অসমৰ চৰ-চাপৰি অঞ্চলৰ আৰ্থ-সামাজিক অৱস্থাৰ এক চমু আভাষ

অসম এখন সমস্যা বহুল ৰাজ্য। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০ শতাংশ বিভিন্ন চৰ-চাপৰিত বসবাস কৰে। চৰ অঞ্চলসমূহ মূলত: ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পাৰত অৱস্থিত। ২০০২-০৩ চনৰ সমীক্ষা অনুসৰি অসমৰ চৰাঞ্চলৰ জনসংখ্যা প্ৰায় ২৪ লাখতকৈও অধিক(বৰ্তমান ই প্ৰায় ৩০ লাখ হ’ব)। ব্ৰহ্মপুত্ৰৰ উপত্যকাত ২,২৫১ খন চৰ গাঁও আছে, য’ত ৯০ শতাংশ লোকেই পশ্চিমবঙ্গৰ পৰা অহা প্ৰব্ৰজনকাৰী মুছলমান পৰিয়াল বুলি অসম চৰকাৰৰ চৰাঞ্চল উন্নয়ন সঞ্চালকালয়ৰ ২০০২-০৩ বৰ্ষৰ আৰ্থ-সামাজিক সমীক্ষাৰ প্ৰতিবেদনত উল্লেখ আছে। ধুবুৰী জিলাত থকা চৰ গাঁওৰ সংখ্যা ৪৮০ খন, য’ত মুঠ জনসংখ্যা ৬,৮৯,৯০৯ জন। এই বিশাল চৰাঞ্চলৰ ৬৯ শতাংশ পৰিয়ালেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ ক্ষেত্ৰত অসমক দেশৰ ২৮ খন ৰাজ্যৰ ৫ খন উন্নয়নশীল ৰাজ্যৰ ভিতৰত লৈ যোৱাৰ ফটা ঢোল বজালেও এই বিশাল অংশৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়ন অবিহনে অসমক কেতিয়াও ৫ খন উন্নয়নশীল ৰাজ্যৰ ভিতৰত লৈ নোৱাৰে।

চৰ-চাপৰি অঞ্চলৰ মূল সমস্যা হৈছে- গৰাখহনীয়া আৰু বানপানী। চৰকাৰে এই দুয়োটা সমস্যাক আজিলৈকে বিজ্ঞানসন্মতভাৱে সমাধানৰ ব্যৱস্থা নকৰাত এই সমস্যাই চৰাঞ্চলৰ জনসাধাৰণৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। অসমৰ গৰাখহনীয়া আৰু বানপানীৰ সমস্যা সমাধান কৰাৰ লগে লগে চাৰিটা গুৰুত্বপূৰ্ণ সমস্যা সমাধান হ’ব যদিও চৰকাৰে সেই ক্ষেত্ৰত পৰিকল্পিতভাৱে মন-কাণ দিয়া নাই। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনৈ সমূহৰ দুয়ো পাৰ বিজ্ঞানসন্মতভাৱে বান্ধিলে গৰাখহনীয়া প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াৰ ফলত কৃষকৰ প্ৰতিবছৰে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নদীত জাহ যোৱাৰ পৰা ৰক্ষা পৰিব। তেতিয়া সেই ঠাইত জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিলে এফালে কৃষকৰ খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা আৰু ৰাজ্যখনৰ বিদ্যুতৰ অভাৱ পূৰণ হ’ব, আনফালে জলবিদ্যুৎ প্ৰকল্পত কিছু যুৱক-যুৱতীৰ কৰ্মসংস্থানৰ বাট মুকলি হ’ব। এই ক্ষেত্ৰত চৰকাৰৰ তহবিলত ধনৰ অভাৱ অথচ ভোট বেংক সৃষ্টিৰ লক্ষ্যৰে অনুৎপাদনশীল খণ্ডত কোটি কোটি টকাৰ আঁচনি সৃষ্টি কৰিছে। তদুপৰি চৰাঞ্চলৰ মাটিৰ পট্টাৰ সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা। দেশ স্বাধীনৰ ৭৭ বছৰ অতিক্ৰান্ত হোৱাৰ পিছতো চৰ-চাপৰি অঞ্চলৰ মাটিৰ পট্টাৰ ব্যৱস্থা নকৰিলে। চৰ অঞ্চলৰ স্থায়ী চৰ গাঁও সমূহত ২০ শতাংশতকৈও কম ভূমিতহে ম্যাদী পট্টাৰ ব্যৱস্থা আছে বুলি জনা যায়। চৰ অঞ্চলৰ কৃষকৰ মাটিৰ ওপৰত আইনগত অধিকাৰ নথকাৰ বাবে কৃষকে মাটি বন্ধকীত দি বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কৃষি ঋণ আৰু বিভিন্ন চৰকাৰী অনুদান আৰু আঁচনি লাভ কৰাটো সম্ভৱ নহয়। তদুপৰি চৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত নোহোৱাৰ বাবে কৃষকে উৎপাদিত ফচল সময়মতে বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰৰ অভাৱত উৎপাদিত ফচলৰ লাভজনক মূল্যৰ কৃষকে বঞ্চিত হৈছে। ফলত কৃষকে মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰিও লাভাম্বিত হোৱা নাই। কৃষকৰ খেতি পথাৰত জলসিঞ্চন ব্যৱস্থাৰ অভাৱতো চৰ-চাপৰি সমন্বিতে সমগ্ৰ অসমৰ খেতিয়কসকলে কৃষিজাত শস্যৰ উৎপাদনৰ ক্ষেত্ৰত পিছপৰি থাকিবলগীয়া হৈছে। কৃষি সমস্যা সমাধানৰ বাবে বিভিন্ন দল-সংগঠনে আন্দোলন-সংগ্ৰাম সংঘটিত কৰাৰ মাজেদি দাবী উত্থাপন কৰিলেও অসমৰ কোনো এখন চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। অথচ চৰাঞ্চলৰ মানুহক বাদ দি অসমত কোনো এখন নিৰ্বাচন অনুষ্ঠিত নহ’ল। ভোট লাগে, কৰ লাগে, কিন্তু সমস্যা সমাধানত চৰকাৰে নিৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে।

তদুপৰি চৰাঞ্চলৰ আন এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে- শিক্ষা। শিক্ষা অবিহনে এখন দেশ আৰু জাতিৰ উন্নয়ন আশা কৰিব নোৱাৰি। শিক্ষাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ সামগ্ৰীক সাক্ষৰতাৰ হাৰ ৬৬.৪০ শতাংশ। অথচ চৰাঞ্চলৰ সাক্ষৰতাৰ হাৰ মাত্ৰ ১৪.৪৬ শতাংশ। শিক্ষাৰ অধিকাৰ আইনে ৩০:১ অনুপাতত শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিলেও চৰাঞ্চলৰ শিক্ষানুষ্ঠান সমূহত ছাত্ৰ অনুপাতত শিক্ষকৰ অভাৱ। চৰকাৰে দুই/এজন শিক্ষক নিযুক্তি দিলেও যোগাযোগৰ অসুবিধাৰ বাবে সেই শিক্ষক সকলেও বিভিন্ন অজুহাত দেখুৱাই অন্য ঠাইলৈ গুচি যায়। চৰ-চাপৰি অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক তীব্ৰ সংকটৰ বাবে অতি কম বয়সত ল’ৰা-ছোৱালীবোৰ বিভিন্ন কামত যুক্ত হ’বলগা হয়। যেনে: চাহৰ দোকানত থকা, বিস্কুট ফেক্টৰীত কাম কৰা, পৰিয়ালসহ ইটা ভাটালৈ যোৱাৰ ফলত বিদ্যালয়লৈ যাব নোৱাৰে। প্ৰাকৃতিক দুৰ্যোগ আৰু গৰাখহনীয়াত এখন চৰৰ পৰা আন এখন চৰলৈ স্থানান্তৰিত হোৱাৰ ফলত বিদ্যালয়ৰ দূৰত্ব বাঢ়ি যায় আৰু কেতিয়াবা নদী পাৰৰ অসুবিধাৰ বাবে স্কুল বাদ দিয়ে। ইয়াৰ উপৰিও চৰাঞ্চলৰ ল’ৰা-ছোৱালীৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে দুই/এখন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাদে কোনো এখন মহাবিদ্যালয়ৰ ব্যৱস্থা নাই। যাৰ ফলস্বৰুপে চৰ-চাপৰি অঞ্চলৰ শিক্ষাৰ হাৰ নিম্নমানৰ। শিক্ষা-দীক্ষা আৰু স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত সচেতনতা নথকা হেতুকে এতিয়াও চৰ অঞ্চলত কম-বেছি পৰিমাণে বাল্য বিবাহৰ প্ৰচলন আছে।

