স্তাৱক | প্রার্থনা শইকীয়া

পোষ্ট অফিচটোৰ সন্মুখতে কাফেখন। কাফেখনৰ ঘৰটো অৰ্দ্ধচন্দ্ৰাকৃতিৰ- কাজুবাদামটোৰ নিচিনা। ঘৰটো গোল চ’কটোৰ একোণত কাৰণে তেনেকুৱা নে ঘৰটোৰ আকৃতিৰ পৰিপ্ৰেক্ষিতত ৰাস্তাটো, গোল চ’কটো… দুয়োটাই হয়তো আনটোৰ পৰিপ্ৰেক্ষিতত। পোষ্ট অফিচ ঘৰটোৰো ঢুকবোৰ ভঙা- গোলকৈ কটা। কিন্তু পোষ্ট অফিচটো কাজুবাদামটোৰ দৰে নহয়। গোল চ’কটোৰ আনবোৰ দিশৰ ঘৰবোৰ চ’কটোৰ পৰা এক বিশেষ দূৰত্বত নিজৰ ভাগে আছে। এই ঘৰবোৰ পুৰণি- যেন গোল চ’কটোৰ স’তে এই ঘৰবোৰৰ সময়ৰো এক ব্যৱধান আছে। পোষ্ট অফিচৰ ঘৰটোও পুৰণি। তিনিমহলীয়া। বগা ৰং কৰা, শ্লেৱবোৰৰ বাওবোৰত ৰঙা ৰঙ বোলোৱা। অফিচলৈ সোমাই যোৱা গেটখনৰ কাষত এখন আঠাৰ দোকান। ফুটপাথতে। তাৰ কাষতে চাহ বেচা ঠেলা এখনো থাকে। গোল চ’কটো আৰু পোষ্ট অফিচৰ মাজতো সময়ৰ ব্যৱধান থাকিব লাগে- গোল চ’কটোৰ কাষত থকা আনবোৰ পুৰণি ঘৰৰ দৰে- যিবোৰ ঘৰ গোল চ’কটোৰ পৰা এক বিশেষ দূৰত্বত নিজৰ ভাগে আছে। অৱশ্যে গোল চ’কটো আৰু পোষ্ট অফিচটোৰ মাজত এই ব্যৱধান নাই। যেন দুয়োৰে এক আদিম বুজাবুজি আছে। অথবা দুয়োৰে জন্মকাল যেন একেই। কালৰ ব্যৱধানে ভেদ কৰিব নোৱাৰা দুয়ো একো একোটা নির্দিষ্ট স্থানিক অবয়ব। এই আদিম বুজাবুজিৰ মেৰপেচত সময়ৰ ব্যৱধান কঢ়িয়াই আনি- কাজুবাদামটোৰ দৰে কাফেখনে বৰ্তমানৰ স্তাৱক হৈ চলি থাকে। চলি থকাটো বৰ্তমানৰ স্তাৱকৰ হস্তাক্ষৰ।
ঠাইকণত থকা সময়বোৰ পাৰ হৈ ক’লৈকো যাব নোৱাৰি। গোল চ’কটোৰ নজৰবন্দী হৈ সকলো ঘূৰি ফুৰি ঘূৰি আহে। সন্ধিয়া পোষ্ট অফিচৰ দুৱাৰ বন্ধ কৰি গোল চ’কটোৰ সন্মুখেৰে এপাক মাৰি ঘৰলৈ যোৱা চকীদাৰজনো পিছদিনা পুৱা গোল চ’কটোৰ সন্মুখেৰে পাক এটা মাৰি ঘূৰি আহে। পোষ্ট অফিচৰ তলা খোলে। পুৰণি, মলিয়ন কাপোৰ এটুকুৰাৰে কেবিনবোৰৰ ডেস্কবোৰ কোবাই ধূলি চাফা কৰে। আগদিনা কোনো এখন ডেস্কৰ গ্ৰাহকৰ ফাললৈ আগবাঢ়ি থকা অংশত ভুলতে বা অসাৱধানবশতঃ পৰি ৰোৱা, আধা শুকুৱা আঠাৰ টোপালবোৰৰ ওপৰেৰে কাপোৰ টুকুৰা পাৰ হৈ যায়। কাপোৰ টুকুৰাত আঠাৰ আৱেশ লাগে আৰু কাপোৰ টুকুৰাই আধাশুকুৱা আঠাৰ ওপৰত এৰি যায় ধূলিৰ নিগনি কণা। ডেস্ক কেবিনবোৰে অতীতৰ কৱচ পিন্ধি ৰাতিপুৱাৰ এই পৌনঃপুনিক আখৰা চাই ৰয়। পোষ্ট অফিচটো দৈনন্দিনৰ আখৰাগৃহ। ইয়াত অহা-যোৱা, দিয়া-নিয়া, বহন কৰাৰ আখৰা চলে। এই ঠাই মেইন- এক্ট মুক্ত। পোষ্ট অফিচটোৱে বিবিধ মেইন এক্টৰ লংগৰ হৈ আদিম ধৈৰ্য্যৰে গোল চ’কটোৰ একোণত থাকে।
গোল চ’কটো আনুভূমিক প্ৰাচুৰ্যহীনতাৰ নগৰীয়া দন্তৰে পৰিপূৰ্ণ। এই দম্ভই কাফেখনৰ আধুনিক চলমানতাক উপলুঙা কৰে। এই দম্ভৰ মূল, পুৰাতন নগৰপালিকাৰ অন্তৰতম কক্ষত। এই দম্ভ এই কথাৰ সাক্ষী যে সচলতা বা চলমানতা সময়ৰ চেতনাস্রোতৰ পৰা মুক্ত নহয়। এই দম্ভ সেই প্রজ্ঞাৰ দ্বাৰা পৰিপুষ্ট যে সকলো চলমান সচলতা সময়ৰ চেতনাস্রোতৰ ধাৰত প্রোথিত। সকলো সচলতায়েই কালৰ চকৰিত ঘূৰে। ঘূৰি ফুৰি ঘূৰি আহিবলৈ বাধ্য হয়। এই দম্ভই এই কথাও জানে যে স্থৱিৰতাও কালচক্ৰত চলমান এক সত্তা। গোল চ’কটো তেনে এক চলমান স্থৱিৰ সত্তা। ই সময়ৰ পৰা সময়লৈ এই ঠাইতে বিৰাজমান হৈ ৰৈছে। এই ঠাইতে ৰৈ বৰ্তমানৰ স্তাৱক চলমান কাফেখনলৈ চাই ৰৈছে।
ক’ফি মেকাৰ, ইলেক্ট্রিক কেটেল, মাইক্ৰ’ৱেভ, বিলিং মেশ্বিনৰ শব্দবোৰৰ সচল আধুনিক কোৰাচে কাজুবাদামটোৰ দৰে কাফেখনক সজীৱ কৰি ৰাখে- পুৱা ন বজাৰ পৰা মাজনিশা বাৰ বজালৈ। কাফেখনৰ দুখন মূলদুৱাৰ। দুয়োখনেৰে গ্রাহকে ওলোৱা-সোমোৱা কৰিব পাৰে। দুয়োখনেৰে গ্রাহক ওলায়, সোমায়। কাফেখনৰ ভিতৰত বিভিন্ন আকৃতিৰ বিভিন্ন আকাৰৰ টেবুল, চকী। কিছুমান টেবুল গোল, কিছুমান বর্গাকৃতিৰ, কিছুমান আয়তাকৃতিৰ। গোল আৰু বৰ্গাকৃতিৰ টেবুলবোৰ সৰু, দুজন বা তিনিজন বহিব পৰা। কফি-চাহ যাচোতা, বিল কৰোঁতা, টেবুল মচোতা, কাফেখনৰ কৰ্মচাৰী যুৱক- যুৱতীসকলে ইউনিফর্ম পিন্ধি থাকে। খোৱাৰ যোগাৰ কৰোঁতা কৰ্মচাৰীসকলে এপ্র’নো পিন্ধি থাকে। কৰ্মচাৰী যুৱক-যুৱতীসকলৰ কান্ধৰ তলত সৰু সৰু নাম ফলকো লগোৱা থাকে। তেওঁলোকে হাঁহিমুখে