তেজৰ বোলেৰে লিখি যাম ইতিহাস |আলোক নৰহ

এমুঠি পেটৰ ভাত আৰু গাত এখনি কাপোৰৰ বাবে চাৰিওদিশে বিশৃংখলতা, হতাশা আৰু আতংক হোৱা দেখিছা? তুমি কল্পনাই কৰিব নোৱাৰিবা যে, এনে তুলনাহীন আতংকৰ দ্বাৰা প্ৰৰোচিত সামূহিক গণউন্মাদনাই কি পৰ্যায়ৰ পৰিস্থিতিৰ জন্ম দিব পাৰে। তোমাৰ একঠা মাটি যেতিয়া কেইজনমান জমিদাৰৰ মালিকাধীন হৈ থাকিব, তোমাৰেই এমুঠি ভাত, তোমাৰ হাতৰ পৰা কাঢ়ি নিয়া হ’ব, তোমাৰ শৰীৰৰ পৰা ওলোৱা প্ৰত্যেক টোপাল ঘামৰো বেচা-কিনা চলিব আৰু তুমি অনবৰতে তলমূৰ কৰি বহি থাকিব লাগিব। এনেকৈয়ে তুমি তোমাৰ সমস্ত ক্ষমতা হেৰুৱাই পেলাবা। এনে দুর্বিষহ মুহূৰ্তত তুমি তোমাৰ অধিকাৰ ৰক্ষাৰ কথা ক’লেই- তুমি হৈ পৰিবা এজন বিদ্রোহী, এজন দেশদ্রোহী।
এয়া এহাতে স্টেনগান আনহাতে কলম তুলি লৈ কংগ্ৰেছী চৰকাৰৰ ‘দহ হাজাৰ টকীয়া পুৰস্কাৰ’ৰ বিপদ মূৰত লৈ দেশৰ মানুহৰ ওপৰত চলা দীর্ঘকালীন অন্যায়- অত্যাচাৰৰ বিৰুদ্ধে পৃথিৱী জোৰা প্ৰতিৰোধ জগাই তুলিব পৰা, আত্মগোপন কৰি অসমৰ হালোৱা, হজুৱা গঞাক চৰকাৰী দমন পীড়নৰ বিৰুদ্ধে সংগঠিত কৰি ফুৰা কমৰেড বিষ্ণু প্ৰসাদ ৰাভা। অসমৰ সমাজ জীৱনত সমন্বয়ৰ সংকটে দেখা দিলে, সাধাৰণ জনতাৰ ওপৰত শোষক-শাসকৰ নিৰ্মম অত্যাচাৰ বাঢ়ি গ’লে আমাৰ মনলৈ অহা এক উজ্জ্বল আৰু শক্তিশালী নাম হ’ল কমৰেড বিষ্ণু ৰাভা।
ব্ৰিটিছ চৰকাৰৰ আৰক্ষী বিভাগৰ চুবেদাৰ গোপালদাস ৰাভাৰ পুত্ৰ হিচাপে অভিজাত পৰিয়ালৰ হৈও ছাত্ৰ কালৰে পৰা এক বৰণীয়া পৰিৱেশৰ জীৱনাভিজ্ঞতাৰে
পুষ্ট কমৰেড ৰাভা শোষণৰ বিৰোধী আৰু জাতীয় মুক্তিৰ সংগ্ৰামত তেওঁৰ জীৱনৰ এছোৱা কাল পাৰ হৈছে। নাটক, নৃত্য, সংগীত, খেলা-ধূলা, চিত্রাংকন, ভাস্কর্য আদিৰ বহুমুখী প্রতিভাৰে বিষ্ণু ৰাভাৰ জীৱনে আন এটা দিশকো সমৃদ্ধ কৰিছে। বহু সময়ত বিষ্ণু ৰাভাই শঙ্কৰদেৱৰ দৰে এগৰাকী মহাপুৰুষক সুঁৱৰি কৈছে যে শংকৰদেৱ হ’ল জাতি- জনগোষ্ঠী, বর্ণ নির্বিশেষে সকলো জনগোষ্ঠী অসমীয়াৰ আদর্শস্বৰূপ। জনজাতীয় আন্দোলন, অধিকাৰৰ সংগ্ৰামত নামিয়েই শংকৰ-মাধৱৰ আদৰ্শৰেই তেওঁ গাইছিল—
