চাহ জনগোষ্ঠী-আদিবাসীসকলৰ শৈক্ষিক যাত্ৰা: অতীতৰ পৰা বৰ্তমানলৈ | আশিস শৰ্মা

ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম চাহ উদ্যোগৰ বাবে পৃথিৱী বিখ্যাত। চৰকাৰী তথ্য অনুসৰি, অসমত প্ৰায় ৮০৩ খন চাহ বাগিচা আছে, যিয়ে প্ৰায় ২১,৬২,০০০ হেক্টৰ মাটিকালি আগুৰি আছে ।দুৰ্ভাগ্যবশতঃ, বাগিচাসমূহৰ সুন্দৰ, সেউজীয়া আভৰণৰ আঁৰত লুকাই থাকে শোষণ আৰু নিৰ্যাতনৰ বহু অব্যক্ত কাহিনী ।
অসমৰ ভূমিত ইংৰাজে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা ব্যৱসায়িক ভিত্তিত চাহ খেতি আৰম্ভ কৰে, আৰু বিভিন্ন কাৰকৰ পৰিপ্ৰেক্ষিতত কম খৰচী, পৰিশ্ৰমী শ্ৰমিক হিচাপে মধ্য-পূৱ ভাৰতৰ বিভিন্ন ভাষিক তথা সাংস্কৃতিক পৰিমণ্ডলৰ পৰা বৃহৎ সংখ্যক লোকৰ অসমৰ বাগিছাসমূহলৈ আইনী/বেআইনী ভাৱে আমদানি কৰিছিল। এই লোকসকলৰ বংশধৰ সকলেই বৰ্তমান বৃহত্তৰ অসমীয়া জাতিৰ এক উল্লেখযোগ্য অংশ- চাহ জনগোষ্ঠী-আদিবাসীসকল। “চল মিনি আচাম যাব দেশে বৰ’ দুখ ৰে” বুলি আত্মীয়-স্বজন, জন্মভূমিক এৰি আহি এই জনগোষ্ঠীটোৱে অসমকেই মাতৃভূমি ৰূপে আকোঁৱালি ল’লে। পিছে আজি স্বাধীনতাৰ ৭৭ টা বছৰৰ পিছতো জনগোষ্ঠীটো শিক্ষা-স্বাস্থ্য তথা অৰ্থনৈতিক দিশসমূহত দুখজনক ভাৱে পিছপৰা । যিহেতু অতীজৰে পৰাই বাগিচাৰ মালিকসকলৰ প্ৰাথমিক লক্ষ্য আছিল লাভৰ পৰিমাণ বৃদ্ধি কৰা, তাৰ বিপৰীতে কিন্তু শ্ৰমিকসকলৰ শিক্ষা, স্বাস্থ্য আৰু অন্যান্য কল্যাণমূলক দিশসমূহক কেতিয়াও অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল। আমাৰ এই আলোচনাত অসমৰ চাহ জনগোষ্ঠী-আদিবাসী সকলৰ ঔপনিৱেশিক কালৰ পৰা বৰ্তমানলৈকে হোৱা শৈক্ষিক অগ্ৰগতি সম্বন্ধে আলোকপাত কৰাৰ চেষ্টা কৰিম ।
ইয়াণ্ডাবু সন্ধি মৰ্মে ব্ৰিটিছে অসম দখল কৰাৰ পিছত, টোল-মাদ্ৰাছাৰ পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে মি. জেনকিন্স, লৰ্ড মেকলেৰ প্ৰচেষ্টা আৰু ১৮৫৪ চনৰ উড ডেস্পাচৰ জৰিয়তে আধুনিক শিক্ষা ব্যৱস্থাৰ সূচনা হ’ল আৰু ১৮৫৬-১৮৭২ চনত চৰকাৰে অসমত ৩০৩ খন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিলে। ঔপনিৱেশিক শাসনকালত এই পৰিৱৰ্তনে অসমৰ শিক্ষাক এক নতুন গতি দিলে, যদিও চাহ বাগিচাৰ শ্ৰমিকসকলৰ শিক্ষাৰ ক্ষেত্ৰত এই পদক্ষেপসমূহ যথেষ্ট উদাসীন আছিল। ১৮৭০ চনত শিৱসাগৰৰ বিদ্যালয় সমূহৰ যুটীয়া নিৰীক্ষক কাশীকান্ত মুখাৰ্জীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তানৰ শিক্ষাৰ বাবে শিৱসাগৰত এখন বিদ্যালয় স্থাপন কৰি প্ৰথম প্ৰচেষ্টা হাতত লৈছিল যদিও এই প্ৰচেষ্টা ফলৱতী হোৱা নাছিল। ১৯০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ চাহ বাগিচাসমূহৰ ৬,৫৭,৩৩১ জন মুঠ শ্ৰমিকৰ সকলোৱেই নিৰক্ষৰ আছিল; যিয়ে চাহ বাগিচাসমূহত শিক্ষাৰ ভয়াৱহ অনগ্ৰসৰতাৰ ছবিখন ফুটাই তুলিছিল। এই সমস্যা সমাধানৰ তাৎক্ষণিকতা অনুভৱ কৰি ব্ৰিটিছ চৰকাৰে ১৯০৫ চনত ডব্লিউ. এম. কেনেডিক এই বাগিচাসমূহৰ শিক্ষা অৱস্থাৰ তদন্ত কৰিবলৈ বিশেষ বিষয়াৰূপে নিযুক্ত কৰিছিল। কেনেডিয়ে ১৯০৬ চনৰ নৱেম্বৰত দাখিল কৰা তদন্তৰ প্রতিবেদনত এক নিৰাশাজনক চিত্ৰ উন্মোচিত হৈছিল । তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে উক্ত সময়চোৱাত চাহ বাগিচাসমূহত স্কুলযোৱা বয়সৰ ৭৬,০০০ জন শিশু থাকিলেও, তাৰে মাত্ৰ ৪,২৮৮ জনে কাগজে-কলমে মৌলিক শিক্ষা গ্ৰহণ কৰিছিল আৰু কেৱল ১,৯২৬ জনহে বিদ্যালয়ত উপস্থিত হৈছিল। কেনেডিয়ে লক্ষ্য কৰিছিল যে যদিও সাধাৰণতে শিশুসকলে স্কুললৈ যোৱাত কৌতূহল দেখুৱাইছিল, কিন্তু ক্ৰমে সিহঁতৰ উপস্থিতি হ্ৰাস পাইছিল কাৰণ মজুৰি উপাৰ্জনৰ দিশটোও ইয়াত জড়িত আছিল । কিয়নো স্কুললৈ যোৱাটোৱে সিহঁতক সম্পূর্ণ দিনটোৰ বাবে বাগানৰ কামৰ পৰা আঁতৰাই ৰাখিছিল, আৰু কামলৈ যাব নোৱাৰিলে মজুৰিৰ পৰা বঞ্চিত হৈছিল। আজিও জনগোষ্ঠীটোৰ বহু অভিভাৱকে এই কাৰণটোৰ বাবেই বহু শিশু, কিশোৰ/কিশোৰীক বিদ্যালয়লৈ নপঠিয়াই, যিহেতু এজনৰ মজুৰিয়ে লোকসকলৰ উপাৰ্জনত যথেষ্ট প্ৰভাৱ পেলায়। যাই হওঁক এনে বহু কাৰক বিবেচনা কৰি কেনেডিয়ে চাহ বাগিচাসমূহত শিক্ষা প্ৰসাৰৰ বাবে এক ত্ৰি-মাত্ৰিক পদ্ধতিৰ পৰামৰ্শ দিছিল: প্ৰথমতে, বাগিচাৰ পৰিচালকসকলৰ দ্বাৰা পৰিচালিত দিনত দুঘণ্টাকৈ চলা বেচৰকাৰী বিদ্যালয় স্থাপন কৰি বাৰ্ষিক পৰীক্ষাৰ ভিত্তিত চৰকাৰী অনুদান প্ৰদান; দ্বিতীয়তে, চৰকাৰ আৰু চাহ বাগিচাৰ পৰিচালকৰ সহযোগিতাত সাধাৰণ নিম্ন প্ৰাথমিক বিদ্যালয় স্থাপন; আৰু শেষত, বিদ্যালয়ৰ ধৰণ আৰু শিক্ষাৰ মাধ্যমৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে বাগিচাৰ মালিক আৰু পৰিচালকসকলৰ ওপৰত ন্যস্ত কৰাৰ পৰামৰ্শ দিছিল। এই পৰিপ্ৰেক্ষিতত, ১৯০৮ চনত ব্ৰিটিছ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত শিক্ষা প্ৰসাৰৰ উদ্দেশ্যে এক বিশেষ আঁচনি প্ৰৱৰ্তন কৰিছিল। এই