গ্রাহকসকলক আদৰণি-বিদায় জনায়। গ্ৰাহকৰ সংখ্যা অনুযায়ী টেবুল- চকীবোৰ ঠিক কৰি দিয়ে। চাহ-কফি কেনেকুৱা হৈছে সোধে। কাফেখনত মৃদু সংগীতো বাজি থাকে। সাম্প্রতিক জনপ্রিয় সংগীতৰ মৃদু ধ্বনিয়ে কাফেখনৰ সচলতাক এক অন্য মাত্ৰা প্ৰদান কৰে। কাফেখনৰ সকলো কোণত বৰ্তমান বহি থাকে। বর্তমানে কাফেখনৰ বৰ্তমানক কঠোৰ নজৰদাৰীত ৰাখে। সকলো সাম্প্রতিক, আধুনিক, সকলো সমসাময়িক- তৰুণ। কাফেৰ কৰ্মচাৰীবোৰ ৰিটায়াৰ নহয়। বয়সৰ আচোঁৰে তৰুণ, সদা সচল, সদা-সজীৱ কৰ্মচাৰীবোৰক আঁচুৰিব নোৱাৰে। কাফেৰ গ্ৰাহকবোৰো বিভিন্ন সময়ৰ পৰা আহি বৰ্তমানৰ নজৰদাৰীত থকা কাফেখনত বহেহি। বৰ্তমানৰ ভাগীদাৰ হৈ সচল, সজীৱ সমসাময়িক সময়ৰ সাময়িক তাত জিৰণি লয়হি।
বৰ্তমানৰ এই দীর্ঘায়িত বিদ্যমানতাক পোষ্ট অফিচটোৱেও চাই ৰয়। প্রতি পুৱা আন সময়ৰ পৰা ঠেলাখনত গোলচ’কটোৰ সন্মুখেৰে ঘূৰি ঠেলা খাই খাই অহা চলমান চাহদোকানখনেও অন্যমনস্কতাৰে বৰ্তমানত আৱৰ্তিত কাফেখনলৈ মন কৰে। দিনটোৰ বহু সময়ত, গ্ৰাহকৰ অবৰ্তমানত ঠেলাখন বৰ্তমানৰ স্তাৱক চলমান
কাফেখনৰ মুখামুখি হৈ ৰয়। সচলতাৰ দুই ভিন্ন বিন্দুত ৰৈ দুয়ো চলমান সত্তাই এটাই আনটোৰ স্থিতিৰ সাৱধানী সাক্ষী হৈ ৰয়। প্রতিদিনে চলি চলি আহি একে ঠাইতে ৰৈ যোৱা ঠেলাখন মাজে-সময়ে একেঠাইতে ৰৈ থাকি সাম্প্রতিকতাৰ স্তাৱক হৈ চলি থকা- অহৰহ চলি থকা কাফেখনৰ মুখামুখি হয়। চলি যাব পৰা ঠেলাখনলৈ অনেক স্থৱিৰ মুহূৰ্ত আহে। তিনিকাপ চাহ আৰু দুটা বৰা পাউৰ বিক্ৰীৰ পাছত বা আন কেতিয়াবা পাঁচটা বাতাটা পাউ আৰু চাৰি কাপ চাহৰ পাছত ঠেলাখনলৈ স্থবিৰতা আহে। ঠেলাখন সদা সজীৱ, তৰুণ আৰু প্ৰতিপল সচলতাৰে ভৰপূৰ কাফেখনৰ মুখামুখি হয়। সময়ে সময়ক চোৱাৰ এনে মুহূৰ্তবোৰ সময়ৰ গভীৰ গৰ্ভত থাকে। এই গৰ্ভ সময়ৰ ৰৈখিক একমাত্রিকতাৰ দূৰত অন্য মাত্রাত। এই গর্ভত সময় উদাৰ, উদাসীন, অপ্ৰভাৱিত, নিমাখিত পৰিদৰ্শক। ইয়াত দৰ্শন ভাবৰ প্ৰভাৱমুক্ত। এক অর্থত এই গর্ভত সময় ভাবমুক্ত। এই গর্ভ নিজেই সকলো ভাব-ভাবনাৰপৰা মুক্ত। চলি যাব পৰা ঠেলাখনে, ঠেলাখনলৈ অহা স্থৱিৰ মুহূৰ্তবোৰ ভাব-ভাবনামুক্ত গর্ভত থাপি সচল সজীৱ বৰ্তমানৰ স্তাৱক কাফেখনৰ মুখামুখি হয়। কেতিয়াবা এনে মুখামুখিৰ ভাবহীন মুখবোৰ তিয়াই বৰষুণ সৰে। টোপা-টোপে। সচল কাফেখনত বৰষুণে কোলাহল সিঁচে। গোল চ’কটোত বৰষুণে সকলোবোৰ নিৰ্জনতাত সঁপি মাথো সৰি পৰি ৰয়। পোষ্ট অফিচটো, পোষ্ট অফিচটোৰ আগত ভাবহীন গর্ভত স্থবিৰতাত থাপি, তাতে মুখামুখি হৈ ৰোৱা ঠেলাখনত বৰষুণে নিজানক পোতে।
আঠাৰ দোকানখন দিনৰ পোহৰ প্ৰহৰবোৰৰ নিৰ্ভৰ যদিও, আনমনা কাৰণত আঠাক বিভিন্ন টেমাৰ আকাৰত কয়দী কৰি থৈ দোকানখন স্বাধীন হৈ থাকে। গ্রাহকে সাধাৰণতে আঠা ব্যৱহাৰ কৰি দুই-এপইচা টেবুলখনতে এৰি গুচি যায়। কোনো গ্রাহকে লেফাফা বিচাৰিহে কেতিয়াবা বিক্রেতাক বিচাৰে। পোষ্ট অফিচৰ গোল বগা ঘৰটোৰ গোলাকাৰ চৌহদৰ কোনো অংশৰ পৰা আঠাৰ দোকান মেলা দোকানী দৌৰি আহে। টেবুলখনৰ তলৰ দ্ৰয়াৰটো খুলি লেফাফা দিয়ে। গ্রাহকে দিয়া পইচা নোচোৱাকৈয়ে ড্ৰয়াৰটোতে থৈ দ্ৰয়াৰ বন্ধ কৰি গুচি যায়। কেতিয়াবা, আঠাৰ গ্ৰাহকে টেবুলৰ ওপৰত এৰি যোৱা খুচুৰা পইচাৰ জুনুকাবোৰ হাতৰ তলুৱাৰে চুঁচি দ্ৰয়াৰটোত ভৰাই থৈ যায়। আঠাৰ দোকানত টকা ঘূৰাই দিয়াৰ বা টকা খোজাৰ নিয়ম নাই। নিয়মীয়া গ্রাহকবোৰে নিয়মৰ টকা দিয়ে। নতুন গ্রাহক বিমোৰত পৰে। তথাপি মোৰ উলিয়াই মনৰ জোখাৰে কিবা এটা দি থৈ যায়। নিয়ম- অনিয়মৰ টকা সামৰা আঠাৰ দোকানীগৰাকীক বয়সৰ সাধাৰণ ধাৰণাৰে আদহীয়া বুলিব পাৰি। পিন্ধি অহা শাৰীখনৰ তলৰ ভাগ আধা খোচনিতে থাকে। খোপাৰ চৌপাশ পাক মাৰি থাকে এডাল ম’গৰাৰ মালা। কেতিয়াবা মালাডাল বেণীত দীঘলকৈয়ো ক্লিপ মাৰি লগাই আহে। খোচনিত শাৰী গুজি, চুলিত ম’গৰাৰ মালা সাজি তেওঁ দোকানখনৰ পৰা স্বাধীন হৈ ওচৰে-পাজৰে ক’ৰবাত থাকে। কেতিয়াবা, কাচিৎহে গ্রাহকে তেওঁক আঠাৰ দোকানত লগ পায়। আঠাৰ দোকানৰ পৰা স্বাধীন দোকানী আৰু দোকানীৰ পৰা স্বাধীন আঠাৰ দোকান। আঠাৰ দোকানখন লেন-দেন আৰু গ্ৰাহকৰ দৰদামৰ পৰাও স্বাধীন। স্বাধীন গ্ৰাহকৰ পৰাও। গ্রাহকবোৰেও স্বাধীনচিতীয়াকৈ আহি আঠাৰ ব্যৱহাৰ কৰি গুচি যাব পাৰে। আঠাৰ দোকানখন আঠাৰ চাৰিত্ৰিক স্বভাৱৰ পৰাও স্বাধীন। আঠাৰ দোকানখন উন্মনা। আঠাৰ দোকানখনে বৰ্তমানৰ স্তাৱক কাফেখনলৈ কেৰাহিকৈয়ো নাচায়। নাচায় ওচৰৰে ঠেলা-চাহৰ দোকানখনলৈও। গ্রাহকবোৰে যদিও আঠাৰ দোকানখনক পোষ্ট অফিচটোৰ স’তে সাঙোৰে, আঠাৰ দোকানখনে তেনে যোগসূত্রক তিলমানো গুৰুত্ব নিদিয়ে। আঠাৰ দোকানখন ঠাইৰ স্থানিক অৱস্থিতিৰ পৰা মুক্ত। দোকানখন আছেও, দোকানখন নাইও। কোন সময়ৰ স্তাৱক হৈ কোন ঠাইৰ কোন স্থায়িত্বৰ শিকলি পিন্ধি কোন জেগা ক’ত আছে- এই লৈ আঠাৰ দোকানখনৰ কোনো মতলব নাই। আঠাৰ দোকানখন গোলচ’কটোৰ আশ-পাশ, চুবুৰীয়া ঠাইৰ স্থিতিৰ অৱস্থিতিৰ মাজত থাকিও সকলো অৱস্থিতিৰ পৰা মুকলি। খেনোৱে সোধে- “এইখন কেতিয়াৰ পৰা এনেকৈ আছে ইয়াত” খেনোৱে কয়, “নাজানো”, খেনোৱে কয়, “আছে জানো আঠাৰ দোকান ইয়াত”।
গোলচ’কটো আৰু গোলচ’কটোৰ আশ-পাশৰ ঠাইকণৰ পৰা অকণ আগুৱাই গ’লে এটা বন্ধ গ’লি। যদিও গোলচ’কটো আৰু গোলচ’কটোৰ আশ-পাশৰ ঠাইকণৰ সময় পাৰ হৈ ক’লৈকো যাব নোৱাৰি, গোলচ’কটোৰ পৰা এই বন্ধ গ’লিটোলৈ যাব পাৰি। এই গ’লিটো গোল চ’কটোৰে একপ্ৰকাৰৰ স্থানিক সম্প্ৰসাৰণ বুলিব পাৰি। অৱশ্যে এই গ’লিটো চ’কটো আৰু চ’কটোৰ আশ-পাশৰ সময়ৰ আৱেশৰ পৰা মুকলি। এই ঠাই বিভিন্ন সময়ৰ সন্ধি। এই গ’লিটোৱে বিভিন্ন সময়ক ঠাই দিয়ে। গ’লিটোৰ দুয়োকাষে নতুন-পুৰণি সকলো সময়ৰ, সকলো আকৃতিৰ ঘৰ আছে। দুই-এজেগাত ঘৰ নিৰ্মাণৰ কামো চলি আছে। সোনকালেই ঘৰবোৰ হৈ উঠিব। গ’লিটোৰ শেহত ক’অপাৰেটিভৰ এখন ডাঙৰ দোকান নতুনকৈ খুলিছে। তাত আগতে গেলামাল আৰু হার্ডৱেৰৰ কেইখনমান দোকান আছিল। আগৰ দোকানবোৰ মোহাৰি সামৰি, যদিও বিয়াগোম ক’অপাৰেটিভৰ দোকানখনে ঠাইকণ আৱৰি পেলাইছে, ক’অপাৰেটিভৰ সন্মুখত সময় সুৰুঙাৰে সৰকি আহি তিনিখন পুৰণি দোকান গ’লিটোৰ শেহত থমকি