সৰ্বসাধাৰণ আৰু উত্তৰ-আধুনিকতাবাদৰ অদৃশ্য প্ৰভাৱ

অতিসম্প্ৰতি বুদ্ধিজীৱী আৰু বিদ্বান সকল সমাজ জীৱনৰ ওপৰত পৰা উত্তৰ আধুনিকতাবাদৰ প্ৰভাৱ সম্পৰ্কত যথেষ্ট উদ্বিগ্ন হৈ পৰিছে, তাক লৈ কিছু চৰ্চা হোৱাও দেখা গৈছে। কিন্তু নগৰ-চহৰ আৰু গ্ৰাম‍্যাঞ্চলত বাস কৰা সৰ্বসাধাৰণৰ ওপৰত উত্তৰ আধুনিকতাবাদৰ প্ৰভাৱ সম্পৰ্কত বিশেষ আলোচনা হোৱা বুলি অন্ততঃ মোৰ চকুত পৰা নাই, অথচ উত্তৰ আধুনিকতাবাদৰ আগ্ৰাসী দৰ্শনে সাধাৰণ মানুহৰ জীৱন আৰু চিন্তন-মননত শিপালৈকে প্ৰৱেশ কৰিছে। গাঁৱত বাস কৰা মানুহবোৰৰ উপৰিও নগৰ-চহৰত আনকি মহানগৰত বাস কৰা গৰিষ্ঠ সংখ‍্যক সাধাৰণ মানুহৰ মাজতো একো একোখন গ্ৰাম্য সমাজ আছে। মুষ্টিমেয় দুই-চাৰিজনৰ বাহিৰে এই মানুহবোৰে উত্তৰ-আধুনিকতাবাদৰ নামটোকেই শুনা নাই– লিয়োটাৰ, বদ্ৰিলা, ফাৰ্দিনান্দ চজ‍্যুৰ, ডেৰিডা, ৰোঁলা বাৰ্থ, মিশ্বেল ফুকো আদি প্ৰবক্তাবোৰৰ নাম শুনাতোটো বহু দূৰৈৰ কথা; অথচ এই সাধাৰণ মানুহবোৰেই হ’ল মূল ভুক্তভোগী। এইসকল মানুহ অতিবাস্তৱবাদৰ চিকাৰ হৈছে, বিনিৰ্মাণৰ চিকাৰ হৈছে, অণু-সমাজবাদৰ চিকাৰ হৈছে যদিও সেইবোৰ খায় নে পিন্ধে তেখেতসকলে তাৰ উমানকেই পোৱা নাই। ফল(Effect) অনুভৱ কৰিছে, কিন্তু কাৰণ (Cause) ধৰিব পৰা নাই।
উত্তৰ আধুনিকতাবাদ দ্বিতীয় বিশ্বযুদ্ধোত্তৰ পুঁজিবাদৰ পৰিকল্পিত নিৰ্মাণ। বিশ্বায়নৰ যুগত ইয়াক ন ন অলংকাৰেৰে অলংকৃত কৰা হৈছে। এই নিৰ্মাণ আৰু অলংকৰণত কিছুমান বিচক্ষণ চিন্তাবিদক অভিযন্তা আৰু স্থপতি হিচাপে ব‍্যৱহাৰ কৰা হৈছে। উত্তৰ সমাজবাদ, উত্তৰ মাৰ্ক্সবাদ, উত্তৰ সত‍্য, উত্তৰ প্ৰাচ‍্যবাদ, অতি বাস্তৱবাদ, উত্তৰ-গাঁথনিবাদ, বিনিৰ্মাণ আদি আপাত দৃষ্টিত যৌক্তিক যেন লগা নতুন নতুন অৱাস্তৱ আৰু অবৈজ্ঞানিক তত্ত্ববোৰক সামাজিক আভিযান্ত্ৰিকতাৰে (Social Engineering) সজাই আধুনিকতকৈও আধুনিক দৰ্শন হিচাপে প্ৰতিষ্ঠা কৰি পুঁজিবাদৰ শোষণ আৰু আধিপত‍্যক ন‍্যায‍্যতা দিয়াটোৱেই হ’ল উত্তৰ আধুনিকতাবাদৰ মূল উদ্দেশ্য।
সাধাৰণ মানুহক তেখেতসকলৰ অজ্ঞাতে আৰ্থিক আৰু ৰাজনৈতিক জীৱনত ( সাহিত্য সৃষ্টিৰ ক্ষেত্ৰখনক বাদ দি) বিনিৰ্মাণ তত্ত্বই কেনেকৈ প্ৰভাৱিত কৰিছে তাক অলপ ফঁহিয়াই চাবলৈ চেষ্টা কৰিব পাৰি। আধুনিক পুঁজিবাদী সমাজ ব‍্যৱস্থাত কেন্দ্ৰত কৰ্পোৰেট সকল থাকে। পৰিধিত থাকে শ্ৰমিক, কৃষক, ভূমিহীন আৰু খেতমজুৰ সকল। মধ‍্যম স্থানত থাকে মধ‍্যবিত্ত শ্ৰেণী। যিমানেই পুঁজিৰ কেন্দ্ৰীভৱন হয় সিমানেই কৰ্পোৰেট সকলৰ পুঁজি আৰু ক্ষমতা বাঢ়ি আহে আৰু এই প্ৰক্ৰিয়াই বাকীবোৰ শ্ৰেণীক কেন্দ্ৰৰ পৰা আঁতৰাই পঠিয়াই। উচ্চ মধ‍্যবিত্ত নিম্ন মধ‍্যবিত্ত হয়, নিম্ন মধ্যবিত্ত গৰিব শ্ৰেণীত সোমায়। ধনী কৃষক মজলীয়া কৃষক হয়, মজলীয়া কৃষক গৰিব কৃষক হয়, গৰিব কৃষক খেতমজুৰ হয়, বিভিন্ন প্ৰকাৰৰ শ্ৰমিক হয়, এক বিশাল কৰ্মসংস্থানহীন বাহিনীৰ সৃষ্টি হয়। এয়াই হ’ল বিশ্বায়নৰ কৰ্পোৰেট পুঁজিবাদী সমাজ ব‍্যৱস্থাৰ স্বাভাৱিক গাঁথনি। বিনিৰ্মাণ তত্ত্বই এই গাঁথনিত এক আচহুৱা সংযোজন ঘটাই পুঁজিবাদী শোষণ-শাসন সম্পৰ্কত অৰ্থনৈতিক ক্ষেত্ৰত এক নতুন বাক্‌ধাৰাৰ সৃষ্টি কৰিছে। বিনিৰ্মাণ বাক্‌ধাৰাৰ মতে সমাজৰ সকলো শ্ৰেণীৰ মাজত কেন্দ্ৰত অৱস্থান কৰাৰ এক বাসনা বা লোভ নিহিত হৈ থাকে। অকল শ্ৰেণীয়েই নহয় বিভিন্ন জনগোষ্ঠী আৰু জনসমষ্টিৰ মাজতো এই বাসনা বিদ‍্যমান। উদাহৰণ হিচাপে আমাৰ সমাজ ব‍্যৱস্থাত নাৰীসমাজৰ স্থান একেবাৰে প্ৰান্তত, সেয়েহে নাৰীসমাজৰ মাজত কেন্দ্ৰত অৱস্থান কৰাৰ বাসনা বৰ প্ৰৱল। এই বাসনাৰ তাড়নাত অৰ্থনৈতিকভাৱে প্ৰান্তত থকা শ্ৰেণীসমূহেও গাঁথনিটোৰ কেন্দ্ৰত প্ৰৱেশ কৰাৰ এক প্ৰতিযোগিতাত অৱতীৰ্ণ হয় অৰ্থাৎ শ্ৰেণী সংগ্ৰাম নহয় শ্ৰেণী প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এই নেৰেটিভটোক কৰ্পোৰেট পুঁজিবাদে সৰ্বসাধাৰণৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনত কেনেকৈ প্ৰয়োগ কৰিছে তাক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে।