ইয়াৰ উপৰিও চৰ অঞ্চলসমূহত স্বাস্থ্য সেৱা সন্তোষজনক নহয়। চৰাঞ্চলত দুই/এখন উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বাদে উন্নতমানৰ কোনো চিকিৎসালয় নাই। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহত প্ৰশিক্ষিত চিকিৎসকৰ অভাৱ, পৰ্যাপ্ত ঔষধৰ উপৰিও সাধাৰণ স্বাস্থ্য সমস্যাবিলাক যেনে: পুষ্টিগত অভাৱ, মাতৃ আৰু স্থায়ী পৰিস্থিতিৰ সহায়ৰ অভাৱ, মেলেৰিয়া, ডায়েৰিয়া, যক্ষ্মা আৰু শ্বাস-প্ৰশ্বাসৰ বেমাৰৰ দৰে সাধাৰণ সমস্যা বিলাকৰ লগত জড়িত বিষয়সমূহ ৰৈ আছে। তদুপৰি চৰকাৰে জলজীৱন আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক প্ৰতিদিনে ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱাপানী যোগান সুনিশ্চিত কৰিবলৈ ডাঙৰ ডাঙৰ বেনাৰ আৰু হৰ্ডিঙ লগাইছে যদিও বাস্তৱিকতে ৰাইজে সুকলমে এই আচঁনিৰ সুফল পোৱা নাই। এই আচঁনিৰ নামত চৰকাৰে কৌটি কৌটি টকা খৰচ কৰিলেও এই আচঁনি ধোঁৱাচাঙত পৰিণত হৈছে। এই আচঁনিৰ জৰিয়তে ঘৰে ঘৰে পানী টেপ লগোৱা হৈছে যদিও নিয়মিতভাৱে পানী যোগান দিব পৰা নাই। চৰ অঞ্চলত এতিয়ালৈকে জলজীৱন আঁচনি ঢুকি নোপোৱাত ইয়াৰ লোকে এই আচঁনিৰ কথা ভাবিবই নোৱাৰে। ফলস্বৰূপে চৰ অঞ্চলৰ ৰাইজে চৰকাৰে ঢাক-ডোল বজোৱা জলজীৱন আঁচনিৰ বিশুদ্ধ খোৱাপানী নাপাই নদীৰ পানী, গাত খান্দি ওলোৱা পানী আৰু কিছুমানে দমকলৰ পানী খাই জীয়াই থাকে। চৰাঞ্চলৰ মানুহৰ চিকিৎসা বিজ্ঞান সম্পৰ্কে সজাগতা নথকাৰ বাবে এতিয়াও জৰা-ফুকা, ভূত-প্ৰেত আৰু কবিৰাজী চিকিৎসাৰ দৰে অন্ধবিশ্বাস-কুসংস্কাৰ বিদ্যমান। ইয়াৰ উপৰিও চৰাঞ্চলৰ ৰাইজৰ বিত্তীয় লেনদেনৰ বাবে নাই কোনো ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখা। ফলত ইয়াৰে ৰাইজে অৰ্থনৈতিক লেনদেনৰ বাবে ৫০/১০০ কিলোমিটাৰ দূৰ-দূৰণিলৈ যাবলগীয়া হয়। চৰকাৰী বিভিন্ন আঁচনি যেনে: অৰুণোদয়, পি এম এই ৱাই ঘৰ, পি এম কিষাণ, বৃদ্ধ পেঞ্চন ইত্যাদিৰ টকা বেংকৰ জৰিয়তে লেনদেন কৰিবলৈ অভাৱনীয় হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। লক্ষ্যাধিক জনসংখ্যা থকা বৃহৎ বৃহৎ চৰাঞ্চলত ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখাৰ ব্যৱস্থা নকৰাত নগদ টকাৰ নিৰাপত্তা নথকাত চোৰ-ডকাইতৰ যমৰ-যাতনা সংঘটিত হৈছে।

