নিজৰ উপাৰ্জনৰ ওপৰতেই নিৰ্ভৰশীল। যি একপ্ৰকাৰে নিশ্চিতভাৱে ৰাইডাৰ সকলৰ উপাৰ্জনৰ এক সিংহভাগ এই ব্যৱস্থাক কাৰ্যক্ষম কৰি ৰাখিবলৈ পৰোক্ষভাৱে কৰি অহা বিনিয়োগ যেন হয়, যাৰ বিপৰীতে কোনো ধৰণৰ সুত বা লাভ আদায় কৰাৰ তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ নাই। যিয়ে তেওঁলোকৰ বিত্তীয় সুৰক্ষাৰ দিশটো অধিক দুৰ্বল কৰি তোলে। ইয়াৰোপৰি, তেওঁলোকৰ ডেলিভাৰী সেৱাৰ গুণাগুণ অতি সুক্ষ্মভাৱে এই App সমূহৰ যোগেৰে নিৰীক্ষণ কৰা হয়। এই বিষয়ত মূল নিৰ্ণায়ক কাৰক হৈছে ডেলিভাৰীৰ বাবে যিকোনো এজন ৰাইডাৰক প্ৰয়োজন হোৱা সময় আৰু গ্ৰহণ কৰিব নোৱাৰা ডেলিভাৰী অ’ৰ্ডাৰৰ সংখ্যা। বিভিন্ন সময়ত বা প্ৰায়েই তেওঁলোকক “পৰ্যাপ্ত” পৰিমাণৰ ডেলিভাৰী সম্পূৰ্ণ নকৰাৰ বা গ্ৰহণ কৰিব নোৱাৰাৰ বাবে ব্যৱস্থাগত ভাৱে শাস্তিৰ সন্মুখীন কৰোৱা হয় “algorithmic penalty” ৰ জৰিয়তে। যাৰ বাবে তেওঁলোকৰ পৰৱৰ্তী সময়ত পাবলগীয়া অ’ৰ্ডাৰৰ সংখ্যা আৰু দৈনিক “ডেলিভাৰী টাৰ্গেট”  সম্পূৰ্ণ কৰাৰ বাডদ পাবলগীয়া bonus incentive-ক প্ৰভাৱিত হোৱাৰ লগতে তেওঁলোকৰ ওপৰত অধিক ক্ষীপ্ৰ ডেলিভাৰীৰ বাবে‌ এক মানসিক চাপৰ সৃষ্টি হয়। ফলস্বৰূপে বহু সময়ত আমি দেখিবলৈ পাওঁ যে ৰাইডাৰ সকলে অতি বিপদসংকুল ভাৱে তেওঁলোকৰ বাহন চলাই যাবলৈ বাধ্য হয়। লগতে, যিহেতু প্ৰায় সকলোবোৰ ৰাইডাৰেই কেৱল দুচকীয়া বাহনহে ব্যৱহাৰ কৰে সেয়ে তেওঁলোকৰ লগতে আন যান-বাহন চলোৱা সকলৰ বাবেও দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু বহু সময়ত ৰাইডাৰ সকল বা আন লোক দুৰ্ঘটনাৰ সন্মুখীন হোৱাও আমি দেখিবলৈ পাওঁ। যিয়ে তেওঁলোকৰ স্বাস্থ্য সুৰক্ষাৰ দিশটো বাৰুকৈয়ে প্ৰভাৱিত কৰে।

