বিজ্ঞাপনৰ আঁ‌ৰত লুকুৱাব বিচৰা এক ডাঙৰ সত্য : নিবনুৱাৰ সংস্থাপন | ৰিতু ৰঞ্জন দাস

লেখক: ৰিতু ৰঞ্জন দাস | February 20, 2026

হিমন্ত বিশ্বৰ শাসন কালতে লক্ষাধিক পদৰ বিলুপ্ত

এতিয়া অসমৰ এনে এটা ৰাষ্টা নাই যিটো ৰাষ্টাৰ নিৰ্দিষ্ট পইণ্টত নিযুক্তিৰ হ’ৰ্ডিং নাই।
হাজাৰ হাজাৰ কোটি ৰাজহুৱা ধন খৰচ কৰি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ হাঁ‌হি সম্বিলিত এনে হ’ৰ্ডিঙসমূহ লগোৱা হৈছে, য’ত কোৱা হৈছে ১ লাখ ৫৮ হাজাৰ ৩৭৩ গৰাকীক নিযুক্তি দিয়া হৈছে। কিন্তু এই তথ্য কিমান সত্য ? প্ৰকৃততে এই বিজ্ঞাপনৰ মাজেৰে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজকে দক্ষক আৰু কাৰ্যক্ষম মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। দ্বিতীয়তে নিযুক্তিৰ নামত চলি থকা ভয়ংকৰ দুৰ্নীতি আৰু অনিয়মৰ কাৰ্যসমূহ লুকুৱাব বিচাৰিছে। তৃতীয়তে বছৰি দুই লাখকৈ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰাব বিচাৰি আৰু চতুৰ্থতে ৰাজ্যখনৰ ভয়াৱহ নিবনুৱা সমস্যাৰ বিষয়টো আঁ‌ৰ কৰিব বিচাৰিছে।
আমি স্পষ্টভাৱে ক’ব পাৰো যে মুখ্যমন্ত্ৰীৰ বিজ্ঞাপনৰ তথ্য সঠিক নহয়। যিমান সংখ্যক প্ৰাৰ্থীক নিযুক্তি দিছে তাতোকৈ বহু বেছি নিযুক্তি পোৱা বুলি দেখুৱা হৈছে। এডিআৰই প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া ব্যাপক হাৰত অভাৰলেপিং হৈছিল। এজন প্ৰাৰ্থীয়ে চাৰি-পাচটাকৈ পদত বাছনিকৃত হ’বলৈ সক্ষম হৈছিল। শেষত ৪১,৯২০ টা খালী পদৰ বিপৰীতে ২০-২৫ হাজাৰ মান প্ৰাৰ্থীয়েহে নিযুক্তি পাবলৈ সক্ষম হৈছিল। উল্লেখ কৰিব পাৰি যে ৫১, ৩৯৭ টা খালী পদৰ বিপৰীতে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰি ৪১,৯২০ টা পদৰহে বিজ্ঞাপন প্ৰকাশ কৰে। অথচ চৰকাৰে ৫১ হাজাৰক নিযুক্তি দিয়া বুলি ব্যাপক প্ৰচাৰ কৰে। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তেতিয়াৰে পৰাই নিযুক্তিৰ বিষয়ত এখন শ্বেতপত্ৰ প্ৰকাশ (White paper)ৰ দাবী কৰি আহিছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেতপত্ৰ প্ৰকাশ কৰি প্ৰকৃত সত্য জনাবলৈ সাহস কৰিব পৰা নাই। দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত কৰা এ ডি আৰ ই ৰ ক্ষেত্ৰতো একেই বেমেজালি পৰিলক্ষিত হয়।
তাৎপৰ্যপূৰ্ণ কথা হৈছে এই স্বচ্ছ আৰু নিকা নিযুক্তি বুলি দাবী কৰা এই নিযুক্তি প্ৰক্ৰিয়া মুঠেও স্বচ্ছ আৰু নিকা নহয়। ২০ -২৫ শতাংশ নিযুক্তি মেধাভিত্তিক হ’লেও বেছি সংখ্যকেই হৈছে স্বজন-তোষণৰ মাজেৰে। মন্ত্ৰী, বিধায়কৰ লগতে শাসক দলৰ আত্মীয়ই নিযুক্তি পাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীৰ পৰা অধিক সংখ্যক নিযুক্তি পোৱা, শুৱালকুছিৰ ৫৬-৫৭ বছৰীয়া ব্যক্তিয়ে লখিমপুৰৰ মেডিকেল কলেজত নিযুক্তি পোৱা আদি কথাই প্ৰমাণ কৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ নামত কেনেকৈ স্বজন-তোষণ হৈছে। আন এক উল্লেখনীয় কথা হৈছে ইমান স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া বুলি চিঞৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো প্ৰাৰ্থীৰে নামৰ বিপৰীতে প্ৰাপ্ত নম্বৰ, পৰীক্ষাত সৰ্ব্বোচ্চ নম্বৰ পোৱা প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিব নোৱাৰিলে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বাছনি প্ৰক্ৰিয়াত বিয়াগোম কেলেংকাৰী সংগঠিত হোৱাৰ পাছতো কোনো ব্যৱস্থাই নল’লে। মন্ত্ৰী চন্দ্ৰমোহন পাটৱাৰী আৰু নৱ দলেৰ আত্মীয়, বিজেপি দলত মণ্ডল সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতাৰ আত্মীয়লৈকে কেনেকৈ চাকৰি পাইছিল সেয়া সবিস্তৰে প্ৰকাশ পাইছিল।
ৰাজ্যিক প্ৰশাসনৰ হৃৎপিণ্ড অসম সচিবালয়ত অধ্যক্ষ, উপাধ্যক্ষ আৰু সচিবৰ আত্মীয়ই লিখিত পৰীক্ষা অবিহনেই ডেৰ শতাধিক পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। জনস্বাস্থ্য বিভাগৰ ১০১ টা পদত কেৱল মৌখিক পৰীক্ষাৰ ভিত্তিতে নিযুক্তি দিয়া বহু অভিজ্ঞ প্ৰাৰ্থী বঞ্চিত হৈছে
এয়াই হৈছে স্বচ্ছতাৰ নমুনা !

