আমাৰ বিষয়ে

১৯৮০ চনত প্ৰতিষ্ঠিত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন হৈছে সাম্ৰাজ্যবাদ বিৰোধী, গণতান্ত্ৰিক আৰু সমাজবাদী আদৰ্শৰে অনুপ্ৰাণিত এক যুৱ সংগঠন যিয়ে এক প্ৰগতিশীল সমাজ ব্যৱস্থাৰ হকে শক্তিশালী যুৱ আন্দোলন গঢ়ি তোলাৰ বাবে আমাৰ দেশৰ যুৱক-যুৱতীক সংগঠিত কৰাৰ বাবে দায়বদ্ধ।

গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, আৰু সমাজতন্ত্ৰত বিশ্বাসী এই ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিৰ মুখপত্ৰ হৈছে “যুৱপ্ৰৱাহ”, যাৰ ছপা সংস্কৰণ যোৱা ৩৩ বছৰে প্ৰকাশিত হৈ আহিছে।

অসমৰ অধিক মানুহৰ কাষলৈ আমাৰ আদৰ্শ কঢ়িয়াই নিয়াৰ উদ্দেশ্যেৰে “যুৱপ্ৰৱাহ”ৰ অনলাইন সংস্কৰণো এই ৱেবছাইটৰ ৰূপত প্ৰস্তুত কৰি তোলা হৈছে।

ডিৱাইএফআইৰ দাবীসমূহ

  1. কামৰ অধিকাৰক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াক। কাম নোপোৱালৈ নিবনুৱা ভাট্টাৰ ব্যৱস্থা কৰক।
  2. কৃষি আৰু উদ্যোগখণ্ডৰ পৰিকল্পিত বিকাশ সাধন কৰি ব্যাপক কর্মসংস্থাপন সৃষ্টি কৰক।
  3. ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ খালী পদসমূহ পূৰণ কৰক। কেন্দ্ৰীয় চৰকাৰৰ ৩য় আৰু ৪র্থ বৰ্গৰ পদত স্থানীয় প্রার্থীক নিযুক্তি দিয়ক।
  4. স্বনিয়োজনৰ বাবে যুৱসকলক কম সূতত ঋণ দিয়াৰ ব্যৱস্থা কৰক।
  5. ঠিকা নহয়, স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰক। কাম কৰি থকাসকলৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰক।
  6. লিংগ বৈষম্য দূৰ কৰক।
  7. প্রকৃতি আৰু জীৱবৈচিত্ৰ সুৰক্ষিত কৰক।
Scroll to Top