যিকোনো সংগঠিত খণ্ডত, সেয়া ৰাজহুৱা বা ব্যক্তিগত খণ্ডই নহওঁক কিয় এক নিৰ্দিষ্ট কাল কাম কৰাৰ পিছত কৌশলগত অৰ্হতা আৰু কাৰ্য দক্ষতা বৃদ্ধি হোৱাৰ লগতে যোগ্যতা অনুসৰি পদোন্নতিৰ ব্যৱস্থা থাকে। অৰ্থাৎ, সময়ৰ লগে লগে আগবঢ়োৱা শ্ৰমৰ পৰিমাণ আৰু কাৰ্য দক্ষতা বঢ়াৰ বাবদ উপাৰ্জন বৃদ্ধি হোৱাৰ লগতে দায়িত্ব তথা ভূমিকাৰো সলনি হয়। ইয়াৰোপৰি, আন ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলে অধিক উপাৰ্জনৰ বাবে অন্য কোনো কোম্পেনী, সংস্থা বা ক্ষেত্ৰলৈ সময়ত উন্নত পদবীত মকৰল হোৱাৰো সুযোগ পায়। কিন্তু গিগ্-প্লেটফৰ্ম ব্যৱস্থাৰ লগত জড়িত হৈ থকা ৰাইডাৰ সকলৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। অৰ্থাৎ, এক নিৰ্দিষ্ট কাল এই ব্যৱস্থাৰ সৈতে জড়িত হৈ থকাৰ পিছতো তেওঁলোকৰ কৰ্মদক্ষতাৰ বিশেষ বিৱৰ্তন বা পৰিৱৰ্তন হোৱাৰ সুযোগ নাথাকে। যিহেতু তেওঁলোকক নিয়মীয়া কৰ্মচাৰীৰ পৰিৱৰ্তে বাণিজ্যিক “পাৰ্টনাৰ” হিচাপে হে চুক্তিবদ্ধ কৰোৱা হয়, সেয়ে কোনোধৰণৰ পদোন্নতি বা বৰ্ধিত incentive পোৱাৰো সুবিধা তেওঁলোকে লাভ নকৰে। সেয়ে তেওঁলোকৰ কৰ্মজীৱন বা কেৰিয়াৰ য’তেই আৰম্ভ হৈছিল তাতেই আৱদ্ধ হৈ থাকে। ইয়াৰোপৰি, তেওঁলোকে বিভিন্ন সময়ত সন্মুখীন হোৱা সমস্যা যেনে গ্ৰাহকৰ পৰা অশোভনীয় আচৰণ বা অন্য বিভিন্ন কৰ্মক্ষেত্ৰ জনিত ওজৰ-আপত্তি কতৃপক্ষৰ ওচৰত দাখিল কৰিব খুজিলেও বাচ-বিচাৰহীন ভাৱে কৰ্মচাৰী ID Block কৰি শাস্তি বিহা হয়। এইদৰে App সমূহৰ মেনেজমেণ্ট কতৃপক্ষৰ দ্বাৰা একপ্ৰকাৰে তেওঁলোকৰ সাংবিধানিকভাৱে প্ৰাপ্ত মৌলিক অধিকাৰ সমূহৰ পৰাও বঞ্চিত কৰা হৈ আহিছে।