আমাৰ গাঁৱলীয়া দুখীয়া পৰিয়ালবোৰৰ প্ৰায় চল্লিশ শতাংশই কিবা নহয় কিবা চৰকাৰী আঁচনিৰ হিতাধিকাৰী হৈছে (মহিলা সকলৰ মাজত হিতাধিকাৰীৰ সংখ্যা অলপ বেছি)। বাকী প্ৰায় ষাঠি শতাংশ‌ই হিতাধিকাৰী হ’ব পাৰিব বুলি আশা পালি থকাৰ এক পৰিবেশ নিৰ্মাণ কৰা হৈছে।হিতাধিকাৰী একোটা পৰিয়ালে মাহত বাৰশ পঞ্চাশ টকাৰ পৰা আৰম্ভ কৰি চাৰি হেজাৰ টকালৈকে ধন লাভ কৰিছে। সেইকেইটা টকাৰে পৰিয়াল এটা নচলে যদিও আপত দৃষ্টিত তেখেত সকলক সন্তুষ্ট যেন লাগে। তেখেত সকলৰ মাজত ‘Something for nothing’ ৰ আচহুৱা আৰু অতি-বাস্তৱ(Hyper real) ধাৰণা এটা নিৰ্মাণ কৰা হৈছে। আগৰ ‘Something is better than nothing’ (নাই মোমাইতকৈ কণা মোমাই ভাল) ৰ ধাৰণা বাতিল কৰা হৈছে। বিভিন্ন বেচৰকাৰী সংগঠন(NGO), আত্ম সহায়ক গোট, বিভিন্ন সঞ্চয় গোট আদিয়েও এই ধাৰণাটোক বিভিন্ন ধৰণে ইন্ধন যোগাইছে। ইয়াৰ সমান্তৰালভাৱে আৰু এটা ধাৰণা নিৰ্মাণ কৰা হৈছে যে যেনে তেনে প্ৰকাৰে আৰু অলপ টকা আৰ্জিব পাৰিলে অৰ্থনৈতিক ব‍্যৱস্থাটোৰ কেন্দ্ৰৰ কিছু ওচৰ চাপিব পৰা যায়, আৰ্থিকভাৱেও, সামাজিক মৰ্যাদাৰ ফালৰ পৰাও। ফলত সাধাৰণ মানুহৰ মাজত অন‍্যায়, অবিচাৰ, দুৰ্নীতি, মিছা প্ৰলোভন আদিৰ প্ৰতি সহনশীলতা বাঢ়ি আহিছে। তেখেতসকলৰ সৰহসংখ্যকৰ মনত ৰাজনৈতিক মূল‍্যবোধ, সততা, সংস্কৃতি আদি কথাবোৰ গৌণ হৈ পৰিছে। শাসকীয় দলৰ সকলো কথাকেই সমৰ্থন নকৰিলেও তাৰ বিৰোধিতা কৰাৰ প্ৰয়োজনো তেখেতসকলে আৱশ্যক বুলি বিবেচনা নকৰাৰ পৰিবেশ এটা নিৰ্মাণ হোৱাত এক ৰাজনৈতিক স্থিতাৱস্থাৰ সৃষ্টি হৈছে।
উত্তৰ আধুনিকতাবাদৰ আন এটা উপাদান অণু-সমাজবাদৰ প্ৰভাৱ সাধাৰণ মানুহৰ জীৱনত বাৰুকৈয়ে পৰিছে। অণু-সমাজবাদে জ্ঞান, ভাষা, সংস্কৃতি আদিক সামাজিক শ্ৰমৰ সৃষ্টি বুলি গণ্য নকৰে। ব‍্যক্তি আৰু পৰিয়ালৰ অভিজ্ঞতা আৰু দৃষ্টিভংগীয়েহে এইবোৰ সৃষ্টি কৰে বুলি যুক্তি দাঙি ধৰে। অণু-সমাজবাদে সমাজৰ পৰিবৰ্তন সাধিবলৈ কোনো বৃহৎ দলবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজনক স্বীকাৰ নকৰে, বৰঞ্চ ব‍্যক্তিগত বা স্থানীয় পৰ্যায়ত নিজৰ নিজৰ সমস্যাসমূহ সমাধান কৰিব পাৰি বুলি জনসাধাৰণক প্ৰত‍্যয় নিয়াব খোজে। অৰ্থাৎ সমাজতন্ৰ প্ৰতিষ্ঠা কৰিবলৈ কোনো বৃহৎ গণ আন্দোলনৰ প্ৰয়োজন নাই, বৃহৎ ৰাজনৈতিক-অৰ্থনৈতিক প্ৰচেষ্টাৰো প্ৰয়োজন নাই। কুৰি শতিকাৰ নব্বৈৰ দশকলৈ অণু-সমাজবাদৰ বিশেষ প্ৰভাৱ আমাৰ গাঁৱলীয়া সমাজখনত পৰিলক্ষিত হোৱা নাছিল। ব‍্যক্তিগত বা পাৰিবাৰিক সমস্যাবোৰৰ সমাধানৰ সামাজিক বা ৰাজহুৱা প্ৰচেষ্টা চলিছিল। কাৰোবাৰ বিয়া এখন পৰিচালনা কৰিবলৈ বিয়াৰ আগত গঞা ৰাইজক ঘৰলৈ আমন্ত্ৰণ কৰি আলোচনা অনুষ্ঠিত কৰা হৈছিল। ৰভা নিৰ্মাণৰ পৰা বিয়াৰ অভ‍্যৰ্থনালৈ সকলোখিনিয়েই ৰাজহুৱা উদ‍্যোগতেই হৈছিল। পৰিয়ালকেন্দ্ৰিক বিবাদবোৰৰ সমাধানো ৰাজহুৱা প্ৰচেষ্টাতেই হৈছিল। ৰাস্তা-ঘাটৰ নিৰ্মাণ আৰু মেৰামতিও ৰাজহুৱা উদ‍্যোগতেই হৈছিল। গধূলি ৰাস্তাত জুম বান্ধি মানুহবোৰে সুখ-দুখৰ কথা পাতিছিল। গঞা ৰাইজৰ মাজত এক সামাজিক আত্মীয়তা গঢ়ি উঠিছিল। আজিকালি ব‍্যক্তিগত সমস্যা ব‍্যক্তিগত পৰ্যায়ত সমাধানৰ প্ৰচেষ্টা চলে, পাৰিবাৰিক সমস্যা পৰিয়ালতেই সোমাই থাকে। কাষৰ ঘৰ মানুহেও কাষৰ ঘৰ মানুহৰ সমস্যাৰ খবৰ নাপায়। এতিয়া গাঁৱৰ সমাজখনত বেৰৰ কাণ নোহোৱা হৈছে। লিভাৰ নষ্ট হৈ ডেকা ল’ৰাজনৰ মৃত্যু নোহোৱা পৰ্যন্ত কাষৰ মানুহঘৰে গমেই নাপায় যে ল’ৰাজন নিচাসক্ত আছিল। এতিয়া গাঁৱত সংঘ গঢ়ি নুঠে, পুথিভঁৰাল গঢ়ি নুঠে। বিহুৰ অনুষ্ঠানবোৰো ক্ৰমশঃ বিত্তশালী সকলৰ পৃষ্ঠপোষকতাতহে অনুষ্ঠিত হ’বলৈ লৈছে। মাঘ বিহুৰ উৰুকাও পৰিয়ালৰ আখলত সোমাই পৰিছে। ভেলাঘৰ, ভেলাপুঁজিবোৰতো ৰাজহুৱা উদ‍্যোগ ক্ৰমাৎ কমি আহিছে। আমাৰ ভাষা-সংস্কৃতি যে ক্ৰমাৎ বীজতৰীয়া হৈ আহিছে তালৈ কাণসাৰ দিবলৈ গৰিষ্ঠ সংখ্যকৰেই আহৰি নাই। গাঁৱৰ নতুন প্ৰজন্মটো এলাইবাদু হ’ল, গাঁৱৰ মানুহবোৰ সোৰোপা হ’ল, নতুন প্ৰজন্ম সামাজিক দায়বদ্ধতাৰ প্ৰতি আওকণীয়া হ’ল বুলি আমি তথাকথিত শিক্ষিত আৰু সচেতন সকলে চহৰত থাকি আটাহ পাৰি থাকোঁ। বছৰেকত এবাৰ নিজৰ গাঁওখনলৈ গৈ মাইকত ‘অসমীয়া সংস্কৃতি আৰু নতুন প্ৰজন্মৰ দায়িত্ব’ ৰ ওপৰত দুঘন্টা বক্তৃতা দি চহৰৰ ঘৰলৈ ঘূৰি আহি শুই শুই ভাবি থাকোঁ যে পুঁজিবাদসৃষ্ট অণু-সমাজবাদেও শুই থাকিব। পুঁজিবাদী দৰ্শনে শুই নাথাকে, পুঁজিবাদী দৰ্শন সদাজাগ্ৰত হৈ থাকে। অণু-সমাজবাদৰ দৰ্শনে গাঁৱলীয়া সমাজখনক একাকিত্বৰ ফালে ঠেলি নিছে, অথচ গঞা জনসাধাৰণৰ গৰিষ্ঠ অংশ‌ই অণু-সমাজবাদৰ নামটোকেই শুনা নাই। এয়াই পুঁজিবাদৰ সামাজিক অভিযান্ত্ৰিকতা।