আচঁনিৰ অধীনত বিদ্যালয়সমূহক A,B,C এই তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছিল– A শ্ৰেণী: চৰকাৰৰ দ্বাৰা স্থাপিত আৰু নিয়ন্ত্ৰিত বিদ্যালয়, B শ্ৰেণী: বাগিচা কৰ্তৃপক্ষৰ মালিকানাধীন বিদ্যালয়, য’ত শিক্ষাবিভাগৰ দ্বাৰা পৰীক্ষা পতা হৈছিল আৰু পৰিদৰ্শন কৰা হৈছিল আৰু উত্তীৰ্ণৰ ফলাফলৰ ভিত্তিতহে চৰকাৰী অনুদান (Grant-in-aid) পাইছিল, আৰু C শ্ৰেণী: বাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত বিদ্যালয় যিয়ে জিলাধিপতি বা মহকুমাধিপতিৰ অনানুষ্ঠানিক পৰিদৰ্শনৰ পাছতহে চৰকাৰী সাহায্য লাভ কৰিছিল। বৃটিছ চৰকাৰে এইদৰে অসমৰ বিভিন্ন প্ৰান্তত বহুতো প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল যদিও ফলাফল আশাপ্ৰদ নাছিল। ১৯২১ চনৰ লোকপিয়লত শিক্ষাৰ অনগ্ৰসৰতাৰ দিশটো প্ৰকাশ পাইছিল। লোকপিয়ল অনুসৰি জৰীপকৃত ৯,২২,২৮৫ জন বনুৱাৰ বিপৰীতে শিক্ষাৰ পৰশ পোৱা বনুৱা আছিল ৫৮৫৮ জন( ৫৫৭০ জন পুৰুষ আৰু ২৮০ গৰাকী মহিলা)। বৃটিছ চৰকাৰে ১৯২৯ চনত Royal Commission on Labour-ত দাখিল কৰা প্ৰতিবেদনত তথা ১৯৩১ আৰু ১৯৫১ চনৰ লোকপিয়লতো চাহ জনগোষ্ঠী-আদিবাসীসকলৰ শিক্ষাৰ দুখজনক ছবিখন প্ৰকাশিত হৈছিল।
বৃটিছ চৰকাৰৰ দ্বাৰা লোৱা পদক্ষেপ সমূহ ফলপ্ৰসূ নোহোৱাৰ কাৰণ সমূহ বিশ্লেষণ কৰিলে দেখা যায়, বাগিচা কৰ্তৃপক্ষ তথা চৰকাৰৰ সদিচ্ছাৰ অভাৱ এটি মূখ্য কাৰক আছিল । ভৱিষ্যতে শ্ৰমিকৰ অভাৱ হ’ব বুলি ভাবি কৰ্তৃপক্ষই শিক্ষাৰ প্ৰসাৰক এক বাধা ৰূপেই গন্য কৰিছিল। অন্যহাতে ওপৰত উল্লেখিত মজুৰি উপাৰ্জনৰ দিশটোও অন্যতম, অভিভাৱক সকল সচেতন নাছিল, আৰ্থিকভাৱে জৰ্জৰিত এই লোকসকলে শৈক্ষিক বিকাশতকৈ অৰ্থ উপাৰ্জনৰ দিশটোতহে বিশেষ গুৰুত্ব দিছিল। যাই হওঁক, দেশে স্বাধীনতা লাভ কৰাৰ পিছতো এই জনগোষ্ঠীটোৰ সাক্ষৰতাৰ হাৰত বিশেষ অগ্ৰগতি নহ’ল। আজিও জনগোষ্ঠীটোৰ প্ৰায় ৭০% লোক নিৰক্ষৰ। এইখিনিতে উল্লেখ কৰাতো উচিত হ’ব যে চাহ বাগিচাত কৰ্মৰত শ্ৰমিক শ্ৰেণীতকৈ প্ৰাক্তন চাহ বনুৱা সকলৰ সাক্ষৰতাৰ হাৰ কিছুপৰিমানে বেছি। Assam Plantation Labour Rule 1952 ৰ ৫২ নং ধাৰা অনুসৰি সকলো বাগিচাতে প্ৰাথমিক বিদ্যালয় স্থাপন কৰা আৰু চোৱাচিতাৰ সম্পূৰ্ণ দায়িত্ব বাগিচাৰ মালিক পক্ষৰ। একেখন আইনৰ ৫৫ নং ধাৰ অনুসৰি বাগিছা কৰ্তৃপক্ষই প্ৰতি ৪০জন ছাত্ৰ/ছাত্ৰীৰ বাবে এজনকৈ শিক্ষক নিযুক্তি দিব লাগিব আৰু ৫৭ নং ধাৰা