দহ সহস্ৰাধিক বিদ্যালয় বন্ধ কৰি লক্ষাধিক পদ চিৰদিনৰ বাবে বিলুপ্ত কৰিলে

বিজেপি চৰকাৰৰ যোৱা ৭ বছৰত ৬৩৩৫ খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ লগতে ২৮৮০ খন একত্ৰিকৰণ কৰি কৌশলেৰে বন্ধই কৰিছে। এই হিচাপে মুঠ ৯২১৫ খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বন্ধ কৰিছে। ইয়াৰ লগতে ২০৬ মাধ্যমিক বিদ্যালয় বন্ধ কৰিছে।
ইয়াৰ ফলত কমেও লক্ষাধিক পদ চিৰদিনৰ বাবে বিলুপ্ত কৰা হ’ল।
এখন প্ৰাথমিক বিদ্যালয়ত ছয় টা শ্ৰেণীত ছয় জন শিক্ষক, এজন প্ৰধান শিক্ষক, এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে “শিক্ষা অধিকাৰ আইন” অনুসৰি এজন সংগীত আৰু এজন খেলৰ শিক্ষক প্ৰয়োজন। এই হিচাপত শিক্ষক-অনাশিক্ষকে ধৰি কমেও ১০ গৰাকীৰ নিযুক্তি হয়।
উচ্চ প্ৰাথমিকৰ ক্ষেত্ৰত ন্যূনতম ১১ গৰাকীৰ প্ৰয়োজন।
গড়ে ১০ গৰাকীকৈ ধৰিলে ৯২১৫ ×১০=৯২১৫০ পদ অকল প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰতেই বন্ধ কৰা হ’ল।
উচ্চ মাধ্যমিকত শিক্ষক-অনাশিক্ষককে ধৰি কমেও ১৫ টা পদ থাকে। সেই হিচাপত ২০৬×১৫=৩০৯০ টা পদ বিলুপ্ত কৰা হ’ল।
নিযুক্তিৰ নামত বৃহৎ বৃহৎ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাই অকল শিক্ষা বিভাগতে লক্ষাধিক পদ চিৰদিনৰ বাবে বিলুপ্ত কৰিলে। একেদৰে উচ্চ শিক্ষিত আৰু যোগ্যতাসম্পন্ন বহু যুৱক-যুৱতী থকাৰ পাছতো চৰকাৰে কলেজ-বিশ্ববিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত ব্যক্তিক নিযুক্তি দি চৰম নিবনুৱা বিৰোধী সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰৰ কাম-কাজ ডিজিটেল মাধ্যমত অৰ্থাৎ
ই-অফিচ কাৰ্যকৰী কৰাৰ ফলতো ৫০ শতাংশ চাকৰি বিলুপ্ত কৰাটো নিশ্চিত হৈছে। চতুৰ্থ বৰ্গ, কম্পিউটাৰ অপাৰেটৰ, তৃতীয় বৰ্গ আদি পদৰ অস্তিত্ব নাথাকিব।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে ২০২৩ চনৰ ২০ জুলাই তাৰিখে প্ৰকাশ কৰা অফিচ মেম’ৰেণ্ডাম অনুসৰি এই কথা প্ৰকাশ পাইছে। আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাতে এই মাহতে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰি তিনি সহস্ৰাধিক কৰ্মচাৰীৰ জীৱনলৈ বিপদ মাতি অনাৰ লগতে এই তিনি হাজাৰ পদ চিৰদিনৰ বাবে বন্ধ কৰা পথ মুকলি কৰিছে। জাগীৰোড কাগজ কল আৰু কাচাৰ কাগজ কল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে চিৰদিনৰ বাবে বন্ধ কৰা হ’ল। এই দুয়োটা উদ্যোগতে প্ৰত্যক্ষ আৰু পৰক্ষভাৱে ২০ সহস্ৰাধিক লোকৰ সংস্থাপন মুকলি হৈছিল। এনেকৈয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে লক্ষাধিক পদ বিলুপ্ত কৰাৰ লগতে ভবিষ্যতে লাখ লাখ পদ বিলুপ্তিৰ পথ মুকলি কৰিছে।