‘কীর্ত্তন দশম নামঘোষা হওক আমাৰ শৌর্য নাট গীত নাম বৰগীত হওক আমাৰ ৰণৰ তুর্য।’
অৰ্থাৎ শংকৰদেৱক তেওঁ সমাজ ৰূপান্তৰৰ অক্লান্ত কর্মী হিচাপে অভিহিত কৰিবলৈ ভাল পাইছিল।
আমাৰ দেশ তেতিয়া সাম্রাজ্যবাদী শোষক ব্ৰিটিছৰ কবলত। তেতিয়া ৰাভা কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত অধ্যয়নৰত অৱস্থাত আছিল। এদিন ৰাতিপুৱা এটাত ছয় সাতজনমান সমনীয়াৰ সৈতে তেওঁ ৰাজপথেৰে খোজকাঢ়ি গৈ আছিল। কিছু সময় পিছতেই দুজন ইংৰাজ বিষয়া খাস্তগীৰ ঘোঁৰাৰ পিঠিত উঠি সদলবলে গৈ আছিল। বিষয়া দুজনক দেখি ৰাজপথৰ আটায়ে পথৰ কাষত থিয় হৈ মূৰ নত কৰিছিল। তেতিয়াৰ সময়ৰ ব্ৰিটিছ শাসকবৰ্গৰ নিয়ম মতে কোনো ব্ৰিটিছ বিষয়াই ৰাজপথেৰে গৈ থাকিলে বাটৰুৱাসকলে বাটৰ কাষত তলমূৰকৈ থিয় হৈ থাকিব লাগিছিল। কিন্তু বিষুও প্রসাদ ৰাভা আৰু তেওঁৰ সমনীয়াসকলে মূৰ নত নকৰি ৰাজপথেৰে গৈ থাকিল। তেতিয়া তেওঁলোকক ৰাষ্ট্ৰদ্ৰোহী আখ্যা দি আত্মসমর্পণ কৰিবলৈ নিৰ্দেশ দিলে। বিষ্ণু ৰাভাই ব্ৰিটিছ বিষয়াৰ নিৰ্দেশক কেৰেপ নকৰি এখন বগা কাগজত এটা ক’লা আৰু এটা বগা ৰঙৰ পঠা ছাগলীৰ ছবি আঁকি তাৰ তলত নিম্নোক্ত কবিতাটি লিখি ৰাজপ্ৰসাদৰ প্ৰধান দুৱাৰৰ বেৰত আঁৰি দিলে-
‘ৰাজ্যে আছে দুইটি পাঠা একটি কালো একটি সাদা, ৰাজ্যেৰ যদি মংগল চাও দুইটি পাঠাই বলি দাও।’
গতিকে তেনে অৱস্থাত ইমান শক্তিশালী প্রতিবাদ জাহিৰ কৰিব পৰাটো সাধাৰণ কথা নহয়। এজন প্ৰকৃত বিপ্লৱীৰ জৰিয়তেহে এয়া সম্ভৱ।
১৯৪১ চনৰ পৰা ১৯৫০ চনৰ সময়ছোৱাত গঢ় লৈ উঠা স্বাধীনতা আন্দোলনে ক্রমান্বয়ে ৰাভাৰ মন বিদ্রোহী কৰি তুলিছিল। ছল্লিছৰ এই দশকটোত (১৯৪০-৪৯) ৰাভাই কেইবাটাও বিপ্লৱী গীত ৰচে। জনা মতে, অসমৰ এনে গাঁও খুব কমেই আছে য’লৈ তেওঁ যোৱা নাই, এনে পাহাৰ কমেই আছে যিটো তেওঁ বগোৱা নাই, এনে নদী, জান, বিল কমেই আছে য’ত তেওঁ সাঁতোৰা নাই। তেওঁ বাংলা, অসমীয়া, বড়ো, ৰাভা আদি ভাষাত বক্তৃতা দিব পাৰিছিল আৰু যি ভাষা ব্যৱহাৰ কৰিলে হেনো