ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ স্বৰূপ

সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ বাবে পৰিকাঠামোগত কথাবোৰৰ উপৰিও বিনামূলীয়া পাঠ্যপুথি, সমসাজ, দুপৰীয়াৰ আহাৰ, শিক্ষকৰ প্ৰশিক্ষণ আদি যেনেকৈ গুৰুত্বপূৰ্ণ, ছাত্ৰ আৰু শ্ৰেণী অনুযায়ী শিক্ষকৰ অনুপাতৰ কথাটোও সমানেই গুৰুত্বপূৰ্ণ। ৰাজ্যত শাসকে মহাসমাৰোহেৰে শিক্ষক নিযুক্তিৰ প্ৰচাৰ চলোৱাৰ পাছতো এতিয়াও এজনীয়া শিক্ষকৰ প্ৰাথমিক বিদ্যালয় আছে। বেছিভাগ বিদ্যালয় দুজন শিক্ষকে চলায়। তিনিজন শিক্ষক থকা বিদ্যালয় নগণ্য। ৰাজ্যখনৰ প্ৰায় প্ৰতিটো ব্লকতে প্ৰায় দুশমানকৈ শিক্ষকৰ পদ খালী থকাৰ পাছতো অলপতে হৈ যোৱা চৰকাৰী নিযুক্তি সমাৰোহত কিছুমান প্ৰাথমিক শিক্ষা খণ্ডত বিছগৰাকীমানকৈ শিক্ষকেহে নিযুক্তি লাভ কৰে। শিক্ষকৰ অভাৱত বিদ্যালয়সমূহ মৃতপ্ৰায়। চাৰি বা তিনিগৰাকী শিক্ষকেৰে ভালদৰে চলি থকা কিছুমান ঐতিহ্যপূৰ্ণ পুৰণি বিদ্যালয়ৰ পৰা হঠাৎ শিক্ষকসকলক আন বিদ্যালয়ত সংলগ্ন কৰাৰ ফলস্বৰূপে সেই বিদ্যালয়সমূহত সকলো দিশতে ছন্দপতন ঘটিছে। দুজনকৈ শিক্ষকে আপ্ৰাণ চেষ্টা কৰিও তাক ৰোধ কৰিব পৰা নাই। তেনে বিদ্যালয়সমূহত স্বাভাৱিকতেই ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অভাবনীয় হাৰত হ্ৰাস পাইছে।
চাহ বাগিচা অঞ্চলত প্ৰায় ১২১খন নতুন মডেল স্কুল পাতিছে। কিন্তু তাতো শিক্ষক নিযুক্তি দিয়া হোৱা নাই। বন্ধ হৈ যোৱা স্কুল আৰু ভালদৰে চলি থকা অন্য স্কুলৰ পৰা শিক্ষকক সংলগ্ন কৰি স্কুলবোৰ নামতহে চলাই থকা হৈছে। ক্ষতিগ্রস্ত হৈছে নিৰূপায় হৈ সেই বিদ্যালয়ত পঢ়িবলগা হোৱা ছাত্ৰ-ছাত্ৰীসকল। তেনে মডেল স্কুলত বিষয় শিক্ষক নোহোৱাকৈ প্ৰাথমিক বিদ্যালয়ৰ পৰা নিয়া শিক্ষকেৰে কেনে ধৰণৰ ‘মডেল’ স্থাপন কৰিব বিচৰা হৈছে সেয়া এক ডাঙৰ প্ৰশ্ন।
নিচলা অভিভাৱকসকলে উপায়ন্তৰ হৈহে চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ বাধ্য হয়। আৰ্থিকভাৱে সামান্য উন্নতসকলে(অধিকসংখ্যকেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ অভিভাৱক।) গাঁঠিৰ ধন ভাঙি বেচৰকাৰী বিদ্যালয়ত পঢ়াই আৰ্থিকভাৱে জুৰুলা হৈ পৰে। তেওঁলোকৰ বাবে সন্তানেই যিহেতু সম্পত্তি সন্তানৰ লগতে নিজৰো ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত পাৰ্থিব আন সম্পত্তি বিক্ৰী কৰি হ’লেও পঢ়াৰ খৰচ উলিয়ায়। নিয়োগ আৰু শিক্ষাৰ এই অব্যৱস্থাত সন্তানৰ ভৱিষ্যত সঁচাকৈয়ে সুৰক্ষিত নে?