অনুসৰি কোনো ছাত্ৰ/ছাত্ৰীৰপৰা একো মাছুল ল’ব নোৱাৰিব। কিন্তু এই আইনৰ ধাৰা সমূহ আজিও কাগজে-কলমেই থাকিল, সকলো ঠাইতে ই ৰূপায়ণ নহ’ল । আনকি বৃটিছ শাসনকালত স্থাপন কৰা বহু প্ৰাথমিক বিদ্যালয়ো কালক্ৰমত বন্ধ হ’ল। বিখ্যাত ইংৰাজী কবি শ্বেলীয়ে কোৱাৰ দৰে, Our sweetest songs are those that tell of saddest thought, এই জনগোষ্ঠীটোৰো দুখ-যন্ত্ৰণাৰ বিভিন্ন কাহিনী প্ৰকাশিত হয় ঝুমুৰ, ডমকছ্, কামজাৰীকেৰ গানা ইত্যাদিৰ দৰে লোকসংগীতসমূহৰ মাজেৰে। অন্যান্য সামাজিক অৱস্থাৰ লগতে শিক্ষাৰ অনগ্ৰসৰতাৰ ছবিখন ফুটাই তোলা এনে এটি লোক গীতৰ কলি তলত উল্লেখ কৰা হৈছে:
“…দু টাকাৰ বাজাৰ কৰে বাকি আনি লাওপানী,
চাৰা দিন পাতা ত’ৰে হপ্তা হিচাব পাই…
…বাবুদেৰ ছানা-পিনা ইচ্কুল পঢ়ে যায় ৰে,
ম’জদুৰ ছানা প’কা বিচে যায়…”
(গীতটিত বাগিচাৰ বাবুসকলৰ সন্তান সকল স্কুললৈ যায় আৰু শ্ৰমিকসকলৰ সন্তানে বাগিচাত পোক-পতংগ বিচাৰি ফুৰে বুলি আক্ষেপ প্ৰকাশ পাইছে। ইয়াৰোপৰি বাগিচা সমূহত দেশীয় সুৰাৰ প্ৰচলনৰ দিশটোও প্ৰকাশিত হৈছে গীতটিত)
শিক্ষাৰ্থী জীৱনৰ দিক্ নিৰ্নয় কৰা প্ৰথম আনুষ্ঠানিক পৰীক্ষাৰূপে গণ্য কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাক। সেয়েহে আমি ২০১২ চনৰ পৰা ২০২৫ চনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সমূহ চালি-জাৰি চাইছিলো। ২০২১ চনত কৰ’ণা মহামাৰীৰ বাবে যিহেতু পৰম্পৰাগতভাৱে পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল, সেয়ে আমি সেই বৰ্ষটিক বাদ দি প্ৰায় ১৩ বছৰৰ ফলাফল সমূহ পৰীক্ষা কৰিছিলো; পিছে ফলাফল আশানুৰূপ নাছিল। এই বৰ্ষকেইটিত সমগ্ৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ গড় হৈছে ৬২.৯৪% , তাৰ বিপৰীতে চাহ জনগোষ্ঠী-আদিবাসী শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ গড় ৪০%। বাগিচা সমূহত লক্ষ লক্ষ টকা ব্যয়েৰে “মডেল স্কুল” সমূহ স্থাপনৰ দৰে চৰকাৰৰ বিভিন্ন অভিলাসী পদক্ষেপ, সত্বেও কিয় এই বৃহৎ ব্যৱধান! ২০২৫ চনত কেৱল মাত্ৰ ৫১% শিক্ষাৰ্থীহে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।