টে’ট উত্তীৰ্ণ ঠিকা শিক্ষক আৰু হাইস্কুল ঠিকাভিত্তিক শিক্ষকক প্ৰৱঞ্চনা

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰায় ৪০ হাজাৰ আৰু হাইস্কুলৰ ৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ ক্ষেত্ৰত চৰকাৰে ডাঙৰ অন্যায় কৰিলে। তেওঁ‌লোকৰ প্ৰবল আন্দোলন আৰু জনমতৰ হেঁ‌চাত চাকৰি স্থায়ী কৰিলে যদিও তেওঁ‌লোকৰ আগবঢ়োৱা দীৰ্ঘদিনীয়া সেৱাক অস্বীকাৰ কৰি নতুন নিযুক্তি হিচাপে স্বীকাৰ কৰিলে। ফলত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা মাহে ১০/১২ হাজাৰ কমি যোৱাৰ লগতে জ্যেষ্ঠতাৰ ক্ষেত্ৰত পিছ পৰি গ’ল। এই অন্যায়ৰ বিৰুদ্ধে একাংশই আইনৰ কাষ চাপিছে আৰু এই চৰ্তযুক্ত নিয়মীয়াকৰণ মানি লোৱা নাই। হাইস্কুল ঠিকাভিত্তিক শিক্ষকসকলৰ ক্ষেত্ৰত একেদৰেই কৰ্মাঅভিজ্ঞতা আৰু জ্যেষ্ঠতাক গুৰুত্ব দিয়া নহ’ল।