সঘনে হোৱা প্ৰশিক্ষণবোৰত অংশগ্ৰহণ কৰিবলৈ শিক্ষকে বিদ্যালয় এৰি যাব লগা হোৱাৰ বাবে বিদ্যালয়ত পাঠদান ক্ষতিগ্রস্ত হয়। প্ৰাথমিক বিদ্যালয়সমূহত ‘ক’ শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ মুঠ ছয়টা শ্ৰেণী। ছয়টা শ্ৰেণীৰ পাঁচটাকৈ বিষয় থাকিলে মুঠ শ্ৰেণীৰ সংখ্যা হয়গৈ ৩০টা। ফাউণ্ডেছনেল লিটাৰেছি এণ্ড নিউমাৰেছি (প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে) কাৰ্যসূচী আৰু টিচিং এট্ ৰাইট লেভেল, চমুকৈ TaRl( তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ বাবে) নামৰ এক কাৰ্যসূচীৰ দ্বাৰা কেনেকৈ একেলগে সকলো ছাত্ৰ ছাত্ৰ-ছাত্ৰীকে একেলগে এজন বা দুজন শিক্ষকে শিকাব লাগিব তাৰ প্ৰশিক্ষণ দিয়া হয় বেচৰকাৰী সংস্থাৰ তত্বাৱধানত। পৰ্যাপ্ত শিক্ষক থাকিলেহে সেই কাৰ্যসূচী সম্ভৱ হ’ব পাৰে বুলি যদি আপত্তি কৰা হয় সেই আপত্তি নৰজে। দুজনীয়া শিক্ষকে মাল্টি গ্ৰেড আৰু মাল্টি লেভেল টিচিং কেনেকৈ কৰিব তাৰ প্ৰশিক্ষণো দিয়া হয়। লগতে আকৌ মূল পাঠ্যক্ৰমো শিকাব লাগিব। বিভিন্ন এন জিঅ’ আদিৰ সহযোগত বাস্তৱ বিবৰ্জিত দৃষ্টিভঙ্গীৰে দিয়া এনেবোৰ প্ৰশিক্ষণেৰে শিক্ষকক অতিমানৱৰূপেহে গঢ় দিবলৈ বিচৰা হৈছে। পৰ্যাপ্ত শিক্ষক থাকিলেহে এনেবোৰ প্ৰশিক্ষণ ফলপ্রসূ হোৱাৰ সম্ভাৱনা থাকে। ডাইচৰ ডাটা এণ্ট্ৰিৰ লগতে অনলাইনৰ এশ এবুৰি কাম। গেলাতে টেঙা দি বি এল অ’ৰ দায়িত্বতো নিয়োগ কৰা হৈছে শিক্ষকসকলক। মুঠতে চৰকাৰৰ মতে শিক্ষক নিযুক্তিৰ কথাটো ৰাইজে পাহৰি যাব লাগে আৰু শিক্ষকসকলে অতিমানৱীয় শক্তি আহৰণ কৰিব লাগে।
ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গ’লেও শিক্ষকে চৰকাৰৰ তৰফৰ পৰা ভাবুকি লাভ কৰে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব অন্যথা বিদ্যালয়ত তলা ওলমিব। প্ৰয়োজন হ’লে ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰী গোটাব লাগিব। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বা এতিয়াও বিদ্যালয়ৰ বাহিৰত অনেক শিশু আছে। য। যিখিনি ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহে সেইসকলৰ উপস্থিতিও নিয়মীয়া নহয়। ধান বা আলু খেতিৰ দিনবোৰত খেতিপথাৰত সস্তীয়া শ্ৰমিক হিচাপে তেওঁলোকে কাম কৰে অথবা মাক দেউতাকৰ অনুপস্থিতিত ঘৰুৱা কামকাজ বা বেবী চিটাৰৰ কাম কৰি