জনগোষ্ঠীটো শিক্ষাৰ অনগ্ৰসৰতাৰ কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা যায়, চৰকাৰে পদক্ষেপ সমূহ গ্ৰহণ কৰে যদিও দীৰ্ঘম্যাদী পৰিকল্পনাৰ যেন অভাৱ । অতি সুন্দৰ আন্ত:গাথঁনিৰে “মডেল স্কুল” সমূহ স্থাপন কৰা হৈছে যদিও শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাত সন্তোষজনক নহয়। ইয়াৰোপৰি বিদ্যালয়সমূহ পৰিচালনাৰ দায়িত্বত থাকে চাহ বাগিচা বাগিচা কৰ্তৃপক্ষ, গতিকে বৰ্তমানেও ঔপনিৱেশিক আৰ্হিৰে ই কাম-কাজ চলোৱা বাগিচা সমূহৰ কৰ্তৃপক্ষই শিক্ষাৰ বিকাশত কিমান চেষ্টা চলাব তাত সন্দেহৰ থল আছে। অন্যহাতে, জনগোষ্ঠীটোৰ প্ৰায় সংখ্যক লোকৰ আৰ্থিক অৱস্থাটোৱেও শৈক্ষিক উত্তৰণত বাধাৰ সৃষ্টি কৰে। কেৱল মাত্ৰ ২৫০ টকা মজুৰি লাভ কৰা এজন চাহ শ্ৰমিকে শিক্ষাতকৈ অৰ্থনৈতিক দিশটোক গুৰুত্ব দিয়াটো স্বাভাৱিক।
বৃহৎ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ এই জনগোষ্ঠীটোৰ পৰাই মেঘৰাজ কৰ্মকাৰ, নাৰায়ণ ঘাটোৱাৰ, দেউৰাম তাছা, প্ৰহ্লাদ তাছা, সুশীল কুৰ্মী, গণেশ কুৰ্মী, সমীৰ তাঁতী, সনন্ত তাঁতী, সঞ্জয় কুমাৰ তাঁতী, কমল কুমাৰ তাঁতীকে আদি কৰি বহু কেইজন প্ৰথিতযশা কবি-সাহিত্যিকে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে । অতীতৰ পৰাই বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰেই আগবঢ়া জনগোষ্ঠীটোৰ শৈক্ষিক উত্তৰণ সাধিবলৈ জনপ্ৰতিনিধি, জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন, ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়া জনগোষ্ঠীটোৰ ক্ষমতাশালী ব্যক্তিসকল, সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিসকল- এই সকলোৱেই সদিচ্ছা প্ৰকাশ কৰাতো নিত্যান্তই জৰুৰী। অন্যথা নিৰক্ষৰতা, কুসংস্কাৰ, অৰ্থনৈতিক অনগ্ৰসৰতা আদিৰ দৰে সমস্যা সমূ্হৰ পৰা জনগোষ্ঠীটোয়ে কাহানিও মুক্তি লাভ কৰিব নোৱাৰিব। অন্যহাতে, চৰকাৰী পক্ষইয়ো জনগোষ্ঠীটোৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিবলৈ বৃহৎ পৰিমাণ ধনৰাশি খৰচ কৰি “ঝুমইৰ বিনন্দিনী”ৰ দৰে অনুষ্ঠান আয়োজন কৰাৰ সমান্তৰালভাৱে জনগোষ্ঠীটোৰ শিক্ষা, স্বাস্থ্য, উচিত মজুৰি আদিৰ দৰে প্ৰাথমিক প্ৰয়োজনসমূহো পূৰণ কৰিবলৈ প্ৰচেষ্টা চলোৱা উচিত।
টোকা:
চাহ-জনগোষ্ঠী-আদিবাসী সকলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশসমূহ অধ্যয়ন কৰোতে আমাক প্ৰত্যক্ষ-পৰোক্ষভাৱে সহায় আগবঢ়োৱা জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়া সকল তথা অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি শ্ৰীযুত সঞ্জয় কুমাৰ তাঁতী দেৱৰ ওচৰত আমি চিৰ কৃতজ্ঞ।