ৰাইজে সহজে হজম কৰিব পাৰে, সেই ভাষা ব্যৱহাৰ কৰিছিল। ১৯৪৬ৰ শেষৰ ফালে মছলপুৰৰ সভা এখনত ভাষণ দি বিষ্ণু প্ৰসাদ ৰাভাই কৈছিল- মানুহৰ মাজত ভেদাভেদৰ প্ৰাচীৰ থিয় কৰাই প্ৰতিক্রিয়াশীল চক্ৰই শোষণৰ বাট মুকলি কৰিছে। সেই বাবেই মুক্তি লাভ কৰিবলৈ হ’লে প্রথমে সেই প্ৰাচীৰ ভাঙিব লাগিব। শ্ৰমজীৱী মানুহৰ মাজত কোনো ভেদভাৱ থাকিব নালাগিব। ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি মুক্তি আঁজুৰি আনিব লাগিব। কৃষকে কেঁচা ঘাম মাটিত পেলাই খেতি কৰে, জমিদাৰে খায়। দেহৰ কেঁচা তেজ নিগৰাই শ্রমিকে শ্ৰম কৰে, পুঁজিপতিয়ে খাই তাৰ সমগ্ৰ লাভ। সমাজৰ এই শোষক শ্রেণীক সঁকীয়াই শক্তিশালী কণ্ঠেৰে তেওঁ গাইছিল—
‘দুখীয়াৰ কলিজা নিঙাৰি ল’ব
টুপি টুপি তেজ শুহি শুহি পিৱ ৰুকি ৰুকি মঙহ চোবাই খাৱ
কুৰুকি হাড় কেউডালো চোবাৱ হুচিয়াৰ! হুচিয়াৰ!
ধনী! মহাজন! জমিদাৰ! হুচিয়াৰ! হুচিয়াৰ!’
‘…এই নিষ্পেষিত, নির্যাতিত, নিপীড়িত দুখীয়া অসমীয়াক বচাবলৈ হ’লে বচাব লাগিব বিপ্লৱৰ মাজেদি সেই ধনীসকলৰ বিপক্ষে যুঁজি, যি ধনীৰ কোনো জাতি নাই; সমাজ নাই; ধর্ম নাই; যিটো জাতি ব্রিটিছ সাম্রাজ্যবাদৰ বৰখুটা, য’তে সিহঁতৰ লাভ ত’তেই সিহঁত। সিহঁতে গাঁৱলীয়া অসমীয়াৰ তেজ শুহিছে, পটাশিলত পিহিছে, বিচাৰ কৰিছে, বক্তৃতা দিছে, ৰাইজৰ ব্যক্তিগত স্বাধীনতা হৰণ কৰিছে।'(বি: ৰা: ৰ: স: পৃ: ১০৬)
কমৰেড ৰাভা লাহে লাহে বিশ্বজুৰি দেখা দিয়া প্রত্যেকটো শোষণ-নিপীড়িনৰ লগত পৰিচিত হয়। পৰিচিত হয় এজন বিখ্যাত দার্শনিক আৰু এজন বিপ্লৱীৰ সৈতে। সমাজবাদ প্ৰতিষ্ঠাৰ এই ওৰেটো সংগ্ৰামৰ অভিজ্ঞতাৰে তেওঁ কয়- ‘মার্ক্সবাদ লেনিনবাদে মোৰ চঞ্চল উত্তাল জীৱনলৈ কঢ়িয়াই আনিছিল সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা।’ আৰু লাহে লাহে তেওঁ কমিউনিষ্ট পার্টিত যোগদান কৰি এজন দক্ষ কমিউনিষ্ট নেতা হিচাপেও পৰিচয় বহন কৰে। মার্ক্সীয় দর্শন, মার্ক্সীয় অর্থনীতি, দ্বন্দ্ববাদৰ লগত পৰিচিত হয় আৰু ৰাইজৰ লগত একেলগে মিলিজুলি ৰাইজক মার্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে উঠি পৰি লাগিছিল।