জ্ঞান-বিজ্ঞান সম্পৰ্কত উত্তৰ আধুনিকতাবাদী দৰ্শন সংশয়বাদী, কিন্তু বিজ্ঞানৰেই সৃষ্টি প্ৰযুক্তিবিদ্যাৰ ওপৰত উত্তৰ আধুনিকতাবাদৰ গভীৰ বিশ্বাস। অৰ্থাৎ বিজ্ঞানৰ ক্ষেত্ৰত উত্তৰ আধুনিকতাবাদ একেবাৰেই স্ববিৰোধী। গতি বা পৰিবৰ্তনৰ বাহিৰে কোনো সত‍্যকেই বিজ্ঞানে চৰম সত‍্য বুলি মানি নলয়। বিজ্ঞানৰ যাত্ৰা এক অন্তহীন প্ৰক্ৰিয়া। বিজ্ঞানৰ যাত্ৰা হ’ল অজ্ঞতাৰ পৰা আংশিক জ্ঞানলৈ, আংশিক জ্ঞানৰ পৰা আপেক্ষিকভাৱে পূৰ্ণজ্ঞানলৈ, পুৰণি ধাৰণাৰ আসোঁৱাসমূহ আঁতৰাই তাক বস্তুনিষ্ঠ আৰু সময়োপযোগী ধাৰণালৈ ৰূপান্তৰিত কৰাৰ এক অবিৰত যাত্ৰা। পুঁজিবাদে নিজৰ মুনাফাৰ বাবে বিজ্ঞানক ব‍্যৱহাৰ কৰে, কিন্তু সৰ্বসাধাৰণৰ মাজত বিজ্ঞানৰ প্ৰসাৰক সৰ্বতোপ্ৰকাৰে বাধা দিয়ে। পুঁজিবাদৰ এই কৌশলটোৰ মূখ্য পৃষ্ঠপোষকতাৰ ভূমিকা পালন কৰে উত্তৰ আধুনিকতাবাদে। প্ৰযুক্তিবিদ্যাৰ ওপৰত আস্থা ৰাখি বিজ্ঞানৰ ওপৰত সন্দিহান হ’বলৈ শিকায় উত্তৰ আধুনিকতাবাদে। এই দৰ্শনৰ মতে বিজ্ঞানে সকলো কথা বাখ্যা কৰাৰ ক্ষমতা কেতিয়াও অৰ্জন কৰিব নোৱাৰে।
এই ধাৰণাই মানুহৰ মাজত অন্ধবিশ্বাস, কুসংস্কাৰ আদিক উৎসাহিত কৰে। উদাহৰণ হিচাপে ধৰি লোৱা হ’ল যে এজন মানুহে বাইক এখন কিনিলে। বাইকখনৰ আঁৰত থকা প্ৰযুক্তিবিদ্যাৰ ওপৰত আস্থা ৰাখিয়েই বাইকখন কিনিছে। বাইকখন কিবা দুৰ্ঘটনাত পতিত‌ হ’ব পাৰে নে নোৱাৰে তাক বিজ্ঞানে আগতীয়াকৈ কৈ দিব নোৱাৰে। গতিকে মানুহজনে বাইকখনক মালা এধাৰি পিন্ধায়, ৰঙা ফোট এটা পিন্ধায়, মন্দিৰ-মছজিত প্ৰাৰ্থনা কৰি সম্ভাব্য বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰে। উত্তৰ আধুনিকতাবাদে এনে ধৰণৰ অবৈজ্ঞানিক মানসিকতাক উৎসাহিত কৰে।