ঘৰুৱা প্ৰয়োজনৰ জোৰা মাৰে। কিছুমান অভিভাৱকে নিজৰ শিশু সন্তানক আনৰ ঘৰত বন্ধোৱা শ্ৰমিক হিচাপে ৰাখে। তেনে শিশুক মালিক সকলে আইনৰ ভয়ত বিদ্যালয়লৈ পঠায় যদিও ঘৰত তেওঁলোকে অনুশীলনৰ সময় নাপায়। গতিকে তেওঁলোকৰ শৈক্ষিক উত্তৰণ বাধাগ্ৰস্ত হয়। তেনে অৱস্থাত বিদ্যালয়ৰ ফলাফল কেনে হ’ব পাৰে সহজেই অনুমেয়।
ছাত্ৰ-ছাত্ৰীৰ সুস্থ শাৰিৰীক, মানসিক, আবেগিক আৰু সামাজিক বিকাশ ঘটাই সমাজখনৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণ ঘটাব পৰাকৈ শিক্ষকসকলো মানসিক, শাৰিৰীক আৰু আবেগিকভাৱে সুস্থ সবল হৈ থাকিব লাগিব। কিন্তু তাৰ সম্পূৰ্ণ ওলোটাটোহে ঘটি আছে। মাল্টি টাস্কিঙৰ বাবে শিক্ষকে মানসিক অৱসাদত আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে৷ শিক্ষকে বিদ্যালয়ৰ স্বাৰ্থত প্ৰাপ্য ছুটিসমূহ ল’বলৈও অপাৰগ। বিদ্যালয়ৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অসুস্থ অৱস্থাতো বিদ্যালয়ত উপস্থিত থাকিবলগা হয়। চৰকাৰী নিৰ্দেশনাত পাতিবলৈ দিয়া গুণোৎসৱৰ লগতে অজস্ৰ উৎসৱ আছেই। গুণোৎসৱৰ প্ৰকৃত স্বৰূপ এতিয়া অভিভাৱকেও চিনিছে। চৰকাৰৰ দুমুখীয়া নীতিত প্ৰাথমিক বিদ্যালয়সমূহৰ অৱস্থাৰ এনেদৰে দ্ৰুত অৱনতি ঘটাৰ সময়ত ৰাইজে বহুক্ষেত্রত অসৎ শিক্ষককে দায়ী কৰে যদিও সৎ শিক্ষকসকলহে বিপদত পৰা দেখা যায়। উচিত কথাত চৰকাৰী নীতিৰ বিৰোধিতা কৰি বহু শিক্ষকে বিভাগীয় হাৰাশাস্তিৰ সন্মুখীন হৈছে। চাকৰি বচোৱাৰ বাবে শিক্ষকসকলে অসৎ উপায়ো অৱলম্বন কৰিব লগাত পৰিছে। উদাহৰণ স্বৰূপে গুণোৎসৱৰ কথাকে ধৰিব পাৰি। প্ৰাথমিক বিদ্যালয়সমূহে ভৱিষ্যতৰ শিক্ষাৰ ভেটি মজবুত কৰে বুলি কোৱা হয়। কিন্তু ওচৰৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত সন্ধান কৰিলে গম পোৱা যায় যে ‘এ প্লাছ’ গ্ৰেড লাভ কৰা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব পৰা নাই অথচ কোনো ‘এ’, ‘বি’ বা ‘চি’ গ্ৰেড পোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েহে ভাল ফলাফল দেখুৱাব পাৰিছে। ‘চি’ বা ‘ডি’ গ্ৰেড পোৱা বিদ্যালয়সমূহৰ প্ৰধানসকলক বিভাগীয় কৰ্তৃপক্ষই সভাত জবাবদিহি কৰায়। গতিকে গুণোৎসৱৰ জৰিয়তে বিদ্যালয় এখনৰ প্ৰকৃত মূল্যায়ন সম্ভৱ নহয়। অথচ প্ৰতি বছৰে গুণোৎসৱ পাতি বিশাল ৰাশিৰ ৰাজহুৱা ধনৰ অপচয় কৰা হৈছে। প্ৰথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ নাই যদিও কেৱল মাত্ৰ তিনিশ টকাৰ বিনিময়ত এগৰাকী শিক্ষকক প্ৰধান শিক্ষকৰ সকলোবোৰ দায়িত্ব পালন কৰিবলৈ বাধ্য কৰোৱা হয়।