ৰৈছে। ইয়াৰে এখন কাপোৰ ইস্ত্ৰি কৰা দোকান। বিয়াগোম লোহাৰ ইস্ত্ৰিটোৱে এতিয়াও পেটত কয়লা ভৰাই কাপোৰ ইস্ত্রি কৰে। অৱশ্যে এটা ভাপ ইস্ত্রিও আহি কয়লা ইস্ত্ৰিৰ লগত লাগিছেহি। এইখনৰ কাষতে এখন চাহৰ দোকান। দোকান ঠিক নহয়, গুমটি বুলিব পাৰি- এটা সৰু ষ্ট’ভ, দুটা থার্মাছ ফ্লাক্স আৰু তিনি-চাৰিটামান বৈয়াম। দোকানখন বহলে বেকাৰী বিস্কুটৰ বৈয়ামটোৰ পৰা আৰম্ভ হৈ ষ্টভটোত শেষ হৈছে। মাজত তিনিটা বৈয়াম। মাজৰ বৈয়ামকেইটাত কেক আৰু কাটা নিমকি থাকে সাধাৰণতে। এটা বৈয়াম প্রায়ে খালি থাকে। তলিত কেতিয়াবা এটা বা দুটা নিমখীয়া বেকাৰী বিস্কুট থাকে। কেতিয়াবা বিস্কুটৰ গুৰি থাকে। থার্ম’ ফ্লাক্সকেইটা দোকানখনৰ অলপ ভিতৰলৈকে সোমাই যোৱা সমুখৰ ডেস্কখনৰ চুকত থাকেই, এখন দোকানৰ সমুখত প্ৰায়ে গ্ৰাহকৰ ভিৰ থাকে। গ্রাহকবোৰে দোকানখনৰ সমুখতে থিয় হৈ ডাঠ চিচাৰ গিলাচবোৰত চাহ খায়। কিছুমানে চাহৰ লগত বেকাৰী বিস্কুট বা কেক খায়। কিছুমানে খালী চাহ খায়। দোকানখনত প্রধানতঃ দুই ধৰণৰ চাহ পায়- গাখীৰ দিয়া আৰু গাখীৰ নিদিয়া। দুয়োবিধৰে আকৌ চেনি দিয়া আৰু নিদিয়া- গ্রাহকৰ ইচ্ছা অনুযায়ী দুবিধ চাহ। এই চাহ দোকানখনো নিৰন্তৰে চলি থাকে। কিন্তু এই চাহ দোকানখন কোনো সময়ৰে স্তাৱক নহয়। ই অতীতৰ পৰা বৰ্তমানলৈ একেদৰেই চলি আহিছে। চলি থকাটো ইয়াৰ ধৰ্ম। চলি থকাটো ইয়াৰ নিজা স্বাক্ষৰ। ই সকলো সময়ৰ পৰা মুক্ত এক স্থানিক অৱয়ব। এই ঠাইত নিৰন্তৰ চলি থকাটো ইয়াৰ প্ৰতিশ্ৰুতি। এই প্রতিশ্রুতি সময়ৰ সলনি, সময়ৰ সমাহাৰ এই ঠাইত, এই গ’লিত প্রোথিত, যেনেকৈ লোৰ গধুৰ কয়লা ইস্ত্রিটো, যেনেকৈ নতুন ভাপ ইস্ত্রিটো।
সময়ৰ সমাহাৰ গ’লিটোৰ শেষত, সময় ভেদি ৰৈ যোৱা আনখন দোকান ঘড়ীৰ। বিভিন্ন আকৃতিৰ, গোল, দীঘলীয়া, বর্গাকাৰ, আয়তাকাৰ, হাতঘড়ী, দেৱালঘড়ীৰ টিক্ টিক্ টিকেৰে অনবৰতে টিকটিকাই থকা এই দোকানখনো আন দুখন দোকানৰ দৰেই পুৰণি। অন্ততঃ দুটা প্ৰজন্মৰ সাক্ষী দোকানখন- এই কথাটো এই