গাঁৱৰ সৰ্বসাধাৰণৰ মাজত উত্তৰ-সত‍্যৰ প্ৰভাৱৰ কথা অলপ ক’বলৈ লৈছোঁ। উত্তৰ-সত্য উত্তৰ আধুনিকতাবাদৰ লগত প্ৰত‍্যক্ষভাৱে সম্পৰ্কিত নহয় যদিও ই উত্তৰ আধুনিকতাৰ পৰা বিচ্ছিন্ন‌ নহয়। উত্তৰ-সত্য হ’ল অতিসাম্প্ৰতিক এক ৰাজনৈতিক সংস্কৃতি( দুস্কৃতি!) বা কৌশল। এই শতিকাৰ দ্বিতীয় দশকৰ মাজভাগতহে ইয়াৰ জন্ম। ডোনাল্ড ট্ৰাম্পৰ প্ৰথম বাৰৰ শাসনকালত মানুহে মূলতঃ উত্তৰ-সত‍্য‌ৰ পৃথিৱীখনত প্ৰৱেশ কৰিছে। আন্তৰ্জাতিক পুঁজিৰ আগ্ৰাসনৰ বিৰুদ্ধে মানুহ বিক্ষুব্ধ হৈছে, কিন্তু এই বিক্ষোভ যাতে সংগঠিত ৰাজনৈতিক বিক্ষোভলৈ ৰূপান্তৰিত নহয় তাৰ বাবে শাসক গোষ্ঠীয়ে সমাজৰ মূল সমস্যাসমূহক আঁতৰত ৰাখি অগৌণ সমস্যাসমূহক মূখ্য সমস্যা হিচাপে দাঙি ধৰিবলৈ ন ন বিষয় বা ইছুৰ সৃষ্টি কৰিছে। কাল্পনিক ইছুবোৰত বিভিন্ন তথ্য আৰু ৰহণ সানি সেইবোৰকেই মূখ্য বুলি বুলি সমাজত বিয়পাই দিয়া হৈছে। এইবোৰ মিছাক সঁচা প্ৰতিপন্ন কৰিবলৈ বিভিন্ন প্ৰযুক্তি, বিভিন্ন সামাজিক মাধ‍্যম, ইউ-টিউব, কৃত্ৰিম বুদ্ধিমত্তা, সামাজিক-ৰাজনৈতিকভাৱে প্ৰতিস্থিত চতুৰ প্ৰবক্তা আদিক ব‍্যৱহাৰ কৰা হৈছে। বৰ্তমান তিনিটা মূল সমস্যাই আমাৰ সাধাৰণ গাঁৱলীয়া মানুহক জুৰুলা কৰিছে- কৰ্মসংস্থানহীনতা, ভূমিহীনতা আৰু ক্ৰয়ক্ষমতাহীনতা।
আজিৰ তাৰিখত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা চল্লিশ লাখৰ কম নহয়। ইয়াৰ বাবে দায়ী পুঁজিবাদী সমাজব‍্যৱস্থা। বিৰাট বিৰাট উদ‍্যোগৰ সপোনত মছগুল অহমখনত বৃহৎ উদ‍্যোগৰ অংকটো হ’ল ০. ০১% মাত্ৰ। ৰাইজে ক্ষোভ বা উদ্বিগ্নতা প্ৰকাশ কৰিলে শাসক-শোষক চক্ৰ‌ই উত্তৰ-সত‍্যৰ আশ্ৰয় লৈ ইয়াৰ বিভিন্ন মিছা কাৰণ বাখ্যা কৰে, যেনে আমাৰ মানুহবোৰ ঘৰগোনা, সোৰোপা, কষ্টবিমুখ। ইয়াত বলে নোৱাৰিলে কোৱা হয় যে বহিৰাগত‌ই আমাৰ অসমখন ছানি ধৰিছে। মানুহ আৱেগত উথলি উঠে, উগ্ৰ জাতীয়তাবাদ শক্তিশালী হৈ উঠে, মূল সমস্যাটো ক’ৰবাত ছিটিকি পৰে, শাসক- শোষক চক্ৰ লাভৱান হয়।
অসমত ক‌ষিযোগ‍্য ভূমিৰ পৰিমাণ হ’ল প্ৰায় ত্ৰিশ লাখ হেক্টৰ আৰু তাৰ ৯৮.