সমসাজৰ বাবে দিয়া ধন পৰিচালনা সমিতিৰ অনুমোদন সাপেক্ষেহে খৰচ কৰিব পাৰি যদিও সমসাজৰ ৰং চৰকাৰীভাৱেহে ঠিক কৰি দিয়া হয়। প্ৰতি বছৰে সমসাজৰ ৰং সলনি হোৱাৰ বাবে পুৰণি সাজযোৰ পিন্ধাৰ অনুপযোগী হৈ পৰে। এযোৰকৈ স্পৰ্টচৰ পোচাক আৰু এজোৰকৈ ফৰ্মেল সাজেৰে গৰমৰ দিনত গোটেই সপ্তাহটো চলিবলৈ অসুবিধা হয়।
কমিউনিটি পাৰ্টিচিপেছনৰ নামত ‘বিদ্যাঞ্জলি’, ‘সম্প্ৰীতি ভোজন’ আদি সুন্দৰ সুন্দৰ নামৰ কাৰ্যসূচীৰ উপৰিও বিভিন্ন চৰকাৰী কাৰ্যসূচীত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক জড়িত কৰাই পঢ়াশুনাৰ পৰা আঁতৰত ৰখা হৈছে। শিক্ষাৰ দায়িত্বভাৰ লাহে লাহে সমাজক গতাই দিব বিচৰা হৈছে। মিড-ডে-মিলৰ বাবে প্ৰতি ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে প্ৰাথমিক পৰ্যায়ত ধাৰ্য কৰা হৈছে ছয় টকা আঠসত্তৰ পইচাকৈ। চাউলৰ যোগান ধৰা হয় যদিও ইন্ধনকে ধৰি মেনু মতে খুৱাবলৈ সেই ধন পৰ্যাপ্ত নহয়। গতিকে খাদ্যৰ মান ঠিকে ৰাখিবলৈ শিক্ষকসকলে গাঁঠিৰ ধন ভাঙিব লগা পৰিস্থিতিৰো সৃষ্টি হয়। সম্প্ৰীতি ভোজন নামেৰে এক কাৰ্যসূচীৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীৰ খাদ্যৰ বাবে ৰাইজৰ অনুদানৰ ব্যৱস্থা কৰিবলৈও শিক্ষকসকলক নিৰ্দেশনা দিয়া হৈছে। কিবা প্ৰকাৰে সেয়া যোগাৰ নহ’লে ইনফ্ৰাষ্ট্ৰাকচাৰৰ সামগ্ৰী আৰু সমসাজৰ যোগান ধৰা ভেণ্ডৰৰ পৰা আদায় কৰিবলৈ বিভাগে নিৰ্দেশনা দিছে। জিপিএচ কেমেৰাৰে ফটো তুলি সেই কাৰ্যসূচীৰ প্ৰমাণো দাখিল কৰিব লাগিব। এই ধৰণৰ কাৰ্যসূচী কমিউনিটি পাৰ্টিচিপেছনৰ নামেৰে চলাই থকা হৈছে।
বিদ্যালয়সমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ধনৰ খৰচৰ অডিট দহ বছৰৰ মূৰত এবাৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা কৰাৰ ফলত অডিটত ফাঁক ৰৈ গৈছে। তাৎক্ষণিকভাৱে হোৱা তেনে অডিটৰ স্বৰূপ কেনে হ’ব পাৰে সেয়া ভাবিব লগা বিষয়। চৰকাৰৰ শেন চকুৰ পৰা সেয়া আঁতৰত নিশ্চয় নহয়। তেনে অডিটৰ পৰা কাৰ লাভ হয় সহজে অনুমেয়। ব্লক অফিচত হোৱা দুৰ্নীতিয়ে প্ৰাথমিক শিক্ষকক অসৎ হ’বলৈ বাধ্য কৰাইছে।