কমিউনিষ্ট পার্টিত যোগদান কৰাৰ পাছত ৰাভাৰ জীৱনলৈ ৰাজনৈতিক দুৰ্যোগৰ প্ৰবল ধুমুহা আহিছিল। কমৰেড ৰাভাৰ তেতিয়া চৰকাৰী ৰোষৰ বলি হৈ আত্মগোপন কৰিবলগীয়া অৱস্থা।
কমৰেড ৰাভাই সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ হকে বিপ্লৱৰ পোষকতা কৰিছিল। এই বিপ্লৱক তেওঁ সমাজ বিপ্লৱ আৰু সাংস্কৃতিক বিপ্লৱ ৰূপে অভিহিত কৰিছিল। ৰাভাই ভাবিছিল যে মানুহৰ ওপৰত চলা অবিৰত শোষণ- নিৰ্যাতনৰ ফলতেই শোষিত নিষ্পেষিত জনসাধাৰণ বিদ্রোহী হৈ উঠে। এই শোষণ ব্যৱস্থাৰ অন্যতম হোতা হ’ল ধনতন্ত্ৰবাদ। কমৰেড ৰাভাই ‘বিপ্লৱৰ মাজেদি সেই ধনীসকলৰ বিপক্ষে যুঁজি হেজাৰ হেজাৰ বছৰৰ বন্দীশালত বন্দী হৈ থকা দলৰ মুক্তি, হালোৱাৰ মুক্তি, হজুৱাৰ মুক্তি, বনুৱাৰ মুক্তি বিচাৰিছিল।’ তেওঁ গাইছিল—
‘জাগ জাগ জাগ জাগ মজদুৰ নজোৱান নির্যাতিত নিপীড়িত কৃষক শক্তিমান।’
অৱশেষত ১৯৪৭ চনত ভাৰতবৰ্ষত ঔপনিৱেশিক শাসনৰ অন্ত পৰিল। স্বাধীন দেশৰ ঘোষণা হ’ল। কিন্তু এনে স্বাধীনতাৰ প্ৰতি বীতশ্রদ্ধ হৈ সেই দিনটোতে টিহুৰ দীঘেলীত ৰাইজৰ সৈতে ক’লা পতাকা উৰুৱাই কমৰেড ৰাভাই ঘোষণা কৰে— ‘ইয়ে আজাদী ঝুঠা হায়।’ আচল স্বাধীনতা বা প্রকৃত স্বাধীনতাৰ সন্দৰ্ভত ৰাভাই কৈছিল- যেতিয়াই প্রত্যেক কৃষকেই শ্ৰমৰ ফল পাব, কৃষকৰ ভাত, কাপোৰ অনাটন দূৰ হ’ব, অৰ্থৰ অভাৱত ল’ৰা-তিৰোতাৰ চিকিৎসা ব্যৱস্থা কৰিব নোৱাৰি হাবাথুৰি খায় ফুৰিব নালাগিব; প্রত্যেক মজদুৰেই যেতিয়া কাৰখানাৰ অংশীদাৰ হৈ পৰিব, যেতিয়া কোনেও কাৰো তলতীয়াভাৱে হাত পাতিবলগীয়া নহ’ব; যেতিয়া দেশত সমাজবাদ প্রতিষ্ঠা হ’ব তেতিয়াহে দেশ স্বাধীন, তেতিয়াহে আচল স্বাধীনতা। তাৰ বাবেই কথা ক’ব লাগিব, কলমেৰে লিখিব লাগিব, তুলিকাৰে ছবিও আঁকিব লাগিব। সমাজৰ পৰিৱৰ্তন আনিবলৈ প্রতিশ্রুতিবদ্ধ হ’ব লাগিব। ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে সাংস্কৃতিক পৰিৱৰ্তনো ঘটাব লাগিব। কাৰণ য’তেই সংঘাত তাতেই পূৰ্ণ বিকাশ। গীতৰ মাজেদিয়ে প্ৰকাশ কৰিছিল তেজেৰে ইতিহাস লিখি থৈ যোৱাৰ প্ৰবল হাবিয়াস-