দুৰ্নীতিৰ বিৰুদ্ধে কিমান তৎপৰ বিজেপি চৰকাৰ

বিজেপিৰ নিজ দলৰে এগৰাকী ৰাজ্যিক নেত্ৰী ইন্দ্ৰানি তহবিলদাৰে নিযুক্তি কেলেংকাৰীত সাঙোৰ খাই পৰাত আত্মহত্যাৰ পথ বাছি লয়। দ্বিবন ডেকাসহ কেইবাজনো আটক কৰিবলৈ বাধ্য হয়। কিন্তু এই বিষয়বোৰ সঠিক তদন্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে বেছি দূৰ আগবাঢ়িব নোৱাৰিলে।
এপিএছচি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দিয়াৰ পাছতো শৰ্মা চৰকাৰে কোনো ব্যৱস্থাই নকৰিলে। আশ্চৰ্যকৰ কথা যে কংগ্ৰেছ চৰকাৰৰ দিন সংঘটিত এই বিয়োগম নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত সকলোক ৰক্ষণাৱেক্ষণ দিয়াৰ বাবে সকলো চেষ্টাই কৰিলে। তদন্তৰ নামত এছ আই টি গঠন অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰি গৈছে। এছ আই টিৰ দুৰ্বল ভূমিকাৰ বাবে আদালতৰ মজিত ৰ্ভৎসনাৰ মুখামুখি হ’বলগীয়া হৈছে
অথচ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ চনত এপি এছ চি পৰীক্ষা সম্পূৰ্ণ বাতিল কৰাৰ লগতে ২০১৪ চনৰ পৰীক্ষাৰ অধিক অনুসন্ধানৰ পৰামৰ্শ দিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এছ আই টি গঠন কৰা, ন্যায়ালয়ত চৰকাৰী পক্ষৰ অধিবক্তাই দুৰ্বল ভুমিকা লোৱাৰ মাজেৰে এইসকল বিষয়াক ৰক্ষণাৱেক্ষণৰ বাবে কোনো ত্ৰুটি নকৰিলে। এয়াই হৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লোৱা চৰকাৰৰ স্বৰূপ।

সাত হাজাৰ পদৰ বিপৰীতে ২৩ লাখৰ আবেদন

যোৱা বৰ্ষৰ শেষৰ ফালে এডিআৰই অধীনত ৭,৬৫০ টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে আৱেদন কৰে ২৩, ৮৫, ৪২১ জনে। এই তথ্য প্ৰমাণ কৰে ৰাজ্যত নিবনুৱা সমস্যাৰ ভয়াৱহতা কি ? একে বৰ্ষটোতে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী গৰাকীয়ে সংসদত দিয়া তথ্য মতে অসমৰ পঞ্জীয়ভূক্ত নিবনুৱাৰ সংখ্যা ৪০,৪৮, ১৬৪ গৰাকী। পঞ্জীয়ন নকৰা সকলোৰ সংখ্যা ধৰিলে নিবনুৱাৰ সংখ্যা ৫০ লাখ অতিক্ৰম কৰিব।
এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে এই বৃহৎ নিবনুৱাৰ সংস্থাপনৰ বাবে চৰকাৰৰ পদক্ষেপ কি ? ৰাজ্যত পঞ্জীয়ভূক্ত ৬ লক্ষাধিক ক্ষুদ্ৰ ব্যৱসায়ী আৰু তেওঁ‌লোকৰ পৰিয়ালসহ ২০ লক্ষাধিক লোক গভীৰ সংকটত । অসংগঠিত অখণ্ডৰ লগত জড়িত লোকৰ সংখ্যা ৭৭ লাখ অতিক্ৰম কৰিছে। স্ব-নিয়োজনেৰে জীৱিকাৰ পথ মুকলি কৰা ৮.৫ লাখ লোকে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, টোল টেক্স, জি এছ টি আদিৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে ।কৃষি খণ্ড, ক্ষুদ্ৰ ব্যৱসায় আদি বৃহৎ পুজিপতিৰ বাবে মুকলি কৰি দিছে
এনে অৱস্থাত চৰকাৰে সংস্থাপন সৃষ্টিৰ কোনো বাস্তৱ সন্মত পদক্ষেপ ল’ব পৰা নাই। কেৱল ঋণ লৈছে আৰু পৰিকল্পনাহীন ভাৱে ঋণ টকা খৰচ কৰিছে। হিতাধিকাৰী সৃষ্টি কৰি কেৱল নিৰ্বাচনী যুঁ‌জ জিকি ক্ষমতা দখলৰ সহজ ৰাষ্টা লৈছে। ইয়ে ৰাজ্যখন অৰ্থনীতি-সমাজনীতিকে ধৰি সকলো ক্ষেত্ৰলৈ গভীৰ সংকট নমাই আনিছে। আজিৰ যুৱ প্ৰজন্মই চৰকাৰৰ ৰাজনীতি আৰু অৰ্থনীতিৰ কথা বুজি লৈ সঠিক ৰাজনীতি বাচি নল’লে ভবিষ্যত অন্ধকাৰ হৈ পৰিব।

(লেখক ডি ৱাই এফ আই অসম ৰাজ্যিক কমিটিৰ সভাপতি)

ৰিতু ৰঞ্জন দাস
Scroll to Top