অৰ্থাৎ,‌ বাহ্যিক ভাৱে দেখাত ভিন্ন বিকল্পৰ আৰু নিজৰ সময়, সুবিধা অনুযায়ী বাচনি কৰিব পৰা হ্ৰস্ব-ম্যদী কৰ্মসংস্থাপন যেন লাগিলেও প্ৰকৃততে যে এয়া বন্ধোৱা শ্ৰম (bonded labour)-ৰ আধুনিক ৰূপায়ণৰ বাদে আন একো যে নহয় সেয়া সহজেই অনুমেয়। সেয়ে এই ব্যৱস্থাৰ সৈতে জড়িত ৰাইডাৰ কৰ্মচাৰী সকলে তেওঁলোকৰ সমস্যা সমূহক লৈ যোৱা সময়ছোৱাত বিভিন্ন প্ৰতিবাদ সংগঠিত কৰি আহিছে। ইয়াৰ ভিতৰত শেহতীয়াকৈ লেখত ল’বলগীয়া হ’ল যোৱা ২৫ আৰু ৩১ ডিচেম্বৰ, ২০২৫ তাৰিখে সমগ্ৰ ভাৰতৰ গিগ্-প্লেটফৰ্ম ৰাইডাৰ কৰ্মচাৰী সকলে লোৱা “log out” কাৰ্যসূচী। এই দুদিনীয়া কাৰ্যসূচীত দেশৰ প্ৰায়  ২,৪০,০০০-ৰো অধিক গিগ্-প্লেটফৰ্ম ৰাইডাৰে এই App-প্লেটফৰ্ম সমূহৰ পৰা সাময়িকভাৱে বা দিনযোৰা কাৰ্যসূচীৰে “log out” কৰি  ডেলিভাৰী প্ৰদান কৰাৰ পৰা বিৰত থাকে। আনহাতে, এই প্লেটফৰ্ম সমূহৰ অন্যতম জনপ্ৰিয় App Zomato-Blinkit-ৰ মূখ্য কাৰ্যবাহী বিষয়া তথা অন্যতম স্বত্বাধিকাৰী দ্বীপেন্দৰ গোয়েলে বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট আৰু podcast মাধ্যমেৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ বিপক্ষে বিভিন্ন কটু মন্তব্য আগবঢ়ায়। বিশেষকৈ, ৰাইডাৰ সকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত ডেলিভাৰী সম্পূৰ্ণ কৰাৰ বাবে ট্ৰেফিক-লাইটৰো অৱমাননা কৰিব লগীয়া হোৱাটো কোনো ধৰণৰ নতুন বা উল্লেখনীয় কথা নহয় বুলি একপ্ৰকাৰে অতি তৰল আৰু অবিবেচক মন্তব্যও কৰে। লগতে, এই দুয়োটা দিনত অভিলেখ সংখ্যক উপাৰ্জন হোৱাৰ দোহাই দি এই প্ৰতিবাদী কাৰ্যসূচী বিফল হোৱা বুলিও গোয়েলে বিভিন্ন মাধ্যমে যোগে দাবী কৰে। অৱশ্যে ইয়াৰ প্ৰায় দুসপ্তাহ পিছতেই উচ্চতম ন্যায়ালয়ৰ ধমক খাই বহু App প্লেটফৰ্মে ১০-মিনিটৰ প্ৰতিশ্ৰুতিৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে।

গতিকে আমি দেখিবলৈ পাওঁ যে বৰ্তমান সময়ত পুঁজিবাদী উৎপাদন আৰু অৰ্থনৈতিক ব্যৱস্থাটোৱে দাৰিদ্ৰতা, বিত্তীয় সমস্যা আৰু নিৱনুৱাৰ বাবে পৰ্যাপ্ত কৰ্মসংস্থাপনৰ সমস্যা অধিক তীব্ৰতৰ আৰু জটিল কৰি তুলিছে। ইয়াৰ সুযোগ লৈ এই প্লেটফৰ্ম ব্যৱস্থা সমূহে যুৱচামক কৰ্মসংস্থাপন দিয়াৰ চলেৰে এক নতুন ধৰণৰ দাস ব্যৱস্থাৰ প্ৰচলন কৰি ইচ্ছানুসৰি শোষণ চলাই আহিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গ্ৰহণ কৰা শ্ৰম-কোডত গিগ্-প্লেটফৰ্ম ব্যৱস্থাৰ সৈতে জড়িত ৰাইডাৰ কৰ্মচাৰী সকলৰ সামাজিক সুৰক্ষাৰ বাবে পদক্ষেপ লোৱা হৈছে যদিও তাত যথেষ্ট আসোঁৱাহ আছে। সেয়ে পৰ্যাপ্ত নীতিগত স্পষ্টতাৰ অবিহনে গিগ্-প্লেটফৰ্ম কৰ্মচাৰী সকলে সন্মুখীন হোৱা সমস্যা সমূহ সমাধানৰ বাবে পৰ্যাপ্ত হ’ব বুলি আমাৰ মনে নধৰে।

(লেখক ডি ৱাই এফ আই কামৰূপ ( ম:) জিলাৰ সভাপতি তথা কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ গৱেষক ছাত্ৰ)

গৌতম ভূঞা
Scroll to Top