‘তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম দীন সমাজৰ হীন পৰিহাস কত ছহিদৰ দুখৰ জীৱনী লিখা কত ব্যথিতৰ বেদনাৰ ছবি আঁকা পৃথিৱীৰ চিৰ মুকুতিৰ পথ ৰেখা ৰচি যাম বহু শোষিতৰ হা-হুতাশ।’
তেওঁ কৈছিল- ‘এফালে ৰাইজ, আনফালে চৰকাৰ। চৰকাৰে শুঙি শুঙি মোক বিচাৰি ফুৰে চৰকাৰৰ বিৰোধী বুলি: ৰাইজৰ বুকুৰ এফাল হিয়াৰ ৰঙা আমঠু বুলি ৰাইজে বিচাৰে মোক ৰক্ষা কৰিবলৈ।’ শোষণৰ কোনো দেশী বা বিদেশী ৰূপ নাথাকে, শোষণ শোষণেই।
কমৰেড বিষ্ণু প্ৰসাদ ৰাভাই যি সমাজবাদী আৰু সাম্যবাদী ৰাজনৈতিক মতাদৰ্শক গুৰুত্ব দি সমাজ বিপ্লৱৰ আহ্বান দিছিল, আজিৰ চাৰিওফালৰ শোষণ, দমনৰ পৰিস্থিতিত এই আহ্বানক সাৰোগত কৰা অতি জৰুৰী হৈ পৰিছে। পুঁজিবাদী, ধনেৰে বলীয়ান শক্তিবোৰে ভাৰতৰ ৰাজনীতিত কৰি থকা দখলদাৰী দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। দেশৰ জনগণৰ আজি পানীত হাঁহ নচৰা অৱস্থা।
বিশ্বায়নে কোঙা কৰি পেলাইছে দেশখনক। কোটি কোটি টকাৰ ধাৰত পোত খাইছে। তাৰ মাজতে চৰকাৰৰ উগ্র জাতীয়তাবাদ, ধর্মীয় সংকীর্ণতা, সাম্প্রদায়িক সংঘৰ্ষৰ উচটনি। আমাৰ দেশৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সকলোতে সাম্রাজ্যবাদৰ আগ্রাসন। শাসকীয় দলটোৱে হিন্দুত্বৰ ভাবাদৰ্শৰে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ নামত যিবোৰ অসাংবিধানিক কর্ম- কাণ্ডত লিপ্ত হৈ দেশ চলাইছে; হিন্দু-মুছলমানৰ বিভাজনৰ জৰিয়তে ধৰ্মৰ নামত ঘৃণা তথা সাম্প্রদায়িক ৰাজনীতি কৰি দেশৰ জনগণক যেনেকৈ বিপথে পৰিচালিত কৰিবলৈ ধৰিছে, চৰকাৰৰ ধনবল আৰু বাহুবলেৰে নানাবিধ কাৰচাজিত আৰু দুষ্কাৰ্যসমূহৰ প্ৰতিক্রিয়া হিচাপে শাসকীয় দলটোৰ প্ৰতি মোহভংগ হৈ আমাৰ সচেতন ছাত্ৰ সমাজ আজি একেলগ হৈ উত্তাল হৈ পৰিব লাগিব। ছাত্ৰসকলক সুস্থ ৰাজনীতিৰ পৰা আঁতৰাই পঠোৱাৰো চৰকাৰৰ যি কৌশল, তাকো আমি অনুধাৱন কৰিব পাৰিব লাগিব। কাৰণ মানুহৰ জীৱনৰ লগত ৰাজনীতিৰ যি এৰাব নোৱৰা সম্পৰ্ক, সেই ক্ষেত্ৰত তেখেতে এটি কেঁচুৱাৰ কান্দোনৰ লগত ৰাজনীতিক তুলনা কৰা প্ৰসংগটোৱেই স্পষ্ট কৰিছে।