কাৰণেই সহজে অনুমান কৰিব পাৰি যে, দোকানখনত বাপেক- পুতেক দুয়োজনেই দোকানী হৈ ঘড়ীৰ শ্ব’কেচৰ সিপাৰে বহি থাকে। এজন কাৰিকৰো থাকে- সাধাৰণতে তেৱেঁই ঘড়ী মেৰামতিৰ কাম কৰে। দ্বিতীয় প্ৰজন্মৰ প্ৰতিনিধি পুতেকজনে কেতিয়াবা হাতঘড়ীৰ চেইন কটা বা লগোৱা ধৰণৰ সৰু-সুৰা কামবোৰ কৰে। এই কাম কৰোতে তেওঁ বাঁও চকুটোত সৰু দূৰবীক্ষণ যন্ত্ৰৰ দৰে এটা বিতচকু লগাই লয়। ৰাতিপুৱা আৰু সন্ধিয়া নিয়ম কৰি, তিনিও দোকানীয়ে কাষৰ চাহৰ দোকানৰ পৰা চাহ খায়- একাপ গাখীৰ চেনি নিদিয়া, দুকাপ চেনি গাখীৰ দিয়া। সাধাৰণতে ঘড়ীৰ মেৰামতিৰ কাম এৰি কাৰিকৰজনেই চাহ আনিবলৈ যায়।
ৰাতিপুৱা নিয়ম কৰি দোকানখনত কোনেও নেদেখা ৰেডিঅ’ৰ পৰা ভজনৰ সুৰ বাজে; সন্ধিয়া পুৰণি গীতৰ সুৰ। বিভিন্ন আকৃতিৰ দেৱালঘড়ীবোৰ দোকানৰ দেৱালত ওলমি থাকে। হাতঘড়ীবোৰ সমুখৰ শ্ব’কেচত পৰি থাকে। গ’লিটোৰ দৰেই দোকানখনতো বিভিন্ন সময়ৰ সমাহাৰ ক’ব পাৰি- প্ৰায় সকলো সময়ৰ সমাহাৰ। সময়বোৰ সময়ৰ পৌনঃপুনিকতাৰ বাদে আন একোৰে দাস নহয়। পৌনঃপুনিকতাৰ দাস এই সময়বোৰে জানে সময় ঘূৰি ঘূৰি আহে, ফুৰি ফুৰি ঘূৰি আহিবলৈ সময় বাধ্য। ফুৰিবলৈ যোৱা সময়বোৰ টিক্ টিক্কৈ এৰি দি ঘড়ী দোকানৰ ঘড়ীবোৰে ঘূৰি অহা সময়বোৰ জাহিৰ কৰে। দেৱালত, শ্ব’কেছত নতুন-পুৰণি ঘড়ীৰ ডিজাইন প্ৰদৰ্শন কৰি, সময়ৰ সমাহাৰ গ’লিটোৰ শেহত থকা ঘড়ীৰ দোকানৰ ঘড়ীবোৰে পুৰণি দিনৰ প্ৰদৰ্শনী পাতে। এই দোকানখন, ঠাইকণৰ পুৰণি নিয়ম মানি সোমবাৰে বন্ধ থাকে। পৌনঃপুনিক সময়ৰ বেচা-কিনা মেৰামতি কৰা এই পুৰণি দোকানখনে বুজে, সময়ৰ স্তাৱকবোৰৰ ‘চলি থকা’ৰ হস্তাক্ষৰবোৰ ক্ষণস্থায়ী; স্থায়ী মাথো ঠাই। সলনি হৈয়ো ঠাইবোৰ থাকি যায়। থাকি যাবলৈকে ঠাই। সময়ৰ সমাহাৰ গ’লিটোৰ সলনি হৈয়ো থাকি যোৱা ঠাইৰ সাক্ষী হৈ ঘড়ীৰ দোকানখন, চাহৰ দোকানখন, কাপোৰ ইষ্ট্ৰি কৰা দোকানখন থাকি যায়। সিহঁতৰ নীৰৱ অৱস্থিতিৰ সমমৰ্মী অৱস্থান হৈ অদূৰত থাকে গোল চ’কটো।
(ফোন- ৮৮৭৬৯ ৩৯৭৬৮)