৭৭% মাটি আছে গাঁওত। এক বেচৰকাৰী সমীক্ষা মতে অসমৰ প্ৰায় ৫০ শতাংশ গ্ৰাম্য পৰিয়ালৰ নিজৰ খেতিমাটি নাই। ২০ শতাংশ দুখীয়া পৰিয়ালৰ বস্তিমাটিৰ কোনো নথি-পত্ৰ নাই। এই পৰিয়ালবোৰৰ বহুতেই বানপানী, গৰাখহনীয়াত ভেটিমাটিৰ পৰা উচ্ছন্ন হৈ চৰকাৰী খাচ মাটিত আশ্ৰয় ল’বলগীয়া হয় আৰু আইনী দৃষ্টিত বেদখলকাৰী হৈ পৰে। যেতিয়া কৃষক সমাজে ভূমি সমস্যাৰ সমাধান বিচাৰি ঐক্যবদ্ধ হ’ব বিচাৰে তেতিয়াই কৃষক সমাজৰ সমুখত কাল্পনিক শত্ৰুক থিয় কৰোৱা হয়। এক নিৰ্দিষ্ট সম্প্ৰদায় বা জনগোষ্ঠীক অসমীয়া কৃষকৰ শত্ৰু হিচাপে দাঙি ধৰা হয়। মানুহ আৱগত উথলি উঠে, মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হয়, শাসক-শোষক শ্ৰেণী লাভৱান হয়।
আমাৰ গ্ৰাম‍্যাঞ্চলৰ সৰু সৰু চ’কবোৰত একোখন বজাৰ গঢ়ি উঠিছে। একো কাম নাই বাবে ধাৰ-ঋণ লৈ হ’লেও মানুহে একোখন দোকান দিছে, ই-ৰিক্সা কিনিছে, চাৰিচকীয়া গাড়ীও কিনিছে কিবা অলপ উপাৰ্জন কৰিম বুলি। সকলোৰে মুখত এটাই কথা—”বিক্ৰী-পত্তা কমি আহিছে”। সুধিলে কয়—-”মানুহৰ হাতত প‌ইচা নাই, উঠনাকৈ বস্তু বিচাৰে, অলপ-অচৰপ প‌ইচা থকা সকলে চহৰত বজাৰ কৰে, অনলাইন বজাৰ কৰে, বৃহৎ কোম্পানীবোৰে ঘৰে ঘৰে বস্তুৰ যোগান ধৰে ইত্যাদি ইত্যাদি”। তেখেতসকলক যদি সোধা হয় যে মানুহৰ হাতৰ প‌ইচাবোৰ কলৈ গৈছে? গৰিষ্ঠ সংখ‍্যকৰ হাতত তাৰ কোনো উত্তৰ নাই। তেখেতসকলেতো নাজানে যে আমাৰ দেশৰ সম্পদৰ ৪০ শতাংশই ১ শতাংশ অতিধনীৰ হাতত জমা হৈছে। দেশৰ ১০ শতাংশ অতিধনীয়ে ৭২.৭৫ শতাংশ সম্পদ নিজৰ নিয়ন্ত্ৰণত ৰাখিছে। সৰ্বসাধাৰণৰ গৰিষ্ঠ অংশ‌ই নাজানে যে তেখেতসকলে প্ৰতিপদ বস্তুতেই চৰকাৰক টেক্স দি আছে, টেক্সত অকণো ৰেহাই নাই; অথচ দেশৰ অতিধনী সকলক চৰকাৰে বছৰি তেৰ-চৈধ্য লাখ কৌটি টকাৰ টেক্স ৰেহাই কৰি দিছে। এইফালে আম্বানী, আদানী, টাটা আদিৰ চৰকাৰী বন্দনা চলি আছে, বেচৰকাৰী‌ বন্দনাও চলি আছে। এইবোৰ কথা ৰাইজক কোনে ক’ব? ৰাইজে ঠেকি শিকিব নে দেখি শিকিব? ৰাইজে সাজি-কাচি ওলোৱা মিছাকেই সঁচা বুলি ল’ব নে সঁচাৰ অনুসন্ধান কৰিব? ধুঁৱলী-কুঁৱলী এই পৰিবেশত সঁচাৰ সন্ধানৰ বাট কোনে দেখুৱাব? নিশ্চয় এক সংগঠিত সুস্থ ৰাজনৈতিক জনজাগৰণৰ প্ৰয়োজন হৈছে। ইয়াৰ নেতৃত্ব নিশ্চিতভাৱে যুৱসমাজে ল’ব লাগিব। অভিজ্ঞ বয়স্কসকলে নিশ্চিতভাৱে উপদেষ্টাৰ ভূমিকা ল’ব। এয়াই আজিৰ সময়ৰ দাবী।

Scroll to Top