মহাপুৰুষ শঙ্কৰদেৱে আমাক কি দি গল? গুৰুজনাই আমাক দি থৈ গল শিল্প, সাহিত্য, গীত, নাটক, ক্ৰিড়া, সংস্কৃতি আৰু ধৰ্ম – একশৰণ ধৰ্ম। এই পৃথিৱীত সগৌৰৱে জীয়াই থাকিবলৈ অসমীয়াক জাতি হিচাপে যি লাগে সকলো দি গৈছে গুৰুজনাই। তেখেতৰ ভাওনাৰ জৰিয়তেই অসমত নাট্য চৰ্চাৰ আৰম্ভণি। নিজ হাতে লিখি গল “ৰাম বিজয়”। তেখেতৰ অংকীয়া নাটৰ আলমতে জন্ম কতনা ভাওনা – “সীতা হৰণ বালি বধ”, “ৰাৱণ বধ” ইত্যাদি ইত্যাদি। ভাওনাত ৰামৰ গুণানুকীৰ্তন। ৰাইজে নাম প্ৰসংগ কৰিছে, ” জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি”। ভকতে সেৱা লৈছে, আশীৰ্বাদ দিছে “আও হৰি, আও ৰাম”। দশোদিশ মুখৰিত কেৱল ৰাম, হৰি ৰাম! আপুনি এক শৰণ ধৰ্ম পন্থাৰ নহলেও কিন্তু আপুনি গাঁৱত নামঘৰ বা ঘৰত গোঁসাই ঘৰ পাতিছে। সেইয়া গুৰুজনাৰেই সৃষ্টি। থাপনাত স্থাপন কৰিছে তেওঁৰেই বিৰচিত কীৰ্তন/গুণমালা, তাতো সেই ৰাম নাম! আন নহলেও অন্ততঃ আপুনি হৰিনাম বা বৰগীতৰ সুৰ শুনি, ভাওনাৰ অপৰূপ কলা দেখি বিমূহিত হৈছে বা তাৰ ভাগ লৈছে।
এতিয়া লক্ষণীয় কথাটো হল, যোৱা কিছু বছৰত ভগৱান ৰামক কিবা যেন নতুন ৰূপ দি আমাৰ আগত, আমি অসমবাসী ৰাইজৰ আগত উপস্থাপন কৰিবলৈ দেধাৰ চেষ্টা কৰা হৈছে। আমিনো বাৰু ৰামক নিচিনোনে? ব্ৰিটিছে আমাৰ ইয়াৰ কপাহ ইংলেণ্ডলৈ নি, কাৰখানাত কাপোৰ তৈয়াৰ কৰিছিল। সেই কাপোৰ আমাকেই আকৌ নতুন ৰূপত তথা চৰা দামত বেচিছিল। নাগপুৰীয়া বেপাৰীয়ে সেই একেই চেষ্টাই কৰি আছে। আমাৰ হাড়ে হিমজুৱে সোমাই থকা ৰামৰ আদৰ্শক নতুন ৰূপত বেপেৰুৱা ধৰণে আমাক পৰিৱেশন কৰিছে, ৰাজনৈতিক মেৰুকৰণৰ বাবে। কাৰণ “আও হৰি, আও ৰাম”ত গুৰুজনাই নগাৰ নৰোত্তমৰ পৰা আৰম্ভ কৰি মুচলমানৰ চান্দসাইলৈকে সমাহিত কৰি গৈছে। এইধৰনে একতা আৰু সদ্ভাৱনাৰে ৰামৰ আদৰ্শক জীয়াই ৰাখিলে মৌলবাদী ৰাজনৈতিক শক্তিৰ ভাত নিষিজে।
পৰিতাপৰ কথা, এইখন অসমৰে কিছু নেতা/ৰাইজে কিবা ৰাগীত মতলীয়া হৈ যেন ৰামক হঠাৎ নতুনকৈ আৱিষ্কাৰ কৰিছে, আমাকো বুজাইছে, সিকাইছে চিঞৰিবলৈ “জয় শ্ৰী ৰাম”; “আও হৰি, আও ৰাম” নহয়। কিছুমান ভোজপুৰী ডিস্কো গীত উচ্চ স্বৰত বাজিছে চৌদিশে,”ভাৰত কা বৎচা বৎচা, জয় জয় শ্ৰী ৰাম ব’লেগা”। ঘাইপথ ভিৰ কৰি ৰাস্তাত ৰেলি উলিৱাইছে। সকলোৱে উদ্দাম নৃত্য কৰিছে। সেই ভিৰত বন্দী হৈ ৰৈছে স্কুল বাছ, এম্বুলেন্স আদি। কিমান যে দূৰ্ভাগ্যজনক ভাবে হাস্যকৰ এই অপচেষ্টা! এইয়ানো বাৰু ৰামৰ আদৰ্শনে? ইয়াৰ উপৰিও নিস্বয় আপোনালোকে লক্ষ্য কৰে যে আমি গৰু বিহু উদযাপন কৰি গৰুক চেনেহ কৰা অসমীয়াক নাগপুৰীয়া কোম্পানীয়ে “গো পূজন” শিকোৱাৰ অপচেষ্টা কৰিছে। এচাম শিক্ষিত, সুবিধাবাদী তথা নিজস্বতাহীন লোকে ইয়াত হয় হুজুৰ দি মূৰ দুৱাই ভৰিত লগাই দিছে। আমি গৰু, ছাগলী বা আন পশুধনক অত্যন্ত মৰম কৰো, সিহঁতৰ মঙ্গলৰ কাৰণে কেছেলেপা কলৰে গোপাল ভোগ দিও, গৰখীয়া সকাম পাতো। এই ধৰণৰ “গো পূজন”, “জয় শ্ৰী ৰাম” আদি আমাৰ কাৰণে কিছুমান ৰাজনৈতিক স্বাৰ্থত আমদানিকৃত অপসংস্কৃতিৰ বাদে আন একো নহয়!
আমাৰ সকলো আছিল, সকলো আছে। জগত গুৰু শঙ্কৰদেৱৰ দৰে এজন জাতিৰ প্ৰবাদ পুৰুষ আছে। তেখেতৰ আদৰ্শৰে আমি আগ বাঢ়ো। ৰাম নাম লৈ দেহ মনক পবিত্ৰ কৰো। প্ৰেম, ভাতৃত্ববোধ তথা ধৰ্মীয় সহনশীলতাৰে আমি জীয়াই থাকো। নিজৰ সংস্কৃতিক পাহৰি আনৰ ৰাজনৈতিক প্ৰৰোচনা তথা ক্ষুদ্ৰস্বাৰ্থৰ বাবে মহিমামণ্ডিত অসমীয়া জাতিৰ আত্মসন্মান আমি লাঘৱ কৰাটো একেবাৰে অনুচিত।
জয় গুৰু শঙ্কৰ।।