এহাতেদি হাইস্কুলসমূহক গৃহনিৰ্মাণ কৰিবলৈ কোটি কোটি টকাৰ অনুদান দিয়া হৈছে, আনহাতেদি ৰাজ্যত প্ৰাথমিক শিক্ষকৰ অৱসৰ গ্ৰহণৰ পাছত সেই খালী হৈ থকা হাজাৰ হাজাৰ পদত নিযুক্তি দিয়া হোৱা নাই। প্ৰাথমিক বিদ্যালয়সমূহ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ যোৱাৰ পাছত হাইস্কুলসমূহ চলি থাকিবনে? তেনেহ’লে কাৰ বাবে কোটি কোটি টকা খৰচ কৰি এই গৃহ নিৰ্মাণ? তাৰ সলনি শিক্ষক নিয়োগ নকৰে কিয়? প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি চোৱাৰ সময় পাৰ হোৱাৰ উপক্ৰম হৈছে।
নিজৰ অক্ষমতাক ঢাকিবলৈ চৰকাৰে শিক্ষকক ৰাজহুৱা অপমান কৰা আৰু চমকদাৰ আঁচনিসমূহেৰে ৰাইজক মোহাচ্ছন্ন কৰি ৰখাৰ ফলতেই শিক্ষাৰ এই অব্যৱস্থাৰ বাবে ৰাইজে নিজৰ ক্ষোভ শিক্ষকৰ ওপৰতহে জাৰিছে। শিক্ষকে আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে। জোৰ পুৰি হাত পোৱা স্বত্বেও আঁচনিৰ চিকমিকনিত ৰাইজে আচল সত্য উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই। ফলত অভিভাৱক আৰু ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ বলিও হৈছে সামগ্রিকভাৱে শিক্ষকসকলেই। কিয়নো উৰহৰ খং ভগা ঢাৰিত কোবাবলৈ হাততে ঢুকি পোৱাতে শিক্ষক সকলেই আছে। শিক্ষকসকলকো বিভিন্ন গোটত ভাগ কৰি পেলোৱা হৈছে। পুৰণি পেঞ্চন নীতিৰ অধীনৰ শিক্ষক, নতুন পেঞ্চন নীতিৰ অধীনৰ শিক্ষক, টেট উত্তীৰ্ণ শিক্ষক, টেট উত্তীৰ্ণ স্থায়ী শিক্ষক, টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক আদি বিভিন্ন ভাগত শিক্ষকসকল বিভক্ত। তেওঁলোকৰ মাজত ঐক্যৰ অভাৱ। তেওঁলোকৰ মাজত থকা অনৈক্যৰ বাবে ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটায় এটা গোটে আনটো গোটৰ ওপৰত। এনেদৰে বিভিন্ন প্ৰকাৰে শিক্ষকৰ মাজত অনৈক্যৰ সৃষ্টি কৰি চৰকাৰে ৰাজহুৱা শিক্ষাখণ্ডৰ দূৰৱস্থাৰ প্ৰকৃত স্বৰূপ লুকুৱাই ৰাখিবলৈ বহু পৰিমাণে সক্ষমো হৈছে।
শিক্ষা ব্যৱস্থাৰ এই অনিয়মবোৰে দুখীয়া ছাত্ৰ-ছাত্ৰীক ক্ষতিগ্রস্ত কৰাৰ সময়তে চৰকাৰী পৃষ্ঠপোষকতাত গাঁৱে-ভূঞে কৰা আৰ এছ এছৰ সাম্প্ৰদায়িক কাৰ্যসূচীয়ে আধুনিক শিক্ষা আৰু বিজ্ঞান মনস্কতাৰ পৰা ছাত্ৰ-ছাত্ৰীক বহুদূৰ পিছুৱাই নিছে।
ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ বিপদজনক ভৱিষ্যতৰ কথা ব্যাপক প্ৰচাৰ অভিযানৰ দ্বাৰাহে ৰাইজৰ চকুত তুলি ধৰিব পৰা যাব।

Scroll to Top