হিন্দু-মুছলমানৰ বিভাজন বা সাম্প্রদায়িক সংঘর্ষই দুখীয়া জনসাধাৰণৰ সমস্যা সমাধান নকৰে। ভোকৰ আহাৰ যোগান নধৰে। সাম্প্রদায়িকতাই মাথোন একাংশ ক্ষমতালোভী, শোষক-শাসক আৰু ভ্ৰষ্টাচাৰীৰ স্বাৰ্থ সিদ্ধি কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সাম্প্রদায়িক সংঘৰ্ষৰ প্রত্যাহ্বান ৰূপে বিষ্ণু ৰাভাই ‘চিৰাজ’ নাটক অভিনয় কৰোৱাত বিশেষ ভূমিকা পালন কৰিছিল। হিন্দুৰ শত্রু মুছলমান বা মুছলমানৰ শত্রু হিন্দু নহয়। মানুহৰ প্ৰকৃত শত্রু হ’ল হিন্দু আৰু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰা প্রতিক্রিয়াশীল শক্তিবোৰ। যাৰ প্ৰকৃততে কোনো ধর্ম নাই, সংস্কৃতি নাই, যাৰ এটাই লক্ষ্য- বিভাজন আৰু শোষণ।
আজি ভাৰতৰ পুঁজিপতিসকলৰ মুনাফা বছৰে বছৰে অতিমাত্ৰাত বৃদ্ধি হৈ আছে। আন পিনে দেশৰ জনসাধাৰণৰ দুখ-দুর্গতি, অভাৱ-অনাটন কুলাই পাচিয়ে নধৰা হৈ বৃদ্ধি পাইছে আৰু চৰকাৰৰ প্ৰচাৰ যন্ত্ৰই দিনে-ৰাতিয়ে ঘোষণা কৰি আছে যে দেশ প্ৰগতিৰ পথত তীব্ৰ গতিৰে আগবাঢ়িয়েই আছে।
কমৰেড ৰাভাই কৈছিল- দেশ তথা সমাজলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আজুৰি আনিবলৈ প্ৰচণ্ড শক্তি নিহিত হৈ আছে নৱ প্ৰজন্মৰ তেজত। মাও চে তুঙৰ ভাষাত নতুন প্রজন্ম হ’ল আকাশ ফালি ওলাই অহা পুৱাৰ তেজাল বেলিটোৰ দৰে। কার্ল মার্ক্স, লেনিন আৰু মাও যিদৰে কমৰেড ৰাভাৰ বিপ্লৱৰ প্ৰতীক, ঠিক একেদৰে আমাৰ বাবেও আজি এজন সৈনিক শিল্পী কমৰেড বিষ্ণু প্রসাদ ৰাভা। কেৱল ‘কলাগুৰু’ সন্মান অভিহিতেৰে ৰজাঘৰীয়াই আজি কমৰেড বিষ্ণু ৰাভাৰ প্ৰকৃত জীৱন আদৰ্শক লুকুৱাই ৰখাৰ যি কৌশল আৰু ষড়যন্ত্র তাক প্রতিহত কৰি বিষ্ণু ৰাভাৰ ৰাজনৈতিক কৰ্ম-দর্শনক জোৰদাৰ আলোচনা আৰু চৰ্চাৰ মাজলৈ অনাটো আজিৰ সমাজত অতি প্রাসংগিক হৈ পৰিছে।
(ফোন- ৭০০২৪ ২৩৪৩৬)