চৰ অঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহৰ উৎস:

চৰ অঞ্চলৰ মানুহৰ প্ৰধান উপাৰ্জনৰ ৰাস্তা হৈছে কৃষি। সম্প্ৰতি কৃষি কৰ্ম কৰি কৃষক সকল লাভাম্বিত হোৱা নাই। কাৰণ কৃষকে উৎপাদন কৰা ফচলৰ লাভজনক মূল্য পোৱা নাই। ফলত কৃষিত লোকচান হোৱাত কৃষি কাৰ্যৰ প্ৰতি কৃষকে অমনোযোগী হৈছে। যাৰ ফলস্বৰুপে কৃষি ব্যৱস্থা ভাঙি পৰিছে। কাৰণ কৃষকে উৎপাদন ফচল বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰৰ অভাৱত উৎপাদিত ফচলৰ লাভজনক মূল্যৰ পৰা বঞ্চিত হৈছে। উৎপাদিত ফচল ৰখাৰ বাবে হিমঘৰৰ ব্যৱস্থাও নাই। তদুপৰি চৰ অঞ্চলৰ মানুহে মৎস্য চাষ কৰি জীৱন নিৰ্বাহ কৰে। একাংশ লোকে মাছ ধৰা কামত নিয়োজিত হৈ দিনটো মাছ ধৰি আবেলি বিক্ৰী কৰি সংগৃহীত টকাৰে সংসাৰ পৰিচালনা কৰে। লগতে চৰ অঞ্চলৰ মানুহে হাঁহ-কুকুৰা, গৰু-ছাগলী, ভেৰা-মহ পোহপালন কৰি উপাৰ্জনৰ ৰাস্তা উলিয়ায়। কিছুমানে সৰু-সুৰা ব্যৱসায় পৰিয়াল পৰিচালনা কৰাৰ লগতে অধিক সংখ্যক লোকে অঞ্চলৰ লগতে দেশ তথা ৰাজ্যখনৰ বিভিন্ন ঠাইত দিন হাজিৰা কৰি পৰিয়াল ভৰণ পোষণ দিয়ে। আন একাংশ লোকে বছৰটোৰ ছমাহ ঘৰ দুৱাৰ এৰি ইটা ভাটাত কাম কৰি টকা উপাৰ্জন কৰি উপাৰ্জিত টকাৰে বছৰটো পৰিয়াল পৰিচালনা কৰে।

চৰ অঞ্চলৰ শিক্ষা, স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, গৰাখহনীয়া, মাটিৰ পট্টা, ৰাস্তা-ঘাট আদি সমস্যাকলৈ চৰ অঞ্চলসমূহত ৰাইজৰ মতামত গ্ৰহণ কৰি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ আইয়ে পৰিকল্পিতভাৱে সজাগতা সভা অনুষ্ঠিত কৰি এই সমস্যা সমূ্হৰ সমাধানৰ বাবে ডি ৱাই এফ আইৰ সাংগঠনিক কমিটি গঠনৰ মাজেদি ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰাৰ পণ গ্ৰহণ কৰিব লাগিব।

Scroll to Top